January 23, 2026 4:48 PM

views 36

বতৰৰ বতৰা-

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল পুৱাৰ ভাগত কুঁৱলীয়ে আৱৰি থাকিব। পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সর্বোচ্চ ২৭ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৪ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, আৰু ত্ৰিপুৰাৰ বতৰ শুকান হোৱাৰ আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা ...

January 23, 2026 12:08 PM

views 40

গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্রস্তুতি অব্যাহত

সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্রস্তুতি চলি আছে। ইয়াৰ বাবে জিলা সদসমূহত কুচ-কাৱাজৰ অনুশীলন কৰি থকা হৈছে। ডিব্ৰুগড় জিলাতো গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। জিলাখনৰ খনিকৰ খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰাৰ কথা । ইয়াৰ বাবে দিনে-নিশাই প্রস্তুতি চলাই থকা হৈছে। ডিব্ৰুগড় মহানগৰত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। বজালী জিলা প্ৰশাসনৰ উদ্যোগত এইবাৰ পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্...

January 23, 2026 12:04 PM

views 39

সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জন্মবার্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন কৰা হৈছে। এই উপলক্ষে আজিৰেপৰা শ্ৰীবিজয়পুৰমৰ নেতাজী ষ্টেডিয়ামত তিনিদিনীয়াকৈ জন্মবার্ষিকী উদযাপনৰ আয়োজন কৰা হৈছে। অসমৰ বিভিন্ন স্থানতো নেতাজীক স্মৰণৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জন্মবার্ষিকীত নেতাগৰাকীক ৰাজ্যবাসীৰ হৈ স্মৰণ কৰিছে। ধুবুৰী জিলাৰ বিভিন্ন স্থানত দল-সংগঠনে আজি পৰাক্ৰম দিৱস উদযাপনৰ আয়োজন কৰিছে। জিলাখনৰ পাঁচমূৰত থকা নেতাজীৰ প্ৰতিমূৰ্তিস্থল...

January 23, 2026 4:13 PM

views 22

আজিৰে পৰা ৯ দিনীয়া কাৰ্যসূচীৰে মানাহ মহোৎসৱৰ আয়োজন

■ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰাৰ উদ্দেশ্যে আজিৰে পৰা ৯ দিনীয়া কাৰ্যসূচীৰে মানাহ মহোৎসৱৰ আয়োজন কৰা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰ প্ৰাংগণত অনুষ্ঠিত এই মহোৎসৱত উদ্যানখনৰ কাষৰীয়া অঞ্চলৰ জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি, খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হ'ব।

January 23, 2026 2:10 PM

views 19

পানীখাইটীত দুৰ্যোগ সঁহাৰি প্ৰশিক্ষণ প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ

গুৱাহাটীৰ পানীখাইটীস্থিত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষীৰ কেন্দ্ৰীয় প্ৰশিক্ষণ প্রতিষ্ঠান চৌহদত কালি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই এটা বিশ্বমানৰ দুৰ্যোগ সঁহাৰি প্ৰশিক্ষণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ সহযোগত অসমৰ নদী অৱবাহিকা সুসংহতকৰণ ব্যৱস্থাপনা কাৰ্যসূচীৰ অধীনত এই প্ৰশিক্ষণ প্রকল্প সংযোজন কৰা হ'ব। আধাৰশিলা স্থাপন অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি আৰু বিধায়ক অতুল বৰাৰ লগে পণ্যাগাৰ নিগমৰ উপাধ্যক্ষ ড০ তপন দাস আৰু আৰক্ষী মহাপ...

January 22, 2026 12:41 PM

views 29

হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত সৰ্বদলীয় প্ৰতিনিধিৰ দলৰ কোকৰাঝাৰ জিলাৰ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ হৈছে। বি টিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এটা সৰ্বদলীয় প্ৰতিনিধিৰ দলে আজি জিলাখনৰ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি শিবিৰত থকা লোকসকলৰ অৱস্থাৰ বুজ লয়। দলটোত বিধায়ক লৰেঞ্চ ইছলাৰী আৰু বি টি চিৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য আছিল। জিলাখনত সেনা বাহিনীৰ কটকটীয়া বেষ্টনীৰ মাজত কাৰিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল অব্যাহত আছে। কালি আশ্রয়শিবিৰসমূহ পৰিদৰ্শন কৰি অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ সিঙে শিবিৰত থকা লোকসকলক ক...

January 22, 2026 12:30 PM

views 34

সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্রশাসনৰ প্রস্তুতি অব্যাহত

সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্রশাসনে প্রস্তুতি অব্যাহত ৰাখিছে। ইয়াৰ বাবে জিলা সদৰসমূহত কুচ-কাৱাজৰ অনুশীলন কৰি থকা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ আশাৰিকান্দি গাঁৱৰ ঐতিহ্যমণ্ডিত পোৰামাটিৰ শিল্প এইবাৰ নতুন দিল্লীত কৰ্তব্যপথত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুচ- কাৱাজত প্ৰদৰ্শন কৰা হ'ব। ময়ুৰপংখীৰূপত এই শিল্প আটকধুনীয়াকৈ প্ৰদৰ্শন কৰা হ'ব। ইয়াকে লৈ জিলাখনৰ পোৰামাটিৰ শিল্পীসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। গণৰাজ্য দিৱসলৈ মাজত তিনিটা দিন বাকী থকা অৱস্থাত দক্ষিণ শালমাৰা মানকাচৰ জিলাতো প...

January 22, 2026 11:58 AM

views 23

কোকৰাঝাৰৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ আহিছে

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ আহিছে। সেনা বাহিনীৰ কটকটীয়া বেষ্টনীৰ মাজত কাৰিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল অব্যাহত আছে। কালি আশ্রয়শিবিৰসমূহ পৰিদৰ্শন কৰি অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ সিঙে শিবিৰত থকা লোকসকলক কোনো সংশয় অবিহনে নিজ বাসগৃহলৈ উভতি যাবলৈ আহ্বান জনায়। তেওঁ পৰিস্থিতি স্বাভাৱিক হোৱা বুলি দাবী কৰি জিলাখনত পৰ্যাপ্ত নিৰাপত্তা বাহিনী সষ্টম হৈ থকা বুলিও ৰাইজক আশ্বস্ত কৰে। সংবাদ মাধ্যমৰ আগত শ্ৰী সিঙে কয়, যে এই ঘটনা সন্দৰ্ভত...

January 22, 2026 11:50 AM

views 38

আজিৰে পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক জোনবিল মেলা

জাগীৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যাব। আজি পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানৰ লগতে তিৱা জাতীয় জীৱনৰ সৈতে জড়িত গৃহ মুকলি কৰা হ'ব। আজি পাহাৰৰ মামা- মামীসকল সামগ্রী বিনিময়ৰ বাবে মেলালৈ আহিব। কাইলৈ কাহিলী পুৱাতে ঐতিহাসিক বিনিময় প্রথাৰে হাট মুকলি কৰা হ'ব। মামা-মামীসকলে পাহাৰত উৎ...

January 22, 2026 11:54 AM

views 32

অসমত বিশ্বৰ বিভিন্ন কোম্পানীয়ে প্রায় এক লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ

ছুইজাৰলেণ্ডৰ ডাভ’ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চৰ অধিৱেশনত অসমে প্ৰথমবাৰৰ বাবে অংশগ্রহণ কৰাৰ পাছত ৰাজ্যখনত বিশ্বৰ ভালেকেইটা কোম্পানীয়ে বিনিয়োগৰ বাবে ইচ্ছা প্রকাশ কৰিছে। অসমত বিশ্বৰ বিভিন্ন কোম্পানীয়ে প্রায় এক লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ দিছে। ভাৰতৰ প্ৰতিনিধি মণ্ডলীৰ সৈতে ডাভ’ছত এই সন্মিলনত অংশগ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত এই বিনিয়োগৰ প্ৰস্তাৱৰ বিষয়ে জনাইছে। ইয়াৰ জৰিয়তে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূর্বাঞ্চল উপকৃত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি ...