July 12, 2024 1:00 PM July 12, 2024 1:00 PM

views 10

আজি ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই অসম আৰু মেঘালয় ভ্ৰমণসূচীৰে অসমলৈ আহিব

কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰ অৰ্থাৎ ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি অসম আৰু মেঘালয় ভ্ৰমণসূচীৰে অসমলৈ আহিব। মন্ত্ৰীগৰাকীয়ে এই সময়ছোৱাত ড'নাৰ মন্ত্ৰ্যালয়ৰ বিষয়াবৰ্গ, উত্তৰ-পূব পৰিষদ আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হ'ব। মন্ত্ৰীগৰাকীয়ে NERACE শীর্ষক এটা এপ্লিকেচন মুকলি কৰাৰ লগতে উত্তৰ-পূব পৰিষদৰ আৰু অন্য বিষয়াবৰ্গৰ সৈতে মত-বিনিময় কৰিব।

July 12, 2024 12:57 PM July 12, 2024 12:57 PM

views 11

গোৱালপাৰাৰ শিমলিতোলাত নাও দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যুৰ লগতে দুজন সন্ধানহীন

গোৱালপাৰা জিলাৰ ৰংজুলী থানাৰ অন্তৰ্গত শিমলিতোলাত কালি নাও দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন সন্ধানহীন হৈ আছে। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে এজন লোকৰ শেষকৃত্য সম্পন্ন কৰি ২০ জন লোক নাৱেৰে ওভতি অহাৰ সময়ত নাওখন পানী বুৰ যায়। ফলত ৫ জন লোক সন্ধানহীন হয়। তিনিজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। ইয়াৰে প্ৰসেনজিৎ সাহা, সুজন মালাকৰ আৰু জিৎ কৰ্মকাৰ নামৰ লোক কেইজনক চিকিৎসকে মৃত ঘোষণা কৰে। সন্ধানহীন আন দুজন লোকৰ সন্ধানত এছ ডি আৰ এফে অভিযান অব্যাহত ৰাখিছে।

July 11, 2024 8:44 PM July 11, 2024 8:44 PM

views 10

প্ৰেছ ইনফৰমেচন ব্যুৰ’ আৰু ছেণ্ট্ৰেল ব্যুৰ’ অফ কমিউনিকেচনৰ উত্তৰ-পূব মণ্ডলৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত কালিৰে পৰা ৩ দিনীয়াকৈ মাণ্ডলিক সন্মিলন অনুষ্ঠিত

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ প্ৰেছ ইনফৰমেচন ব্যুৰ' আৰু ছেণ্ট্ৰেল ব্যুৰ' অফ কমিউনিকেচনৰ উত্তৰ-পূব মণ্ডলৰ গুৱাহাটীত থকা মুখ্য কাৰ্যালয়ৰ উদ্যোগত কালিৰে পৰা তিনিদিনীয়াকৈ এখন মাণ্ডলিক সন্মিলন অনুষ্ঠিত হৈছে। পি আই বি আৰু চি বি চিৰ বিষয়াসকলৰ বাবে আয়োজিত এই সন্মিলনৰ আজি দ্বিতীয়দিনা চি বি চিব গোটসমূহে বিভিন্ন স্থানত ৰূপায়ণ কৰা কাম-কাজসমূহৰ বিষয়ে আলোচনা কৰা হয়। এই অনুষ্ঠানত পি আই বি উত্তৰ-পূব মণ্ডলৰ সঞ্চালক প্রধান কে সতীশ নাম্বুদিবিপাড়ে কয় যে, এই সন্মিলনে বিভিন্ন ধাৰণা আৰু মতামতৰ প্ৰকাশৰ বাব...

July 11, 2024 8:41 PM July 11, 2024 8:41 PM

views 11

গুৱাহাটী মহানগৰক পোহৰাই ৰখাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ ৯৩ টা মূল পথত ষ্ট্রীট লাইট সংস্থাপনৰ প্ৰকল্প

গুৱাহাটী মহানগৰীৰ জনসাধাৰণ নিৰাপত্তা তথা মহানগৰীখন পোহৰাই ৰখাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে প্ৰায় ২৫ কোটি টকা ব্যয়ৰে ৯৩ টা মূল পথত ষ্ট্রীট লাইট সংস্থাপনৰ প্ৰকল্প লৈছে। ইয়াৰ বাবে মহানগৰীখনৰ ষ্ট্রীট লাইট নথকা এহেজাৰ ৫২০টা পথ আৰু উপ-পথ চিনাক্ত কৰা হৈছে। ইয়াৰ লগতে দ্বিতীয় পৰ্যায়ত আলংকাৰিক লাইট আৰু অধিক উচ্চতাত ষ্ট্রীট লাইট সংস্থাপনৰো পৰিকল্পনা লোৱা হৈছে।

July 11, 2024 8:21 PM July 11, 2024 8:21 PM

views 13

মাতৃ-পিতৃ বন্দনা কাৰ্যসূচী অনুসৰি চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাবে বিশেষ নৈমিত্তিক ছুটী ঘোষণা অসম চৰকাৰৰ

ৰাজ্য চৰকাৰে মাতৃ-পিতৃ বন্দনা কাৰ্যসূচী অনুসৰি চৰকাৰী বিষয়া-কৰ্মচাৰীক পিতৃ-মাতৃ, শাহু-শহুৰৰ সৈতে সময় কটাবলৈ বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰিছে। এই অনুসৰি চলিত বৰ্ষৰ ৬ আৰু ৮ নৱেম্বৰত এই ছুটী প্ৰদান কৰিব। চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ৯ নৱেম্বৰৰ দ্বিতীয় শনিবাৰ আৰু ১০ নৱেম্বৰৰ দেওবাৰেও বন্ধ লাভ কৰিব। অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বিষয়া-কর্মচাৰীসকলে পর্যায়ক্রমে এই বিশেষ ছুটীৰ সুবিধা লাভ কৰিব। আনহাতে বিষয়া-কৰ্মচাৰীসকলে পিতৃ-মাতৃ আৰু শাহু-শহুৰৰ সৈতে সময় অতিবাহিত কৰাৰ পৰিৱৰ্তে ব্যক্তিগত অৱসৰ বিনোদন ব...

July 11, 2024 7:21 PM July 11, 2024 7:21 PM

views 15

নাগালেণ্ডক প্রতিষ্ঠিত কৃষি নেতৃত্ব বঁটা, ২০২৪-ৰ অধীনত উদ্যান শস্যৰ শিতানত শ্ৰেষ্ঠ ৰাজ্য হিচাপে বাছনি

নাগালেণ্ডক প্রতিষ্ঠিত কৃষি নেতৃত্ব বঁটা, ২০২৪-ৰ অধীনত উদ্যান শস্যৰ শিতানত শ্ৰেষ্ঠ ৰাজ্য হিচাপে বাছনি কৰা হৈছে। উদ্যানশস্যৰ বিকাশৰ বাবে উদ্ভাৱনমূলক কাৰ্যসূচী আৰু নীতিৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত কৰা উল্লেখনীয় কামৰ বাবে ৰাজ্যখনক এই বঁটাৰ বাবে বাছনি কৰা হৈছে। ৰাজ্যখনত এনে কাৰ্যসূচী আৰু নীতিয়ে ভালেসংখ্যক খেতিয়ক আৰু গ্ৰামাঞ্চলৰ জনসাধাৰণৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে। নাগালেণ্ডৰ মহিলা সম্পদ উন্নয়ন আৰু উদ্যান শস্য বিভাগৰ মন্ত্ৰী ছলহ’টুঅ’নুঅ' ক্রুচে কালি বিয়লি নতুন দিল্লীত আয়োজিত পঞ্চদশ কৃষি নেতৃত্ব সন্মি...

July 11, 2024 12:52 PM July 11, 2024 12:52 PM

views 8

মালুৱা কান্দিগ্রাম অঞ্চলত কৰিমগঞ্জ আৰক্ষীৰ অভিযানত এজন যুৱকৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ

কৰিমগঞ্জ আৰক্ষীয়ে কালি সন্ধিয়া মালুৱা কান্দিগ্রাম অঞ্চলত অভিযান চলাই এজন যুৱকৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰে। গোপন তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত উদ্ধাৰ হোৱা মাদক দ্রব্যখিনিৰ মূল্য আনুমানিক ২ কোটি টকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। বদৰপুৰ আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে। আজি যুৱকজনক আদালতত হাজিৰ কৰা হ'ব। ইপিনে, গোলাঘাট আৰক্ষীয়েও কালি সৰুপথাৰত অভিযান চলাই মাদক দ্রব্য সৰবৰাহকাৰী এটা দলক আটক কৰে। সৰবৰাহকাৰী দলটোৰ পৰা আৰক্ষীয়ে হেৰ'ইন জব্দ কৰে। এই ঘটনাৰ সৈ...

July 10, 2024 2:49 PM July 10, 2024 2:49 PM

views 11

অসমৰ মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক, গ্রন্থাগাৰিক আৰু তৃতীয় তথা চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে নিযুক্তি দিবলগীয়া প্ৰাৰ্থীৰ তালিকা প্ৰত্যাহাৰ

অসমৰ মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক, গ্রন্থাগাৰিক আৰু তৃতীয় তথা চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে নিযুক্তি দিবলগীয়া প্ৰাৰ্থীৰ তালিকা প্ৰত্যাহাৰ কৰা হৈছে। ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ উপ-সঞ্চালকে আজি এখন জাননীযোগে এই বিষয়ে প্ৰকাশ কৰিছে। জাননীখনত তেওঁ কয় যে ইয়াৰ পূৰ্বে যোৱা ৪ জুলাইত এই সন্দৰ্ভত জাৰি কৰা সংশ্লিষ্ট পত্ৰখন ইতিমধ্যে বাতিল কৰা হৈছে। উল্লেখযোগ্য যে নিযুক্তিৰ ক্ষেত্ৰত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বাধ্যতামূলক নহয় বুলি ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ে পূৰ্বে জাৰি কৰা জাননীখনক লৈ চৰ্চা হোৱাৰ পৰিপ...

July 6, 2024 5:46 PM July 6, 2024 5:46 PM

views 14

অসমৰ কেইবাখনো অভিলাসী জিলাত সম্পূর্ণতা অভিযান আৰম্ভ

দেশৰ বৃহৎ সংখ্যক নাগৰিকৰ অংশগ্রহণেৰে নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযান পৰহি আৰম্ভ হৈছে। অসমত কেইবাখনো অভিলাসী জিলাত সম্পূর্ণতা অভিযান আৰম্ভ হৈছে। বাক্সা, ধুবুৰী, দৰং, বৰপেটা, গোৱালপাৰা, ওদালগুৰি, ডিমা হাচাও আৰু হাইলাকান্দিৰ কেইবাটাও উন্নয়ন খণ্ডক এই অভিযানে সামৰি লৈছে। অহা ৩০ ছেপ্তেম্বৰলৈকে ৩ মাহজুৰি চলিবলগীয়া এই অভিযানৰ লক্ষ্য হৈছে সকলো অভিলাষী জিলা আৰু খণ্ডত ১২টা মূল সামাজিক খণ্ডৰ সূচকৰ ক্ষেত্ৰত ১০০ শতাংশ পৰিপূৰ্ণতা লাভ কৰা। গোৱালপাৰা জিলাৰ লক্ষীপুৰত আজি সম্পূর্ণতা অভিযান কাৰ্যসূচ...

July 4, 2024 9:13 PM July 4, 2024 9:13 PM

views 10

দেশত বলৱৎ হোৱা তিনিখন নতুন আইন সন্দৰ্ভত বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ সজাগতা সভা

পহিলা জুলাইৰ পৰা দেশত বলৱৎ হোৱা তিনিখন নতুন আইন সন্দৰ্ভত আজি বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত সমাজ কল্যাণ বিভাগৰ অধীনত কৰ্মৰত শিশু উন্নয়ন প্রকল্প বিষয়া আৰু ছুপাৰ ভাইজাৰসকলক আইন তিনিখনৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰোৱা হয়। এই সভাত প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু কেইবাগৰাকীও অধিবক্তাই আইন তিনিখন সন্দৰ্ভত ভাষণ দিয়ে। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সহযোগত আজি জিলাখনত নতুন আইন তিনিখনত মহিলা আৰু শিশুৰ বাবে থকা বিভিন্ন সুবিধা ...