December 3, 2025 12:27 PM December 3, 2025 12:27 PM

views 9

আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব

● আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু প্ৰতিস্থানসমূহক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব। বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণ, সমৰ্পন তথা তেওঁলোকৰ সাহসৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই অনুষ্ঠানত বিশেষভাৱে সক্ষম ছাত্র-ছাত্রী, বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণ মন্ত্ৰালয়ৰ বিষয়া, জ্যেষ্ঠ ৰাজনীতিবিদ, বিভিন্ন উদ্যোগৰ অংশীদাৰসকলৰ লগতে ভালেমান গণ্যমান্য ব্যক্তি ...

December 3, 2025 12:25 PM December 3, 2025 12:25 PM

views 10

অহা ৯ আৰু ১০ ডিচেম্বৰত সংসদৰ নিম্ন সদনত নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত ১০ ঘণ্টা জোৰা আলোচনাৰ সিদ্ধান্ত

সংসদত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ লগতে নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত দুয়ো পক্ষই আলোচনাৰ বাবে সন্মত হোৱাৰ পাছত চৰকাৰ আৰু বিৰোধী দলসমূহৰ মাজৰ অচলাৱস্থা দূৰ হৈছে। দুদিন ধৰি চলা হুলস্থূলীয়া পৰিৱেশ আৰু বিশৃংখলাতৰ পাছত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কাৰ্যকৰী পৰামৰ্শ সমিতিৰ এখন বৈঠকত অহা ৯ আৰু ১০ ডিচেম্বৰত সংসদৰ নিম্ন সদনত নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত ১০ ঘণ্টা জোৰা আলোচনাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই বৈঠকতে ৮ ডিচেম্বৰত দিনৰ ১২ বজাৰ পৰা বন্দে মাতৰমৰ ডেৰশ সংখ্যক বার্ষিকী সন্দৰ্ভতো বিশেষ আলোচনা কৰা হ'ব। প্ৰধানমন্ত্ৰী...

December 3, 2025 12:03 PM December 3, 2025 12:03 PM

views 10

৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সহমর্মিতাৰে বিবেচনা কৰিবলৈ ৰাজ্যসভাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ আহ্বান

অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰক সহমর্মিতাৰে বিবেচনা কৰিবলৈ কালি ৰাজ্যসভাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আহ্বান জনায়। শ্রীবৈশ্যই কয় যে এই ছটা জনগোষ্ঠী অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ আৰু সেয়েহে জনজাতিকৰণৰ সকলো যোগ্যতা তেওঁলোকৰ আছে। বিৰোধী দল কংগ্ৰেছে সাংসদজনৰ এই বক্তব্যৰো তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ ছটা জনগোষ্ঠীক জনজাতিকৰণৰ বাবে গঠিত মন্ত্রীগোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত কাইলৈ অসমৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সৈতে আ...

December 3, 2025 11:22 AM December 3, 2025 11:22 AM

views 9

পশ্চিম অসম আৰু উত্তৰ বংগৰ মাজত বিকল্প দ্বৈত ৰে’লপথ স্থাপন হ’ব: ৰে’ল মন্ত্রণালয়

● ৰে’ল মন্ত্রণালয়ে পশ্চিমবংগৰ নিউ কোচ বিহাৰৰ পৰা গোলকগঞ্জ আৰু গৌৰীপুৰ হৈ অভয়াপুৰীলৈ থকা ১৫২. ৩১ কিলোমিটাৰ ৰে'লপথৰ দ্বৈতকৰণৰ চূড়ান্ত জৰীপত অনুমোদন জনাইছে। প্রায় তিনি কোটি ৬৫ লাখ টকা ব্যয়েৰে চলাবলগীয়া এই স্থানভিত্তিক জৰীপ শীঘ্ৰেই আৰম্ভ হ'ব। বৰ্তমান এশাৰীয়া লাইনযুক্ত এই পথটো দ্বৈত ৰে'লপথ হৈ উঠিলে পশ্চিম অসম আৰু উত্তৰ বংগৰ মাজত বিকল্প দ্বৈত ৰে'লপথ স্থাপন হ'ব। উল্লেখযোগ্য যে বঙাইগাঁৱৰ পৰা অভয়াপুৰী হৈ নৰনাৰায়ণ সেঁতুৰে কামাখ্যালৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰেৰে দ্বৈত ৰে'লপথ আৰু বৈদ্যুতিকৰণৰ কাম সম্...

December 3, 2025 12:00 PM December 3, 2025 12:00 PM

views 6

অহা ১২ আৰু ১৩ ডিচেম্বৰত তৃতীয় ধেমাজি সাহিত্য সমাৰোহ অনুষ্ঠিত হ’ব

■ ধেমাজি জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ধেমাজি চিটী কলেজ শাখা সাহিত্য সভাৰ সৌজন্যত মহাবিদ্যালয়খনত অহা ১২ আৰু ১৩ ডিচেম্বৰত তৃতীয় ধেমাজি সাহিত্য সমাৰোহ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত জিলাখনৰ সমাজ, সাহিত্য, সংস্কৃতি, শিক্ষা আৰু প্ৰশাসনীয় দিশলৈ অনবদ্য অৱদান আগবঢ়োৱা ৬০ বছৰ ঊৰ্ধৰ দুগৰাকী বিশিষ্ট ব্যক্তিক ধেমাজি ৰত্ন বঁটা আৰু ৪০ বছৰ ঊৰ্ধৰ দুগৰাকী ব্যক্তিক ধেমাজি গৌৰৱ বঁটা প্ৰদান কৰা হ'ব।

December 1, 2025 12:27 PM December 1, 2025 12:27 PM

views 19

শ্ৰীলংকাত ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৩৪ লৈ বৃদ্ধি

● শ্ৰীলংকাত ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৩৪ লৈ বৃদ্ধি পাইছে। দেশখনৰ দুর্যোগ ব্যৱস্থাপনা কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি এই ভয়াৱহ প্রাকৃতিক দুর্যোগত এতিয়ালৈকে ৩৭০ জন লোক সন্ধান হৈ আছে। ঘূৰ্ণীবতাহৰ ফলত সৃষ্টি হোৱা বান আৰু ভূমিস্খলন অব্যাহত থকাত বহুকেইখন জিলাৰ সংযোগ বিচ্ছিন্ন হৈ আছে। ভাৰতে অপাৰেচন সাগৰ বন্ধুৰ অধীনত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে অধিক ক্ষতিগ্রস্ত অঞ্চলসমূহত হেলিকপ্টাৰ আৰু এন ডি আৰ এফৰ দল নিয়োগ কৰিছে। ইপিনে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিছানায়কে দেশবাসীক উদ...

December 1, 2025 12:13 PM December 1, 2025 12:13 PM

views 5

তামিলনাডুৰ শিৱগংগা জিলাৰ কুম্মানগুড়িত দুখন বাছৰ মুখামুখি সংঘৰ্ষত ১১ জন লোকৰ মৃত্যু

● তামিলনাডুৰ শিৱগংগা জিলাৰ কুম্মানগুড়িত কালি দুখন বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫৪ জন লোক আহত হয়। ইয়াৰে এখন বাছ তিৰুপুৰৰ পৰা কাড়াইকুড়ি অভিমুখে গৈ আছিল আৰু আনখন ডিনডিগুল জিলাৰ পৰা কাড়াইকুড়ি অভিমুখে আহি আছিল। তিৰুপটুৰ এলেকাৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগত সংঘটিত এই দুৰ্ঘটনাৰ পাছতে অঞ্চলটোৰ লোক আৰু সুস্থ অৱস্থাত থকা যাত্ৰীসকলৰ সহযোগত ভগ্ন বাছ দুখনৰ তলত আৱদ্ধ হৈ ৰোৱা ভালেসংখ্যক লোকক উদ্ধাৰ কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে এই পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি গভীৰ ...

December 1, 2025 10:55 AM December 1, 2025 10:55 AM

views 14

ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত দক্ষিণ আফ্ৰিকাক ১৭ ৰানত পৰাস্ত ভাৰতৰ

■ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক ১৭ ৰানত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই ৩৫০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৯ অভাৰ দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ৩৩২ ৰান কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ মেথিউ ব্ৰীটজকেই সর্বাধিক ৭২ ৰান কৰাৰ লগতে মার্কো জেনচনে ৭০ আৰু কৰ্বিন বচে ৬৭ ৰান কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱে ৪টা উইকেট লাভ কৰাৰ লগতে হৰ্ষিত ৰাণাই ৩টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি বিৰাট কোহলীৰ ১৩৫ ৰানৰ সহায়ত নিৰ্ধাৰ...

December 1, 2025 10:51 AM December 1, 2025 10:51 AM

views 14

আজিৰে পৰা আকাশবাণী গুৱাহাটী বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি

■ সমাগত ৰাজ্য বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে আজিৰে পৰা আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি কৰা হৈছে। এই অনুসৰি দিনৰ ১১ বজাত প্ৰচাৰিত মুখ্য বাতৰি ৫ মিনিটৰ বাতৰি বুলেটিন হিচাপে প্ৰচাৰ কৰা হ'ব। দিনৰ ১২ বাজি ৫ মিনিটত প্ৰচাৰ কৰা বাতৰিৰ সময় ১০ মিনিটলৈ বৃদ্ধি কৰা হৈছে। একেদৰে ৩ বজাৰ মুখ্য বাতৰিৰ পৰিৱৰ্তে পাঁচ মিনিটৰ বুলেটিন প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে। বিয়লি ৫ বাজি ১৫ মিনিট আৰু সন্ধিয়া ৬ বজাৰ বাতৰি এত...

December 1, 2025 10:25 AM December 1, 2025 10:25 AM

views 23

আজিৰে পৰা সংসদৰ শীতকালীন অধিবেশন আৰম্ভ

● সংসদৰ শীতকালীন অধিবেশন আজি আৰম্ভ হ'ব। ১৯ দিন ধৰি চলিবলগীয়া এই অধিবেশনত ১৫ খন বৈঠক অনুষ্ঠিত হ'ব। সংসদৰ শীতকালীন অধিবেশনত মুঠ ১৩ খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ সংশোধনী বিধেয়ক, পাৰমাণৱিক শক্তি বিধেয়ক, কৰ্প'ৰেট আইন সংশোধনী বিধেয়ক, বীমা আইন সংশোধনী বিধেয়ক আৰু ভাৰতৰ উচ্চ শিক্ষা আয়োগ বিধেয়ক ২০২৫ আছে। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে লোকসভাত কেন্দ্ৰীয় শুল্ক সংশোধনী বিধেয়ক দাখিল কৰিব। তদুপৰি অধিবেশনত ২০২৫-২৬ বৰ্ষৰ বাবে প্ৰথম পৰ্যায়ৰ অনুদানৰ পৰিপূৰক ...