November 27, 2025 3:40 PM November 27, 2025 3:40 PM
10
শনিবাৰে দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্ৰী মোদী ছত্তিশগড়লৈ যাব
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা শনিবাৰে দুদিনীয়া ভ্রমণসূচীৰে ছত্তিশগড়লৈ যাব। ভ্রমণকালত শ্রীমোদীয়ে আৰক্ষী সঞ্চালকপ্ৰধান আৰু আৰক্ষী মহা-পৰিদৰ্শকসকলৰ সৰ্ব ভাৰতীয় সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰিব। ৰায়পুৰত কাইলৈৰ পৰা ৩ দিনীয়া কাৰ্য্যসূচীৰে হ'বলগীয়া এই সন্মিলনত শান্তি ৰক্ষাৰ ক্ষেত্ৰত থকা মূল প্ৰত্যাহ্বানসমূহ দূৰ কৰাৰ ক্ষেত্ৰত বৰ্তমানলৈ লাভ কৰা অগ্ৰগতিৰ পৰ্য্যালোচনা কৰা হ'ব আৰু উন্নত ভাৰতৰ দৃষ্টিভংগী অনুযায়ী সুৰক্ষিত ভাৰত গঢ়াৰ বাবে বিশদ পৰিকল্পনাৰ ৰূপৰেখা প্ৰস্তুত কৰা হ'ব। সন্মিলনত শ্...