January 3, 2026 6:42 PM
9
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত মন্ত্ৰীগোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদন জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে প্রত্যাখ্যান কৰিছে
ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত মন্ত্ৰীগোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদন জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে প্রত্যাখ্যান কৰিছে। উল্লেখযোগ্য যে মন্ত্রীগোটে দাখিল কৰা প্ৰতিবেদনৰ পাছতে জনজাতি সংগঠনসমূহে প্রতিবেদনখন পুংখানুপুংখভাৱে অধ্যয়ন কৰি সিদ্ধান্ত ল'বলৈ এমাহ সময় বিচাৰিছিল। সমন্বয়ৰক্ষী সমিতিয়ে মানৱাধিকাৰ কৰ্মী সুহাস চাকমাৰ অধ্যক্ষতাত এখন বিশেষজ্ঞ সমিতি গঠন কৰিছিল। এই বিশেষজ্ঞ সমিতিয়ে মন্ত্রীগোটৰ প্ৰতিবেদন তন্ন তন্নকৈ অধ্যয়ন কৰি প্ৰয়োজনীয় নথি-পত্রসহ জনজাতি সংগঠনসমূহৰ সমন্বয...