শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা অম্বুবাচী মহা যোগ অনুষ্ঠিত হ’ব। ২২ জুনৰ বিয়লি ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ’ব। ২৫ জুনৰ শেষ নিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি হ’ব। ২৬ জুনৰ পুৱা ৰীতি-নীতিৰে দেৱীৰ স্নান পৰ্ব, নিত্য পূজা সমাপনৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব। গুৱাহাটীৰ পল্টন বজাৰৰ পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত কালি পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত ২৪ টা বিভাগৰ সৈতে অম্বুবাচী মহাযোগ সন্দৰ্ভত এখন প্রস্তুতি বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ পাছত আয়োজিত সংবাদমেলত মন্ত্ৰীগৰাকীয়ে পৰ্যটন বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশাসনলৈ অম্বুবাচীৰ বাবে ৪ কোটি ৫৫ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে অম্বুবাচী মহাযোগৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে কামাখ্যা মন্দিৰলৈ গৈ আগতীয়াকৈ সকলো দিশ পর্যবেক্ষণ কৰিব। ইয়াৰ পাছত দ্বিতীয়খন প্রস্তুতি বৈঠক অনুষ্ঠিত হ’ব বুলি তেওঁ উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে কয়, যে অম্বুবাচী মহাযোগৰ সময়ত শক্তিপীঠলৈ অহা ভক্তসকলক আদৰাৰ বাবে এটা নতুন কোষ গঠন কৰা হ’ব। সংবাদমেলত কামাখ্যা ধামৰ বৰ দলৈ কবিন্দ্র প্রসাদ শর্মাই অম্বুবাচী মহাযোগৰ বাবে মন্দিৰ কৰ্তৃপক্ষইও যাৱতীয় ব্যৱস্থা লৈছে বুলি উল্লেখ কৰে। তেওঁ কয়, যে ২৬ আৰু ২৭ জুনত কোনোধৰণৰ ভি আই পি, ভি ভি আই পি পাছ আৰু টিকটৰ ব্যৱস্থা নাথাকিব। এই দিন দুটাত শাৰী পাতি ৰৈ থকা সকলো ভক্তই দেৱী দৰ্শন কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে।