January 19, 2026 2:32 PM

views 10

এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় দুৰ্যোগ সহাঁৰি বাহিনী এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্রী মোদীয়ে কয় যে দেশে দুৰ্যোগৰ সময়ত নিষ্ঠা আৰু অবিচলভাৱে নিজৰ বৃত্তিত নিমগ্ন হৈ থকা লোকসকলৰ সলাগ লয়। শ্রী মোদীয়ে কয় যে দুৰ্যোগৰ সময়ত এন ডি আৰ এফৰ বিষয়াসকলে অতি প্ৰত্যাহ্বানজনক পৰিস্থিতিতো জীৱনৰ সুৰক্ষা আৰু সাহায্য প্ৰদানৰ দৰে সেৱা আগবঢ়াই আশাৰ সঞ্চাৰ কৰে। এয়া আটাইতকৈ প্ৰশংসনীয় সেৱা বুলি উল্লেখ কৰি তেওঁ কয় যে এন ডি আৰ ...

January 19, 2026 2:30 PM

views 14

এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ বিষয়া-কৰ্মচাৰীসকললৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ শুভেচ্ছা

গৃহমন্ত্রী অমিত শ্বাহেও এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে বাহিনীটোৰ বিষয়া-কৰ্মচাৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰী শ্বাহে এন ডি আৰ এফক বিশ্বাসৰ স্তম্ভ আক্ষা দি কয় যে দুৰ্যোগৰ সময়ত দেশে এন ডি আৰ এফৰ ওপৰত ভৰষা কৰে। দেশখনক দুর্যোগ প্ৰতিৰোধী হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সংকল্প সফল কৰাৰ ক্ষেত্ৰত এন আৰ এফে ৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি শ্ৰী শ্বাহে উল্লেখ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে আনৰ নিৰাপত্তা সুনিশ্চিত কৰা বাবে আত্মাহোতি দিয়া শহিদসকল...

January 19, 2026 2:27 PM

views 18

ছুইজাৰলেণ্ডৰ ডাভ’ছত আজিৰে পৰা অহা ২৩ জানুৱাৰীলৈ ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সন্মিলন

ছুইজাৰলেণ্ডৰ ডাভ’ছত আজিৰে পৰা অহা ২৩ জানুৱাৰীলৈ ৱৰ্ল্ড ইক’ন’মিক ফ'ৰামৰ সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনৰ ৫৬ সংখ্যক বাৰ্ষিক বৈঠকত বিশ্বৰ ৩হাজাৰৰো অধিক নেতাই অংশ ল'ব। পাঁচদিনীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ ১০০ গৰাকীৰো অধিক মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি চৰকাৰী বৃহৎ প্রতিনিধি দল এটাই ইতিমধ্যে ছুইজাৰলেণ্ডৰ চহৰখনত বাহৰ পাতিছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, প্ৰহ্লাদ যোশী আৰু কে ৰামমোহন নাইডু এই সন্মিলনত উপস্থিত থকাৰ লগতে দ্বিপাক্ষিক বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা আছে। অসমৰ উপৰি মহাৰাষ্ট্ৰ, অন্ধ্ৰ...

January 19, 2026 2:24 PM

views 12

জি ৰাম জি আইন সন্দৰ্ভত দেশবাসীক কংগ্ৰেছে বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিকশিত ভাৰত জি ৰাম জি আইন সন্দৰ্ভত দেশবাসীক কংগ্ৰেছে বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত এখন সংবাদমেলত শ্ৰী চৌহানে কয় যে এম জি এনৰেগাৰ জৰিয়তে কংগ্ৰেছে দিয়া সুবিধাসমূহ কেৱল কাগজত হে উপলবদ্ধ আছিল। দলটোৱে নিজৰ আদৰ্শ, ধাৰণা আদি ত্যাগ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে দৰিদ্ৰ কল্যাণ তথা দেশৰ প্ৰগতিৰ সৈতে কংগ্ৰেছ দলৰ কোনো সম্পর্ক নাই। শ্ৰী চৌহানে কয় যে বিকশিত ভাৰত জি ৰাম জি আইনৰ জৰিয়তে গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়াললৈ প...

January 19, 2026 2:21 PM

views 11

পোলেণ্ডৰ উপ প্রধানমন্ত্ৰী ৰেড’শ ছিকৰস্কিৰ সৈতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক

পোলেণ্ডৰ উপ প্রধানমন্ত্ৰী ৰেড'শ ছিকৰস্কিৰ সৈতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ আজি নতুন দিল্লীত বৈঠকত অনুষ্ঠিত হয়। এই বৈঠকত ভাৰত আৰু পোলেণ্ডৰ মাজত কৌশলগত অংশীদাৰিত্ব বৃদ্ধি কৰাৰ বিষয়ে গুৰুত লাভ কৰে। বৈঠকৰ পাছত পোলেণ্ডৰ উপ প্রধানমন্ত্ৰীগৰাকীৰ সৈতে যুটীয়াকৈ সম্বোধন কৰা এখন সংবাদমেলত ড০ জয়শংকৰে কয়, যে ভাৰতে ঐতিহাসিকভাৱে পোলেণ্ডৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছে। শেহতীয়াকৈ দেশখনৰ সৈতে উচ্চ পৰ্যায়ৰ ৰাজনৈতিক বিনিময় তথা অর্থনৈতিক সহযোগিতাপূর্ণ সম্পর্ক স্থাপন হৈছে। আজি বৈঠকত ভাৰত আৰু প...

January 19, 2026 2:19 PM

views 9

ওড়িশাৰ স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰীৰ জন্ম বার্ষিকীত প্রধানমন্ত্ৰী মোদীৰ শ্রদ্ধা নিবেদন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰীৰ জন্ম বার্ষিকীৰ উপলক্ষ্যে তেওঁৰ প্ৰতি শ্রদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে কয় যে ঔপনিৱেশিক শাসনৰ অন্ত পেলাবলৈ পাৰ্বতী গিৰীয়ে স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছিল। শ্রী মোদীয়ে কয় যে স্বাস্থ্য সেৱা, নাৰী সৱলীকৰণ আৰু সংস্কৃতিৰ দৰে খণ্ডত তেওঁৰ বৰঙণি প্ৰশংসনীয়। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত যোৱা মাহত প্রধানমন্ত্ৰীগৰাকীয়ে স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰীৰ প্ৰসংগ উত্থাপন কৰি কৈছিল...

January 19, 2026 2:15 PM

views 22

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হ’ব

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হ'ব। দলটোৰ ৰাষ্ট্ৰীয় ৰিটার্ণিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা নিৰ্বাচনসূচী অনুসৰি, আজি দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন পত্রসমূহ দাখিল কৰিব পৰা যাব। নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত সমগ্র নির্বাচনী প্রক্রিয়া পৰিচালিত হ'ব। মনোনয়ন পত্ৰসমূহ বিয়লি ৪ বজাৰ পৰা চালিজাৰি চোৱা হ'ব। সন্ধিয়া ৬ বজা পর্যন্ত প্রার্থীসকলে মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। মনোনয়ন প্ৰক্ৰিয়াৰ অন্তত প্ৰয়োজন হ'লে কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ'...

January 19, 2026 2:12 PM

views 15

মহাৰাষ্ট্ৰৰ নাচিক জিলাত পথ দূৰ্ঘটনাত ৪ গৰাকী লোক নিহত

মহাৰাষ্ট্ৰৰ নাচিক জিলাৰ মালেগাওঁ-মানমাদ ঘাইপথত আজি সংঘটিত এটা পথ দূৰ্ঘটনাত ৪ গৰাকী লোক নিহত হোৱাৰ লগতে ২ গৰাকী লোক গুৰুতৰভাৱে আহত হয়। লগতে আন ২০ গৰাকী যাত্ৰী সামান্যভাৱে আহত হয়। মালেগাঁৱৰ ৱাৰহানে গাঁৱৰ সমীপত পুৱতি নিশা ৩ বজাৰ আশে পাশে পুনেৰ পৰা মালেগাওঁ অভিমুখী এখন ব্যক্তিগত যাত্রীবাহী বাছ আৰু বিপৰীত দিশৰ পৰা আহি থকা এখন মালবাহী বাহনৰ মাজত মুখামুখি সংঘর্ষ হয়। ঘটনা সন্দৰ্ভত ইতিমধ্যে এটা গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে।

January 19, 2026 2:09 PM

views 19

পাকিস্তানৰ কৰাচীৰ গুলপ্লাজাত বৃহৎ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ১০লৈ বৃদ্ধি

পাকিস্তানৰ কৰাচীৰ গুলপ্লাজাত হোৱা বৃহৎ অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ১০লৈ বৃদ্ধি পাইছে যোৱা নিশা ৪ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় আৰু এতিয়াও ৬০ জন লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলৰ বিষয়াসকলে প্ৰকাশ কৰা মতে, উদ্ধাৰ অভিযানত ৩জন লোকৰ দেহাৱশেষ উদ্ধাৰ কৰা হয় আৰু ইয়াৰ ভিতৰত এগৰাকী শিশু আছিল।

January 17, 2026 1:26 PM

views 12

ভাৰতে ইৰাণৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে

ভাৰতে ইৰাণৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্রকাশ কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্র ৰণধীৰ জয়ছৱালে কয় যে ভাৰত ইৰানত বাস কৰা ভাৰতীয় নাগৰিকসকলৰ স্বাৰ্থৰ হকে প্রয়োজনীয় সকলো পদক্ষেপ ল'বলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে সম্প্ৰতি ইৰানত প্ৰায় ৯ হাজাৰ ভাৰতীয় নাগৰিক আছে আৰু ইয়াৰ অধিকাংশই বিদ্যাৰ্থী। শ্রীজয়ছৱালে কয়, যে ইৰানৰ পৰিস্থিতিৰ কথা বিবেচনা কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শেহতীয়াকৈ ভাৰতীয় ...