January 19, 2026 7:36 PM

views 33

গুৱাহাটী বিশ্ববিদ্যালয়ত আজি উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্ৰতিযোগিতা ২০২৫-২৬

দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত আজি উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্ৰতিযোগিতা ২০২৫-২৬ উদ্বোধন কৰে। এই প্ৰতিযোগিতাৰ জৰিয়তে দেশৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ স্থিতি শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ যুৱক-যুৱতীসকলক একত্ৰিত কৰা হৈছে। তেওঁলোকে ২৬টা বিভাগৰ দক্ষতা প্রতিযোগিতাত অৱতীৰ্ণ হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত এই প্রতিযোগিতা অনুষ্...

January 19, 2026 7:26 PM

views 23

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হয়

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হয়। দলটোৰ ৰাষ্ট্ৰীয় ৰিটার্ণিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা নিৰ্বাচনসূচী অনুসৰি, আজি দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন পত্ৰসমূহ দাখিল কৰা হয়। প্ৰতিখন ৰাজ্যৰ পৰিষদৰ সদস্যসকল দলটোৰ সভাপতি নিৰ্বাচনৰ বাবে ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে। কাইলৈ বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম আনুষ্ঠানিকভাবে ঘোষণা কৰা হ'ব। দলৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে একমাত্র নীতিন নবীনে মনোনয়ন দাখিল কৰাত তেওঁৱেই সভাপতি নিৰ্বাচিত হোৱাৰ সম্...

January 19, 2026 7:21 PM

views 20

অন্যতম ৰেডিঅ’ শ্ৰোতা সংঘ- অনাতাঁৰ মৰম আকলুৱা পৰিয়ালে আকাশবাণীৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তি আৰু শ্ৰোতাক বঁটা প্ৰদান কৰা কৰিব

ৰাজ্যখনৰ অন্যতম ৰেডিঅ' শ্ৰোতা সংঘ- অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ আকাশবাণীৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তি আৰু শ্ৰোতাক বঁটা প্ৰদান কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষিকা কৰবী হাজৰিকা, ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা ৰীতা গগৈ বৰা, যোৰহাট কেন্দ্ৰৰ ঘোষক দিগন্ত বৰা আৰু তেজপুৰ কেন্দ্ৰৰ ঘোষক ত্ৰৈলোক্য বৰাক বিশেষ বঁটা প্ৰদান কৰা হ'ব । ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষক ৰূপজ্যোতি দুৱৰাক অনুষ্ঠান প্রযোজনাৰ বঁটা আৰু যুৱ সাংবাদিক নিৰঞ্জন দাসক আন দুটা বঁটা প্ৰ...

January 19, 2026 7:19 PM

views 18

বজালীৰ বেলনাত ৯৬ লাখ টকা ব্যয় সাপেক্ষে নির্মিত এটা পথ মন্ত্ৰী বিধায়ক ৰঞ্জিত কুমাৰ দাসে মুকলি কৰে

বজালী জিলাৰ বেলনাত ৯৬ লাখ টকা ব্যয় সাপেক্ষে নির্মিত এটা পথ আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা পাটাচাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে মুকলি কৰে। জিলাখনৰ বেলনা তিনিআলি চ'কৰ পৰা বেংজুলি মছজিদলৈ পথটো নিৰ্মাণ কৰা হৈছে। পথটো মুকলি কৰাৰ ফলত অঞ্চলবাসী ৰাইজ উপকৃত হ'ব বুলি মন্ত্রী শ্রীদাসে আশা প্ৰকাশ কৰে।

January 19, 2026 7:14 PM

views 18

কোকৰাঝাৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ

বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আজি কোকৰাঝাৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ টিপকাইত বীৰ চিলাগং বসুমতাৰী স্মাৰক ষ্টেডিয়াম, গুৰুদেৱ কালীচৰণ ব্ৰহ্ম প্ৰেক্ষাগৃহ, পৰ্বঝৰাত পলিটেকনিক আৰু বৃত্তিমুখী প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু কোকৰাঝাৰত ৫০ খন বিচনাযুক্ত আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে৷

January 19, 2026 7:01 PM

views 14

ধেমাজি টাইকোৱানডো একাডেমীয়ে আয়োজন কৰা টাইকোৱানডো প্ৰতিযোগিতা উদ্বোধন মন্ত্রী ডাঃ ৰণোজ পেগুৰ

ৰাজ্যৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলা টাইকোৱানডো সংস্থাৰ অধীনত ধেমাজি টাইকোৱানডো একাডেমীয়ে আয়োজন কৰা টাইকোৱানডো প্ৰতিযোগিতা উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে খেলুৱৈসকলক উৎসাহ যোগোৱাৰ লগতে এই প্রতিযোগিতাৰ পৰাই ৰাজ্য তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ওলাব বুলি আশা প্ৰকাশ কৰে ৰাজ্যৰ ৭ খন জিলাৰ ৪ শতাধিক প্রতিযোগীয়ে এই প্রতিযোগিতাত অংশ লৈছে।

January 19, 2026 6:51 PM

views 26

হত্যাকাণ্ডৰ অপৰাধত ৰঙিয়াৰ অতিৰিক্ত জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতৰ ৪ জন লোকক যাৱজ্জীৱন কাৰাদণ্ড

কামৰূপ জিলাৰ ৰঙিয়াৰ অতিৰিক্ত জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতে আজি এটা ৰায়যোগে হত্যাকাণ্ডৰ অপৰাধত ৪ জন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। লোক কেইজন হৈছে উত্তৰ গুৱাহাটীৰ ফুলুং গাঁৱৰ একেটা পৰিয়ালৰ তফাইল আহমেদ, ইলিজা বেগম, ৰুকিয়া ছিদ্দিকা আৰু লুতফুৰ ৰহমান। ২০১৮ চনৰ ১৬ জানুৱাৰীত এই লোক কেইজনে তেওঁলোকৰ পৰিয়ালৰ এজন সদস্যক হত্যা কৰা বুলি বাইহাটা চাৰিআলিৰ থানাত এজাহাৰ দাখিল কৰা হৈছিল। এই এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰটোৰ ৮ বছৰজোৰা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি আদালতে ৰায় দিয়ে।

January 19, 2026 6:50 PM

views 43

শিখা শৰ্মাৰ বিৰুদ্ধে গৰিমা শ‍ইকীয়া গাৰ্গৰ পাণবজাৰ থানাত এজাহাৰ

জনতাৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিখা শৰ্মা নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে শিল্পীগৰাকীৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছে। মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি জুবিন গাৰ্গ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক কথা লিখি আহিছিল। ইতিমধ্যে গৰিমা শ‍ইকীয়া গাৰ্গৰ এজাহাৰৰ ভিত্তিত পাণবজাৰ আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীক আটক কৰিছে। গুৱাহাটীৰ পাথৰকুৱেৰীৰ নিলাচল এপাৰ্টমেণ্টৰ পৰা আৰক্ষীয়ে তেওঁক আটক কৰে। আৰক্ষীয়ে বিতর্কিত মহিলাগৰাকীক আটক কৰাৰ পাছত গৰিমা শ‍ইকীয়া গা...

January 19, 2026 8:51 PM

views 37

৬ ফেব্ৰুৱাৰীত গুৱাহাটীত মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ পুঁজি বিতৰণৰ আৰম্ভণি

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ পুঁজি বিতৰণ অহা ৬ ফেব্ৰুৱাৰীত গুৱাহাটীত আৰম্ভ কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয়, যে এই আঁচনিৰ অধীনত ৰাজ্যৰ ৭৫ হাজাৰ যুৱকে আত্মসংস্থাপনৰ বাবে ২ লাখ টকাকৈ লাভ কৰিব। সমগ্ৰ ৰাজ্যত ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত এই আঁচনিৰ পুঁজি বিতৰণ সম্পূৰ্ণ কৰা হ'ব বুলিও তেওঁ কয়।

January 19, 2026 6:38 PM

views 18

কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে গোৱালপাৰা জিলাত উপস্থিত হৈ জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ বুজ লয়

দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে আজি গোৱালপাৰা জিলাত উপস্থিত হৈ অভিলাষী জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে গোৱালপাৰাৰ বাপুজী নগৰত থকা আবু আল মজিদ নামৰ লোকজনৰ ছয়াবিনৰ পৰা উৎপাদিত দুগ্ধজাতীয় খাদ্য সামগ্রীসমূহ প্রত্যক্ষ কৰাৰ লগতে উন্নত জাতৰ ছাগলী আৰু কুকুৰাৰ পামো পৰিদৰ্শন কৰে। এনেধৰণৰ কাম-কাজে জিলাখনৰ উন্নয়নত অৰিহণা যোগাব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ লগতে উত্তৰ পূবৰ উন্নয়নত বিশেষ গুৰুত্ব দিয়া বুলিও ...