January 22, 2026 11:42 AM

views 15

জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত আজিৰে পৰা ২৪ জানুৱাৰীলৈ পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ

অসম-নগালেণ্ড সীমাৰ বান্দৰছলিয়াৰ স্বৰ্ণপুৰ আৰু আগহাটিটুৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত আজিৰ পৰা ২৪ জানুৱাৰীলৈ পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ অনুষ্ঠিত হ'ব। অসমীয়া আৰু নগা লোকৰ সাতামপুৰুষীয়া সম্প্রীতি-সম্পর্ক দৃঢ় কৰাৰ উদ্দেশ্যে পাদদেশীয় সমন্বয় মঞ্চৰ উদ্যোগত আৰু উত্তৰ-পূৰ্বাঞ্চল খিলঞ্জীয়া গণমঞ্চৰ সহযোগত আয়োজিত এই ৰাষ্ট্ৰীয় নাট মহোৎসৱত অসমৰ লগতে নগালেণ্ড, মণিপুৰ আৰু মিজোৰামৰ কেইবাটাও নাট্যদলে অংশগ্রহণ কৰিব। মুকলি মঞ্চত দিনৰ ভাগতে নাটক মঞ্চস্থ হ'বলগা এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান...

January 22, 2026 11:40 AM

views 16

অর্থনৈতিক মঞ্চৰ অধিৱেশনত অসমৰ প্ৰথমবাৰৰ বাবে অংশগ্রহণ

ছুইজাৰলেণ্ডৰ ডাভ’ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চৰ অধিৱেশনত অসমে প্ৰথমবাৰৰ বাবে অংশগ্রহণ কৰাৰ পাছত ৰাজ্যখনত বিশ্বৰ ভালেকেইটা কোম্পানীয়ে বিনিয়োগৰ বাবে ইচ্ছা প্রকাশ কৰিছে। অসমত বিশ্বৰ বিভিন্ন কোম্পানীয়ে প্রায় এক লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ দিছে। ভাৰতৰ প্ৰতিনিধি মণ্ডলীৰ সৈতে ডাভ’ছত এই সন্মিলনত অংশগ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত এই বিনিয়োগৰ প্ৰস্তাৱৰ বিষয়ে জনাইছে। ইয়াৰ জৰিয়তে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল উপকৃত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি ...

January 22, 2026 11:22 AM

views 27

সন্তোষ ট্রফী ২০২৫-২৬ সংস্কৰণৰ ফাইনেল ৰাউণ্ডত পশ্চিমবংগই ৪-০গলত নাগালেণ্ডক পৰাজিত

অসমৰ ঢকুৱাখনা আৰু চিলাপথাৰত অনুষ্ঠিত সন্তোষ ট্রফী ২০২৫-২৬ সংস্কৰণৰ ফাইনেল ৰাউণ্ডৰ এখন মেচত কালি পশ্চিমবংগই ৪-০গলত নাগালেণ্ডক পৰাজিত কৰে। এই জয়ৰ জড়িয়তে পশ্চিম বংগই গ্রুপ এত অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ঢকুৱাখনাত অনুষ্ঠিত গ্রুপ এ পৰ্যায়ৰ এখন খেলত উত্তৰাখণ্ডৰ বিৰুদ্ধে ৩-২ গ'লত ৰাজস্থানে জয়লাভ কৰে। আজি চিলাপথাৰ ফুটবল ষ্টেডিয়ামত পঞ্জাৱ কেৰালাৰ মুখামুখি হ'ব। খেলখন পুৱা ৯ বজাত আৰম্ভ হ'ব।

January 22, 2026 11:15 AM

views 43

ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে গ্রীণলেণ্ড নিয়ন্ত্ৰণ কৰিবলৈ বল প্রয়োগ নকৰা কথা প্ৰকাশ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে গ্রীণলেণ্ড নিয়ন্ত্ৰণ কৰিবলৈ বল প্রয়োগ নকৰে বুলি কয় যদিও পুনৰ তেঁও আর্কটিক দ্বীপৰ মালিকীস্বত্ব ৱাশ্বিংটনক দিয়াৰ দাবী উত্থাপন কৰে। ডাভোছত বিশ্ব অর্থনৈতিক মঞ্চৰ সন্মিলনত ভাষণ দি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গ্রীনলেণ্ড অধিগ্রহণ সন্দৰ্ভত আমেৰিকাই তাৎক্ষণিক আলোচনা বিচাৰিছে। গ্রীণলেণ্ড আমেৰিকাৰ মিত্র দেশ ডেনমাৰ্কৰ অর্ধস্বায়ত্তশাসিত ভূখণ্ড। সামৰিক মিত্রতা নাটো গঠন কৰা উত্তৰ আমেৰিকা আৰু ইউৰোপৰ ৩২খন দেশৰ ভিতৰত আমেৰিকা আৰু ডেনমার্ক অন্যতম। ট্রাম্পে ডেনমার্কৰ ...

January 22, 2026 11:11 AM

views 11

পশ্চিমবংগৰ নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ নির্বাচন আয়োগৰ নিৰ্দেশ

নির্বাচন আয়োগে পশ্চিমবংগৰ নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া নির্দেশ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। এই তালিকাত থকা বিসংগতিসমূহ চালিজাৰি চাই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এইবোৰৰ মীমাংসা কৰিবলৈ আয়োগে পশ্চিমবংগৰ কৰ্তৃপক্ষক নিৰ্দেশ দিছে। তদুপৰি আয়োগে ৰাজ্য প্রসাশন আৰু আৰক্ষীক শুনানি মসৃনভাৱে সম্পাদন কৰিবলৈও কয়।

January 22, 2026 11:07 AM

views 12

ভাৰতে উচ্চ সুৰক্ষা মান বৰ্তাই ৰাখি পাৰমাণৱিক শক্তি কাৰ্যসূচীৰ এক নির্ণায়ক বিন্দুত উপনীত হৈছে

ভাৰতে উচ্চ সুৰক্ষা মান বৰ্তাই ৰাখি পাৰমাণৱিক শক্তি কাৰ্যসূচীৰ এক নির্ণায়ক বিন্দুত উপনীত হৈছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। কালি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে শেহতীয়াকৈ প্ৰণয়ন কৰা পাৰমাণৱিক আইনখনৰ অধীনত বিশদ পর্যালোচনা চলাই থকা হৈছে। চৰকাৰে অত্যাৱশ্যকীয় সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰাকৈ বে-চৰকাৰী অংশগ্ৰহণৰ বাবেও পাৰমাণৱিক খণ্ডটো মুকলি কৰি দিছে বুলিও তেওঁ প্ৰকাশ কৰে। ড° সিঙে দৃঢ়ভাৱে কয়, যে দেশৰ দ...

January 22, 2026 11:03 AM

views 41

ট্রাম্পৰ গ্ৰীণলেণ্ড অধিগ্ৰহণৰ দাবীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন এই বিষয়ক লৈ চিন্তিত নহয়

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ গ্ৰীণলেণ্ড অধিগ্ৰহণৰ দাবীয়ে ডেনমাৰ্ক আৰু নাটোৰ ঐক্যক জোকাৰি যোৱাৰ সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এই বিষয়টোক লৈ চিন্তিত নহয় বুলি মন্তব্য প্ৰদান কৰিছে। কালি নিশা ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ বৈঠকত দিয়া ভাষণত পুটিনে কয় যে গ্রীনলেণ্ডৰ কথা চিন্তা কৰাটো আমাৰ কাম নহয়। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে তেওঁলোকে নিজৰ মাজতে এই বিবাদ সমাধান কৰিব।

January 22, 2026 10:59 AM

views 25

গ্ৰীণলেণ্ডৰ বিষয়ত আমেৰিকাৰ পৰিকল্পিত শুল্ক বাতিল কৰাৰ কথা ঘোষণা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে উত্তৰ মেৰুৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভৱিষ্যতে চুক্তিৰ কাঠামোত সন্মতি প্ৰকাশ কৰাৰ পিছতেই ইউৰোপত থকা আমেৰিকৰ মিত্ৰ দেশসমূহৰ ওপৰত গ্ৰীণলেণ্ডৰ বিষয়ত আমেৰিকাৰ পৰিকল্পিত শুল্ক বাতিল কৰাৰ কথা ঘোষণা কৰিছে। ট্রাম্পে অধিকাৰ আৰু মালিকীস্বত্বকে ধৰি গ্ৰীণলেণ্ডক ল'ব বিচৰা বুলি জোৰ দিয়াৰ কেইঘণ্টামানৰ পিছতেই এই ঘোষণা কৰে। বিশ্ব অর্থনৈতিক মঞ্চত দিয়া ভাষণত ৰাষ্ট্ৰপতিয়ে কয়, যে তেওঁ এনে ভূ-খণ্ড বিচাৰিছে যি অতি শীতল আৰু দুৰ্বল অৱস্থাত আছিল। ট্রাম্পে লগতে উত্তৰ মেৰুৰ ৰাছিয়া আৰু চ...

January 22, 2026 10:56 AM

views 25

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে গ্রীণলেণ্ড অধিগ্রহণ কৰাৰ দাবী ইউৰোপীয় সংসদৰ

ইউৰোপীয় সংসদে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে গ্রীণলেণ্ড অধিগ্রহণ কৰাৰ দাবী আৰু তেওঁৰ এই পৰিকল্পনাৰ বিৰোধীতা কৰা ইউৰোপীয় সংঘৰ মিত্ৰদেশসমূহৰ ওপৰত শুল্ক আৰোপ কৰাৰ ভাবুকিৰ প্ৰতিবাদত সংঘৰ বাণিজ্যিক চুক্তিৰ কাম-কাজ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জুলাই মাহৰ শেষৰফালে স্কটলেণ্ড টাৰ্ণবেতি সম্পাদিত চুক্তিৰ মূল অংশহিচাপে আমেৰিকাৰ সামগ্ৰীসমূহৰ ওপৰত ইউৰোপীয় সংঘৰ ভালেখিনি আমদানি শুল্ক আঁতৰোৱাৰ লগতে ২০২০ চনত প্ৰথমে ট্রাম্পৰ সৈতে চুক্তিবদ্ধ হোৱা আমেৰিকাৰ সামগ্ৰীসমূহৰ ওপৰত শূন্য শুল্ক অব্যাহত ৰখাৰ প্...

January 22, 2026 10:52 AM

views 13

বিশ্ব অর্থনৈতিক মঞ্চ সন্মিলনত ভাৰতে বিশ্বব্যাপী কৃত্রিম বুদ্ধিমত্তা (AI) সেৱাৰ ভেটি গঢ়ি তোলা বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে

বিশ্ব অর্থনৈতিক মঞ্চ সন্মিলনত ভাৰতে বিশ্বব্যাপী কৃত্রিম বুদ্ধিমত্তা (AI) সেৱাৰ ভেটি গঢ়ি তোলা বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে। ডাভোছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চৰ সন্মিলনত ভাষণ প্ৰদান কৰি ইলেক্ট্রনিকছ আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে কয় যে, দেশখনে এআই আর্কিটেকচাৰ, এপ্লিকেচন, মডেল, চিপ, ইনফ্ৰা আৰু শক্তিৰ পাঁচোটা স্তৰৰ ওপৰত কাম কৰি আছে।