December 5, 2025 4:33 PM December 5, 2025 4:33 PM

views 9

ৰাজ্যসভাত বিমানবন্দৰসমূহত ইন্দিগ’ৰ বিমানসেৱা বাতিল সন্দৰ্ভত প্রশ্ন বিৰোধী সদস্যসকলৰ

■ ৰাজ্যসভাত আজি বিৰোধী পক্ষৰ সদস্যসকলে দেশৰ গুৰুত্বপূৰ্ণ বিমানবন্দৰসমূহত ইন্দিগ’ৰ বিমানসেৱা বাতিল সন্দৰ্ভত প্রশ্ন উত্থাপন কৰে। কংগ্ৰেছৰ সাংসদ প্রমোদ তিৱাৰীয়ে এই সম্পৰ্কত উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়, যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে এই ব্যক্তিগত বিমানসেৱাৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছে। ইপিনে, ৰাজ্যসভাৰ প্ৰশ্নকালত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰে'ললাইনৰ নিৰ্মাণকাৰ্য, সুৰক্ষা আদি সন্দৰ্ভত কেইবাগৰাকীও সদস্যই উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দিয়ে। অসমৰ ...

December 5, 2025 4:29 PM December 5, 2025 4:29 PM

views 5

অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰামমোহন নাইডুৰ সৈতে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ পর্যালোচনা বৈঠক

যোৱা মাহৰ শেষৰ পৰা ইণ্ডিগোৰ বিমান সেৱাৰ বেমেজালিৰ পৰিপ্ৰেক্ষিতত আজি অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰামমোহন নাইডুৰ সৈতে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ইণ্ডিগো বিমানৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠকৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে বিমান পৰিবহন সংস্থাটোক বিমান পৰিবহন পৰিচালনাৰ ক্ষেত্ৰত সমালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে বিমান সংস্থাটোক অনতিপলমে কাম-কাজ স্বাভাৱিক কৰাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিৰ বাবে যাত্ৰীৰ...

December 5, 2025 4:35 PM December 5, 2025 4:35 PM

views 8

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ দেশৰ কেইবাখনো ৰাজ্যত শীতপ্রবাহৰ পূৰ্বাভাস প্ৰকাশ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি দেশৰ কেইবাখনো ৰাজ্যত শীতপ্রবাহৰ পূৰ্বাভাস প্ৰকাশ কৰে। সেই অনুসৰি পাঞ্জাব, হাৰিয়ানা, পূৱ ৰাজস্থান আৰু ঝাৰখণ্ডত শীতৰ প্ৰভাৱ পৰিব। বতৰ বিজ্ঞান বিভাগে হিমাচল প্রদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু ওড়িশাৰ বিভিন্ন অঞ্চলত কুঁৱলি পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে। ইয়াৰোপৰি তামিলনাডু, পুডুচেৰী আৰু কাৰাইকলৰ বিভিন্ন অঞ্চলত বৰষুণ আৰু বজ্ৰপাতৰ আগলি বতৰা প্ৰকাশ কৰিছে। ইপিনে, আজি পুৱাৰ ভাগত দিল্লী এন চি আৰৰ বায়ুৰ গুণগত মান অতি নিম্নমানৰ হোৱা বুলি পঞ্জীয়ন কৰা...

December 5, 2025 4:26 PM December 5, 2025 4:26 PM

views 7

৯ ডিচেম্বৰত ৰাষ্ট্ৰপতি মুৰ্মুৱে কুশলী কাৰিকৰসকলক হস্তশিল্প বঁটা প্ৰদান কৰিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীত অহা ৯ ডিচেম্বৰত কুশলী কাৰিকৰসকলক হস্তশিল্প বঁটা প্ৰদান কৰিব। অনুষ্ঠানত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং আৰু ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব। বস্ত্ৰ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে হস্তশিল্পৰ কাৰিকৰসকলৰ অসামান্য প্রতিভাক স্বীকৃতি দিয়াৰ হকে এই বঁটা প্ৰদান কৰা হ'ব। ইয়াৰ জৰিয়তে দেশৰ বৰ্ণাঢ্য হস্তশিল্পৰ ঐতিহ্যক সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰ নিশ্চিত কৰা হ'ব। ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উদযাপনৰ অংশ হিচাপে এ...

December 5, 2025 2:46 PM December 5, 2025 2:46 PM

views 11

ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে অহা ১০ ডিচেম্বৰত ছহিদ দিৱস পালন কৰা হ’ব

● ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে অহা ১০ ডিচেম্বৰত ছহিদ দিৱস পালন কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেইদিনা গুৱাহাটীৰ বৰাগাঁৱত অসম আন্দোলনৰ ছহিদসকলৰ স্মৃতিত নিৰ্মাণ কৰা ছহিদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব। পূৰ্বতে গৃহমন্ত্রী অমিত শ্বাহ এই কার্যসূচীলৈ অহাৰ কথা আছিল যদিও এতিয়া স্মাৰক ক্ষেত্ৰ উদ্বোধনী অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী উপস্থিত থাকিব বুলি ৰাজ্য চৰকাৰৰ সূত্ৰত প্ৰকাশ। এই অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি পূর্ণগতিত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ঐতিহাসিক অসম আন্দোলনৰ ছহিদসকলৰ প্ৰতি সন্...

December 5, 2025 12:51 PM December 5, 2025 12:51 PM

views 12

গোলকীয় অনিশ্চয়তাৰ মাজতো ভাৰত-ৰাছিয়াৰ সম্পৰ্ক গভীৰ হৈয়েই আছেঃ প্ৰতিৰক্ষা মন্ত্ৰী

● ৰাছিয়াক ভাৰতৰ বিশেষ আৰু কৌশলগত অংশীদাৰ বুলি অভিহিত কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে গোলকীয় অনিশ্চয়তাৰ মাজতো ভাৰত-ৰাছিয়াৰ সম্পৰ্ক গভীৰ হৈয়েই আছে। নতুন দিল্লীত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছ'ভৰ সৈতে সামৰিক আৰু সামৰিক কাৰিকৰী সহযোগিতাৰ ২২ সংখ্যক ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী আয়োগৰ মন্ত্ৰী বৈঠকৰ সহ-অধ্যক্ষতা কৰাৰ সময়ত তেওঁ এইদৰে কয়। শ্রীসিঙে কয় যে ২০০০ চনত ভাৰত-ৰাছিয়া কৌশলগত অংশীদাৰিত্ব ঘোষণা পত্ৰ স্বাক্ষৰিত হোৱাৰ পিছৰে পৰা দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহয...

December 5, 2025 12:47 PM December 5, 2025 12:47 PM

views 19

নতুন শ্রম সংহিতাই সমগ্ৰ দেশৰ শ্ৰমিকৰ জীৱিকাত সুস্থিৰতা প্ৰদান কৰিব

● কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা নতুন শ্রম সংহিতাই সমগ্ৰ দেশৰ শ্ৰমিকৰ জীৱিকাত সুস্থিৰতা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাই প্রকাশ কৰা প্ৰতিবেদন অনুসৰি এই নতুন সংস্কাৰে দেশৰ শ্ৰমিকসকলক প্রত্যক্ষ সুবিধা প্রদান কৰিছে। এই শ্রম সংস্কাৰৰ জৰিয়তে চৰকাৰে দেশৰ বিভিন্ন খণ্ডত শ্রমিক শাসন ব্যৱস্থা শক্তিশালী কৰিছে। এই সংস্কাৰৰ অধীনত কোনো নিয়োগকাৰীয়ে কৰ্মচাৰীক ন্যূনতম মজুৰিতকৈ কম দৰমহা দিব নোৱাৰিব। সাধাৰণ কৰ্ম সময়ৰ বাহিৰত কৰা কামৰ ক্ষেত্ৰত নিয়মীয়া মজুৰি হাৰতকৈ দুগুণ ক্ষতিপূৰণ দিব লাগিব। ল...

December 5, 2025 12:45 PM December 5, 2025 12:45 PM

views 7

বিদেশত থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা, নিৰাপত্তা, আৰু কল্যাণৰ বাবে সর্বোচ্চ অগ্ৰাধিকাৰ দিয়েঃ ড° এছ জয়শংকৰ

● বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কয় যে চৰকাৰে বিদেশত থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা, নিৰাপত্তা, আৰু কল্যাণৰ বাবে সর্বোচ্চ অগ্ৰাধিকাৰ দিয়ে আৰু অবৈধ অনুপ্ৰৱেশ আৰু মানৱ সৰবৰাহৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ কৰ্তৃপক্ষৰ সৈতে জড়িত হৈ আছে। ৰাজ্যসভাত কালি ড° জয়শংকৰে কয় যে ভাৰতীয় নাগৰিকক বিতাড়নৰ সৈতে জড়িত সকলো বিষয়তে ভাৰতে আমেৰিকাৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে কাম কৰে। তেওঁ সদনক অৱগত কৰে যে ২০০৯ চনৰ পৰা মুঠ ১৮ হাজাৰ ৮২২ ভাৰতীয় নাগৰিকক ভাৰতলৈ বিতাড়িত কৰা হৈছে। তেওঁ লগতে প্ৰকাশ কৰে যে চ...

December 4, 2025 9:02 PM December 4, 2025 9:02 PM

views 6

৬টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনক লৈ সমন্বয়ৰক্ষী সমিতিৰ দিছপুৰৰ জনতা ভৱনত মন্ত্ৰীগোটৰ অধ্যক্ষ ডা০ ৰণোজ পেগুৰ সৈতে আলোচনা

ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনক লৈ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আজি দিছপুৰৰ জনতা ভৱনত মন্ত্ৰীগোটৰ অধ্যক্ষ ডা০ ৰণোজ পেগুৰ সৈতে আলোচনাত মিলিত হয়। পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ মাজত ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা সম্পৰ্কেও আজিৰ বৈঠকত আলোচনা কৰা হয়। বৈঠকত ডা০ পেগুৱে মন্ত্রীগোটে জনোৱা অনুমোদনৰ উপৰি ইতিমধ্যে তালিকাভুক্ত অনুসূচীত জনজাতিৰ...

December 4, 2025 8:52 PM December 4, 2025 8:52 PM

views 10

ধেমাজি জিলাৰ কাৰেং চাপৰিত ৭ ডিচেম্বৰৰ পৰা ১১ জানুৱাৰীলৈ দশম মিচিং যুৱ মহোৎসৱ

ধেমাজি জিলাৰ কাৰেং চাপৰিত অহা ৭ ডিচেম্বৰৰ পৰা ১১ জানুৱাৰীলৈ দশম মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। এই মহোৎসৱত ২২ টা শাখাত হ'বলগীয়া বিভিন্ন সাংস্কৃতিক প্রতিযোগিতাত ছহেজাৰতকৈও অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব। এই উপলক্ষে কালি মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হ'বলগীয়া এই মহোৎসৱৰ জৰিয়তে মিচিং জনগোষ্ঠীক আৰ্থ সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক দিশত আগুৱাই নি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰাই দিয়াই মূল লক্ষ্য বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰে।