March 11, 2025 6:11 PM

views 34

দিল্লীৰ আনন্দ বিহাৰ এলেকাৰ বস্তি অঞ্চলত পুৱাতে সংঘটিত অগ্নিকাণ্ডত ৩ জন লোকৰ মৃত্যু

দিল্লীৰ আনন্দ বিহাৰ এলেকাৰ বস্তি অঞ্চলত আজি নিচেই পুৱাতে সংঘটিত এটা অগ্নিকাণ্ডত তিনিজন লোকৰ মৃত্যু হয়। দিল্লী আৰক্ষীয়ে জনোৱা মতে, কেইজনমান শ্রমিকে সাজি লোৱা অস্থায়ী শিবিৰত পুৱতি নিশা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। প্রায় ৪৫ মিনিটতৰ অন্তত অগ্নিনির্বাপন বাহিনীয়ে জুই নির্বাপন কৰিবলৈ সমৰ্থ হয়। ঘটনাটোত এজন লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

March 11, 2025 6:05 PM

views 33

জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ গংগোটত সংঘটিত পথ দুৰ্ঘটনাত ৩ জন লোকৰ থিতাতে মৃত্যু

জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ গংগোটত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত তিনি জন লোকৰ থিতাতে মৃত্যু হোৱাৰ উপৰি আন ১০ জন লোক আহত হয়। মাহুৰ টেহছিলৰ পিছল বাটেৰে যাত্ৰী কঢ়িয়াই নিয়া গাড়ীখন দ’ খাৱৈত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আহত লোকসকলক অঞ্চলটোৰ স্বেচ্ছাসেৱক আৰু আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে গুৰুতৰভাৱে আহত আন ৪ জন লোকক জম্মু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷

March 11, 2025 5:51 PM

views 32

এম জি এনৰেগাৰ ৰূপায়ণত দেশৰ যিকোনো স্থানত নীতি-নিৰ্দেশনাৰ উলংঘন হ’লে চৰকাৰে সেই স্থানলৈ তদন্তকাৰী দল প্ৰেৰণ কৰিবঃ শিৱৰাজ সিং চৌহান

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ গেৰাণ্টি আঁচনি, এম জি এনৰেগাৰ ৰূপায়ণত দেশৰ যিকোনো স্থানত নীতি-নিৰ্দেশনাৰ উলংঘন হ’লে চৰকাৰে সেই স্থানলৈ তদন্তকাৰী দল প্ৰেৰণ কৰিব আৰু এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। গ্রামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি লোকসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্য মন্ত্ৰী কমলেশ পাছোৱানে এই সন্দৰ্ভত কয়, যে বিগত বছৰসমূহত কেন্দ্ৰীয় চৰকাৰে এম জি এনৰেগাৰ বাবে পুঁজিৰ আৱণ্টন যথেষ্ট বৃদ্ধি কৰিছে। ইউ পি এ চৰকাৰৰ শাসনকালত ২০০৬-০৭ বৰ্...

March 8, 2025 4:10 PM

views 35

উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত ভাৰতীয় দূতাবাস মুকলি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকেৰ যোৱা নিশা উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত ভাৰতীয় দূতাবাস মুকলি কৰে। অনুষ্ঠানত ভাষণ দি ড০ জয়শংকৰে কয়, যে এই দূতাবাসটোৱে ভাৰতীয় সম্প্ৰদায়ৰ প্রয়োজনীয সেৱাসমূহ পূৰ কৰাত সহায়ক হ'ব। তেওঁ লগতে কয়, যে বেলফাষ্টৰ এই দূতাবাসটোৱে ভাৰত আৰু আয়াৰেলণ্ডৰ মাজত বাণিজ্য, প্রযুক্তি, ব্যৱসায় আৰু শিক্ষা ক্ষেত্ৰৰ ভৱিষ্যতেও দ্বিপাক্ষিক সহযোগিতাৰ সম্ভাৱনা মুকলি কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে উত্তৰ আয়ালেণ্ডৰ উপ প্রধানমন্ত্রী এম লিটন পেংগলী আৰু কনিষ্ঠ মন্ত্ৰী এইছলিঙ ৰেই...

March 8, 2025 1:53 PM

views 39

নকল ভোটদাতা ফটো পৰিচয় পত্ৰঃ ৩ মাহৰ ভিতৰত সমস্যা সমাধানৰ সিদ্ধান্ত নির্বাচন আয়োগৰ

নির্বাচন আয়োগে নকল ভোটদাতা ফটো পৰিচয় পত্ৰ অৰ্থাৎ ই পি আই চি নম্বৰৰ দীৰ্ঘদিনীয়া সমস্যাটো অহা ৩ মাহৰ ভিতৰত সমাধান কৰাৰ সিদ্ধান্ত লৈছে। আয়োগে কালি এটা বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। কাৰিকৰী দল আৰু সংশ্লিষ্ট মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে আলোচনাৰ অন্তত আয়োগে নকল ই পি আই চি নম্বৰ থকা ভোটদাতাসকলৰ বাবে এটা ৰাষ্ট্ৰীয় ই পি আই চি নম্বৰ সুনিশ্চিত কৰাৰ সিদ্ধান্ত লয়। এই অনন্য ই পি আই চি নম্বৰৰ জৰিয়তে এতিয়াৰে পৰা নিৰ্দিষ্ট ভোট কেন্দ্ৰত নাম উল্লেখ থকা ভোটদাতাইহে সেই ভোটকেন্দ্ৰত ভোটদান কৰিব পাৰিব।...

March 8, 2025 12:55 PM

views 218

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এই দিনটোতে ৰাষ্ট্ৰীয়, জাতিগত, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সীমাৰ পৰিধি নেওচি মহিলাসকলক তেওঁলোকৰ সাফল্যৰ বাবে সন্মান জনোৱা হয়। ২০২৫ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিষয়বস্তু হৈছে— ‘‘ সকলো মহিলা আৰু কিশোৰীৰ বাবেঃ অধিকাৰ, সমতা, সবলীকৰণ ’’। এই বিষয়বস্তুৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ বাবে সমঅধিকাৰ, ক্ষমতা আৰু সুযোগ-সুবিধা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই দিৱস উপলক্ষে আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে...

March 7, 2025 9:26 PM

views 49

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনাত ভালেমান পৰিস্থিতিক দুর্যোগ হিচাপে স্বীকৃতি

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনাত ভালেমান পৰিস্থিতিক দুর্যোগ হিচাপে স্বীকৃতি দিছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি বিধানসভাত বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। শ্ৰী মহন্তই কয়, যে ভূমিকম্প, বান, গৰা খহনীয়া, ভূমিস্খলন, খৰাং, ঘূৰ্ণী বতাহ আৰু ধুমুহা, গ্ৰীষ্ম প্ৰৱাহ, বিজুলী ঢেৰেকণি আৰু বজ্ৰপাত, বনজুই, জৈৱিক আৰু জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা, ৰাসায়নিক, পাৰমাণৱিক আৰু ৰেডিঅ'লজিকেল জৰুৰীকালীন অৱস্...

March 7, 2025 9:14 PM

views 28

কামৰূপ জিলাৰ ৰাণী চাপৰিত দুটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ ৰাণী চাপৰিত দুটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে এক কোটি ৫০ লাখ টকা ব্যয সাপেক্ষে নিৰ্মাণ কৰা মজলী-ৰাণী চাপৰি সংযোগী ভাসমান সেতুৰ আধাৰশিলা স্থাপন কৰে। এই সেতুখনে যাত্ৰাৰ সময় আৰু পৰিবহন ব্যয় হ্ৰাস কৰাৰ লগতে কৃষি কৰ্ম আৰু থলুৱা অর্থনীতি বৃদ্ধি কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। ড০ শৰ্মাই লগতে ৬ কোটি ৫৪ লাখ টকা ব্যয়সাপেক্ষে ৰাণী চাপৰিত বিজুলী যোগান ব্যৱস্থাৰো আধাৰশিলা স্থাপন কৰে। প্ৰায় ৪ হাজাৰ বিঘা ভূমি সামৰি ল'বলগী...

March 7, 2025 9:11 PM

views 39

মৰা ভৰলু নৈৰ ওপৰত নিৰ্মাণ কৰা পকী দলং উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কালাপাহাৰৰ ৰাধা গোবিন্দ বৰুৱা পথ, ড° ভূপেন হাজৰিকা পথ আৰু মৰা ভৰলু নৈৰ ওপৰত নিৰ্মাণ কৰা পকী দলং উদ্বোধন কৰে। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ সহায়ত ১৫ কোটি টকা ব্যয়সাপেক্ষ এই প্রকল্পকেইটা নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফলত বৰ্ষাপাৰাৰ ক্ৰিকেট ষ্টেডিয়াম, কালাপাহাৰ, ফটাশিল, কলনী বজাৰৰ পৰা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বিকল্প পথেৰে যাতায়াত কৰা যানবাহন আৰু যাত্ৰীৰ সুবিধা হ'ব। তদুপৰি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত ক্রিকেট খেলৰ ...

March 7, 2025 9:04 PM

views 43

২ এপ্ৰিলত ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদৰ ৩৬টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব

ৰাজ্যিক নির্বাচন আয়োগে অহা ২ এপ্ৰিলত ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদৰ ৩৬টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ে ঘোষণা কৰিছে। ৰাজ্যিক নির্বাচন আয়োগে আজি প্ৰকাশ কৰা অধিসূচনা অনুসৰি অহা ১৫ মার্চ হ'ব মনোনয়ন পত্র দাখিলৰ অন্তিম দিন। ১৭ মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। ১৯ মার্চ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। ৪ এপ্ৰিলত ভোটগণনা কৰা হ'ব আৰু সেইদিনাই ফলাফলসমূহ ঘোষণা কৰা হ'ব। ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ ৬৩০ টা ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব। নির্বাচন হ'বলগীয়া ৩৬টা সমষ্টিত মু...