December 6, 2025 7:55 PM December 6, 2025 7:55 PM

views 6

কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলে সাপ্তাহিক আয়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিনিয়োগ মঞ্চত প্ৰচাৰ চলোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত ভিডিঅ’ক চৰকাৰৰ খণ্ডন

কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলে সাপ্তাহিক আয়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিনিয়োগ মঞ্চত প্ৰচাৰ চলোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত এটা ভিডিঅ' চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেছন ব্যুৰ'ৰ তথ্য পৰীক্ষা গোটে ভিডিঅ'টো ডিজিটেল ব্যৱস্থাৰে প্ৰস্তুত কৰা বুলি আৰু চৰকাৰে এনে কোনো আঁচনিৰ প্ৰতি সমর্থন জনোৱা নাই বুলি স্পষ্ট কৰি দিছে। প্ৰেছ ইনফৰমেছন ব্যুৰই জনসাধাৰণক প্রলোভিত কৰাৰ বাবে প্ৰচাৰ কৰা এনে ধৰণৰ বিভ্ৰান্তিকৰ বিনিয়োগ কেলেংকাৰীৰ বিষয়ে সজাগ হৈ থাকিবলৈ নাগৰিকসকলক আহ্বান জনাইছে।

December 6, 2025 7:52 PM December 6, 2025 7:52 PM

views 8

ড০ বি আৰ আম্বেদকাৰৰ ৭০ সংখ্যক মহা পৰিনিৰ্বাণ দিৱস উপলক্ষে দেশবাসীৰ সংবিধান প্ৰণেতাগৰাকীলৈ শ্রদ্ধা নিবেদন

সমগ্ৰ ৰাষ্ট্ৰই আজি ভাৰতৰত্ন সন্মানেৰে বিভূষিত ড০ বি আৰ আম্বেদকাৰৰ ৭০ সংখ্যক মহা পৰিনিৰ্বাণ দিৱস বা মৃত্যু বার্ষিকী উপলক্ষে সংবিধান প্ৰণেতাগৰাকীলৈ শ্রদ্ধা নিবেদন কৰিছে। এই উপলক্ষে ৰাষ্ট্ৰ গঠনত আম্বেদকাৰৰ অভূতপূৰ্ব বৰঙণিৰ বিষয়ে আলোকপাত কৰি ভালেমান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু অন্য বিশিষ্ট ব্যক্তিসকলে মহাপৰিনিৰ্বাণ দিৱস উপলক্ষে আজি সংসদ ভৱন চৌহদত সংবিধান প্ৰণেতাগৰাকীলৈ পুস্পার্...

December 6, 2025 7:31 PM December 6, 2025 7:31 PM

views 7

ৰাজ্য চৰকাৰে অসমৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছেঃ মুখ্যমন্ত্রী

মহিলা আত্মসহায়ক গোটৰ সদস্যক গ্ৰাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি হাইলাকাণ্ডি আৰু কাছাৰৰ মহিলাসকলৰ মাজত চেক বিতৰণ কৰে। হাইলাকান্দিৰ প্ৰায় ১৮ হাজাৰ মহিলাক ১০ হাজাৰ টকাৰ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰা হয় ৷ এই উপলক্ষে অনুষ্ঠিত জনসভাত ৬০ শর্মাই কয় যে এই পর্যন্ত উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ ১২ লাখ মহিলাক ১০ হাজাৰ টকাকৈ দিয়া হৈছে আৰু ৰাজ্যৰ ৫০ টা বিধানসভা সমষ্টিত এই আঁচনি ৰূপায়ণ কৰা হৈছে। ...

December 6, 2025 7:13 PM December 6, 2025 7:13 PM

views 2

মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মহিলাসকলৰ মাজত চেক বিতৰণ

মহিলা আত্মসহায়ক গোটৰ সদস্যক গ্রাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মহিলাসকলৰ মাজত চেক বিতৰণ কৰে। গাঁও আৰু নগৰ অঞ্চলৰ ১৭ হাজাৰৰো অধিক মহিলাক মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যমিতা আঁচনিৰ প্ৰাৰম্ভিক পুঁজি হিচাপে ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে। এই উপলক্ষে অনুষ্ঠিত জনসভাত ৬০ শর্মাই কয়, যে এই পর্যন্ত উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ ১২ লাখ মহিলাক ১০ হাজাৰ টকাকৈ দিয়া হৈছে আৰু ৰাজ্যৰ ৫০ টা বিধানসভা সমষ্ট...

December 6, 2025 7:08 PM December 6, 2025 7:08 PM

views 4

ৰাজ্যৰ বিভিন্ন অংশত আজি ৬৩ সংখ্যক সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস উদযাপন

ৰাজ্যৰ বিভিন্ন অংশত আজি ৬৩ সংখ্যক সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ পানীখাইটিৰ কেন্দ্ৰীয় প্রশিক্ষণ প্রতিষ্ঠানত এই দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। অনুষ্ঠানত অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু গৃহৰক্ষী বাহিনীৰ জোৱানসকলে পেৰেড প্ৰদৰ্শন কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ সঞ্চালনৰ সমৰকলা প্ৰদৰ্শন কৰে। তদুপৰি জৰুৰীকালীন সময়ত অথবা যুদ্ধৰ সময়ত ল’বলগীয়া সাৱধানতা তথা উদ্ধাৰ সম্পৰ্কীয় মকড্রিল প্ৰদৰ্শন কৰে। অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালা, অসামৰিক প্ৰতিৰক্ষা আৰু গৃ...

December 6, 2025 7:05 PM December 6, 2025 7:05 PM

views 4

হোমেন বৰগোহাঁঞিৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি কাইলৈ ২০২৫ বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান কৰা হ’ব

ৰাজ্যৰ জাতীয় জীৱনৰ এগৰাকী পুৰোধা ব্যক্তি হোমেন বৰগোহাঁঞিৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি কাইলৈ ২০২৫ বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান কৰা হ'ব। কাইলৈ কটন বিশ্ববিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত সাহিত্য বঁটা আৰু পেঞ্চন প্ৰদান কৰা হ'ব। দিনৰ ১১ বজাত হ'বলগীয়া এই অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এইবাৰ মুঠ ১৮ গৰাকী সাহিত্যিকে সাহিত্য বঁটা লাভ কৰাৰ লগতে ১০ গৰাকী সাহিত্যিকলৈ সাহিত্য পেঞ্চন আগবঢ়োৱা হৈছে। ২০২৫ বৰ্ষৰ সাহিত্য বঁটা লাভ কৰা সকলৰ ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱচৌধ...

December 6, 2025 7:00 PM December 6, 2025 7:00 PM

views 7

হোজাই জিলা আইন সেৱাৰ প্ৰাধিকৰণৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা ১৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নির্দেশনা মর্মে হোজাই জিলা আইন সেৱাৰ প্ৰাধিকৰণৰ উদ্যোগত জিলাখনৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা ১৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই লোক আদালতৰ জৰিয়তে ন্যায়িক আদালতত আপোচ যোগ্য বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা দাবী, যান-বাহন সম্পৰ্কীয় গোচৰ, ন্যায়াধীকৰণৰ গোচৰ, চেক বাউন্স গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ দ্ৰুত নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ ঋণ, বীমা সম্পৰ্কীয় গোচৰ টেলিফন বিল, বিজুলী মাচুল সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰো...

December 6, 2025 6:52 PM December 6, 2025 6:52 PM

views 4

বিহালীত আজি সদৌ অসম অনুসূচিত জাতী ছাত্ৰ সন্থাৰ উদ্যোগত ড০ বি আৰ আম্বেদকাৰৰ মহা পৰিনিৰ্বাণ দিৱস উদযাপন

বিশ্বনাথ জিলাৰ বিহালীত আজি সদৌ অসম অনুসূচিত জাতী ছাত্ৰ সন্থাৰ উদ্যোগত ড০ বি আৰ আম্বেদকাৰৰ মহা পৰিনিৰ্বাণ দিৱস উদযাপন কৰা হয়। জালুকবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত আধুনিক ভাৰতৰ যুগদ্ৰষ্টা ড০ আম্বেদকাৰৰ সপ্তদশ মহাপৰিনিৰ্বাণ দিৱস বিশ্বনাথ জিলা সমিতিৰ সহযোগত পালন কৰা হয়৷ পুৱা পতাকা উত্তোলন, বি আৰ আম্বেদকাৰ আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছত ভিন্ন জাতি- জনগোষ্ঠীৰ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাত বাবুল কুমাৰ মেধিক ড০ বি আৰ আম্বেদকাৰ বঁটা প্ৰদান ...

December 6, 2025 6:37 PM December 6, 2025 6:37 PM

views 6

আকাশবাণী গুৱাহাটীৰ বিশেষ প্রাসঙ্গিক অনুষ্ঠান নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত প্ৰচাৰ কৰা মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মৃণ্ময় হালৈৰ সাক্ষাৎকাৰটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্রহণ কৰিছে আমাৰ মঙলদৈৰ সংবাদদাতা ময়ুখ গোস্বামীয়ে।

December 6, 2025 6:12 PM December 6, 2025 6:12 PM

views 4

কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ অধীনত সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন অঞ্চলত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ সৌজন্যত সজাগতা সভা অনুষ্ঠিত

কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ অধীনত সমগ্ৰ দেশৰ লগতে অসমৰো ভিন ভিন অঞ্চলত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ সৌজন্যত সজাগতা সভা অনুষ্ঠিত হৈছে। হোজাই জিলাতো বিভিন্ন বেংকৰ শাখা প্ৰৱন্ধকসকলৰ সহযোগত আজি নাজিৰ আজমল মেমৰিয়েল কলেজ অব এডুকেশ্যনৰ সহযোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত নিক্রিয় হৈ থকা একাউণ্টৰ ধন আত্মীয় বা উত্তৰাধিকাৰীক কে ৱাই চি দাখিল কৰি বিভাগীয় নিয়ম অনুসৰি তুলি লোৱাৰ বাবে বেংকৰ বিষয়াসকলে আহ্বান জনায়। উল্লেখযোগ্য যে হোজাইৰ বেংকত গ্ৰাহকৰ ১০ কোটিতকৈও অধিক টকা এতিয়াও জমা হৈ আছে। এই টকাস...