January 6, 2026 2:03 AM

views 15

বিগত ১১ বছৰত দেশত বৈদ্যুতিক সামগ্ৰীৰ উৎপাদন ৬ গুণ আৰু ৰপ্তানি ৮ গুণ বৃদ্ধি হৈছে: অশ্বিনী বৈষ্ণৱ

ইলেকট্ৰনিকছ আৰু তথ্য প্রযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে বিগত ১১ বছৰত দেশত বৈদ্যুতিক সামগ্ৰীৰ উৎপাদন ৬ গুণ আৰু ৰপ্তানি ৮ গুণ বৃদ্ধি হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীবৈষ্ণৱে কয় যে বিগত বৰ্ষত এলে ৫ হাজাৰ কোটি আমেৰিকান ডলাৰ মূল্যৰ মোবাইল ফোন ৰপ্তানি কৰিছে। তেওঁ কয় যে ইয়াৰ জৰিয়তে ৰপ্তানিৰ শীৰ্ষ তিনিটা স্থানৰ ভিতৰত বৈদ্যুতিক সামগ্রী অন্তৰ্ভুক্ত হৈছে। চলিত বৰ্ষত চাৰিটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অধীনত বাণিজ্যিক উৎপাদন আৰম্ভ হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। বৈদ্যুতিক সামগ্ৰী নিৰ্মাণ খণ্ডত ...

January 6, 2026 7:39 AM

views 31

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যজুৰি আৰম্ভ বিজেপিৰ দেৱাল লিখন কাৰ্যসূচীত

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যজুৰি আজি আৰম্ভ হোৱা বিজেপিৰ দেৱাল লিখন কাৰ্যসূচীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই খানাপাৰাত শুভাৰম্ভ কৰে। দেৱাল লিখন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে দেৱালৰ গৰাকীৰ অনুমতি সাপেক্ষেহে দলৰ চিহ্ন অংকণ কৰা হ'ব। ইয়াৰ ফলত গণ-সংযোগৰ মাধ্যমেৰে প্ৰচাৰ অভিযান চলাব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে জালুকবাৰী সমষ্টিৰ বৰাগাঁৱত দলীয় বিষয়ববীয়া আৰু কাৰ্যকৰ্তা...

January 6, 2026 7:29 AM

views 20

অসম গ্রন্থ মেলাত অসমীয়া নাট্য আন্দোলন : পৰম্পৰা আৰু বিৱৰ্তন শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্রন্থ মেলাত আজি দিনৰ ২.৩০ বজাত অসমীয়া নাট্য আন্দোলন : পৰম্পৰা আৰু বিৱৰ্তন শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত হয়। বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক দুলাল ৰয়ে এই আলোচনা সত্ৰ উদ্বোধন কৰে। নাট্যকাৰ তথা নাট পৰিচালক জিতেন শৰ্মাই পৰিচালনা কৰা এই আলোচনা সত্ৰত নাট্যকাৰ কৰুণা ডেকা, নাট পৰিচালক মাণিক আহমেদ, লেখক- নাট সমালোচক সঞ্জীৱ কুমাৰ শৰ্মা, লেখক-অধ্যাপক ড০ ...

January 3, 2026 7:25 PM

views 19

আকাশবাণীৰ বিশেষ প্রাসঙ্গিক অনুষ্ঠান নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ’ব

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত প্ৰচাৰিত ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আইৰ সচিব দেৱজিৎ শ‍ইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব। উদীয়মান খেলুৱৈৰ প্ৰশিক্ষণ বিষয়ক সাক্ষাৎ গ্রহণ কৰিব আমাৰ মঙলদৈ জিলাৰ সংবাদদাতা ময়ুখ গোস্বামীয়ে।

January 3, 2026 7:20 PM

views 38

বজালীৰ বাঘমাৰাৰ সমীপৰ গড়বজাৰত সংঘটিত পথ দুৰ্ঘটনাত ৪ গৰাকী শিক্ষার্থীসহ ৫ জন লোক আহত

বজালী জিলাৰ বাঘমাৰাৰ সমীপৰ গড়বজাৰত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত ৪ গৰাকী শিক্ষার্থীসহ ৫ জন লোক আহত হয়। গুৰুতৰভাৱে আহত হোৱা লোককেইজনক পাঠশালাৰ ছহিদ মদনৰাওতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে এজনক গুৱাহাটীলৈ আৰু আন ৩ জনক বৰপেটা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইপিনে দুৰ্ঘটনাত আহত ট্ৰেক্টৰখনৰ চালক ধনন বড়োকো গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইপিনে বাক্সা জিলাৰ বাৰেঙাবাৰী মায়ংপাৰাত সংঘটিত আন এটা পথ দুৰ্ঘটনাত এগৰাকী ট্ৰেক্টৰ চালক গুৰুতৰভাৱে আহত হৈছে। ...

January 3, 2026 7:18 PM

views 21

বাক্সাৰ সদৰ মুছলপুৰত ৫ দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত স্বদেশী মেলাৰ আজি সন্ধিয়া সামৰণি পৰিব

বাক্সা জিলাৰ সদৰ মুছলপুৰত ৫ দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত স্বদেশী মেলাৰ আজি সন্ধিয়া সামৰণি পৰিব। ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সৌজন্যত আৰু সদৌ অসম ক্ষুদ্র উদ্যোগ উন্নয়ন নিগম লিমিটেড তথা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত এই মেলাত ৫০ খন বিপণীয়ে অংশগ্রহণ কৰিছে। মেলাত বিভিন্ন থলুৱা খাদ্য সম্ভাৰ, পৰম্পৰাগত সাজ-পাৰ আদি প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ লগতে বাঁহ- বেতৰ সামগ্ৰীৰ বিপণীও মুকলি কৰা হৈছে।

January 3, 2026 7:06 PM

views 23

দৃষ্টিপাত অনুষ্ঠানত গ্রন্থবৰ্ষ, গ্ৰন্থৰ চাহিদা আৰু ভৱিষ্যত সম্পর্কত এটা আলোচনা প্ৰচাৰ কৰা হব

আকাশবাণী গুৱাহাটীৰ আজি নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত গ্রন্থবৰ্ষ, গ্ৰন্থৰ চাহিদা আৰু ভৱিষ্যত সম্পর্কত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত বিশিষ্ট প্রকাশক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° সূর্যকান্ত হাজৰিকা আৰু লেখক, অনুবাদক মনস্বিনী ৰুণুমী মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

January 3, 2026 6:59 PM

views 36

এখন শক্তিশালী পাঠক সমাজে জাতিটোক শক্তিশালী কৰে আৰু গ্ৰন্থমেলা হৈছে এনে পাঠক সমাজ গঢ়ি তোলাৰ মহৎ পদক্ষেপঃ সৰ্বানন্দ সোণোৱাল

এখন শক্তিশালী পাঠক সমাজে জাতিটোক শক্তিশালী কৰে আৰু গ্ৰন্থমেলা হৈছে এনে পাঠক সমাজ গঢ়ি তোলাৰ মহৎ পদক্ষেপ বুলি কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্রকাশ কৰিছে। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ বাকৰিত কালি গ্ৰন্থমেলাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰি শ্ৰীসোণোৱালে এইদৰে কয়। তেওঁ গ্ৰন্থমেলা কিতাপৰ তীৰ্থস্থান বুলি উল্লেখ কৰি কয়, যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই গ্ৰন্থমেলাৰ জৰিয়তে ৰাজ্যত বৌদ্ধিক আন্দোলন শক্তিশালী কৰিছে। প্রযুক্...

January 3, 2026 6:52 PM

views 26

নির্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি বজালী জিলাৰ দুটা বিধানসভা সমষ্টিত বিশেষ গাঁওসভা আৰু ৱাৰ্ড কমিটীৰ বৈঠক অনুষ্ঠিত

নির্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি বজালী জিলাৰ দুটা বিধানসভা সমষ্টিত আজি বিশেষ গাঁওসভা আৰু ৱাৰ্ড কমিটীৰ বৈঠক অনুষ্ঠিত হ'ব। ২১ নম্বৰ ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টি আৰু ২৬ নম্বৰ বজালী বিধানসভা সমষ্টিত এই বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত নাগৰিকসকলে ভোটাৰ তালিকাত নিজৰ নাম, তথ্য পৰীক্ষা কৰাৰ লগতে কর্তন, অন্তর্ভুক্তি, স্থানান্তৰ বা সংশোধনৰ প্ৰয়োজন হ'লে অনলাইন আবেদন কৰিব পাৰিব। এই সন্দৰ্ভত যিকোনো সহায়ৰ বাবে স্থানীয় বি এল অ’ৰ সৈতে যোগাযোগ কৰাৰ লগতে voters.eci.gov.in অথবা ceoassam.nic.in ত Log in কৰিবলৈ বজালী ...

January 3, 2026 6:49 PM

views 26

হোজাই জিলাৰ ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ

হোজাই জিলাৰ ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ আজি দ্বিতীয় দিনাও অব্যাহত আছে। এই অভিযানৰ জৰিয়তে অঞ্চলটোত ৩০-৪০ বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা ১,২৫০ টা পৰিয়ালৰ ভিতৰত ১,০৯৮টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবাহাজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰাৰ পাছত ১,২০০ৰো অধিক দখলকাৰীলৈ জাননী প্ৰেৰণ কৰিছিল। ইয়াৰে ১৫০ টা পৰিয়ালে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চপাত সাময়িকভাৱে এই পৰিয়ালকেইটাৰ ভূমি উচ্ছেদ স্থগিত ৰখা হৈছে...