October 4, 2024 11:01 AM

views 32

৯ অক্টোবৰত পবিতৰা অভয়াৰণ্য মুকলি কৰা হ’ব

■ মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যত অহা ৯ অক্টোবৰত ২০২৪ আৰু ২০২৫ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হ'ব। বন বিভাগৰ সূত্ৰ অনুসৰি যোৱা বৰ্ষত পবিতৰা অভয়াৰণ্যত দেশী-বিদেশী পৰ্যটকৰ পৰা অভয়াৰণ্য কর্তৃপক্ষই প্রায় ৮০ লাখ টকা ৰাজহ সংগ্ৰহ কৰিছিল। এই বৰ্ষত বন বিভাগে আৰু অধিক পৰ্যটক সমাগম হোৱাৰ লগতে অধিক ৰাজহ সংগ্ৰহ হ'ব বুলিও আশা ব্যক্ত কৰিছে।

October 2, 2024 3:57 PM

views 28

গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰত ছাফাই মিত্ৰ সুৰক্ষা শিবিৰ আয়োজন

গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰত ছাফাই মিত্ৰ সুৰক্ষা শিবিৰ আয়োজন কৰা হয়। যোৰাবাটৰ আৰ্হি হাস্পাতালৰ জ্যেষ্ঠ চিকিৎসক ডা০ নয়নমণি ৰাভাৰ লগতে বহুকেইজন চিকিৎসাকর্মীৰ উপস্থিতিত এই শিবিৰত বিনামূলীয়াকৈ ছাফাই কৰ্মীসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী আৰু দূৰদৰ্শনৰ অতিৰিক্ত সঞ্চালকপ্রধান আশিস ভাটনাগৰে এই স্বাস্থ্য শিবিৰ উদ্বোধন কৰে।

September 28, 2024 7:50 PM

views 21

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত স্বচ্ছতা হি সেৱা সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত স্বচ্ছতা হি সেৱা সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যিক পঞ্চায়তি ৰাজ আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ যুটীয়া সঞ্চালক সুৰজিৎ‍ বৰগোঁহাই আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডাঃ ভাস্কৰ ঠাকুৰীয়া সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰি মানস প্রতীম শৰ্মাই।

September 28, 2024 6:23 PM

views 20

কটন বিশ্ববিদ্যালয়ত আয়োজিত তৃতীয় ভাৰত-জাপান শিক্ষা সন্মিলনত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ অংশগ্ৰহণ

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি কটন বিশ্ববিদ্যালয়ত আয়োজিত তৃতীয় ভাৰত-জাপান শিক্ষা সন্মিলনত অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত শ্ৰী ৰিজিজুৱে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে জাপানৰ সৈতে আন্তঃসম্পৰ্ক ত্বৰান্বিত কৰিবলৈ সমৰ্থ হৈছে। এই আন্তঃসম্পর্কত শিক্ষা এটা মূল চালিকা শক্তি বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শিক্ষা, বাণিজ্য আৰু সাংস্কৃতিক ক্ষেত্ৰত এই মিত্ৰতাই সৰ্বসাধাৰণৰ জীৱনো স্পৰ্শ কৰা বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে উত্তৰ-পূব ভাৰতৰ শিক্ষাৰ্থীসকলে দুয়...

September 28, 2024 6:00 PM

views 56

কাইলৈ আকাশবাণীৰ ১১৪ সংখ্যক ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মত-বিনিময় কৰিব। এয়া হ'ব এই অনুষ্ঠানৰ ১১৪ সংখ্যক খণ্ড তথা প্রধানমন্ত্ৰী মোদীৰ তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত চতুৰ্থটো খণ্ড। আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে কাইলৈ দিনৰ ১১ বজাত এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্রধানমন্ত্রী কার্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা...

September 28, 2024 5:57 PM

views 17

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন ঘোষক-ঘোষিকাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদনৰ আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অসমীয়া ভাষাৰ সাধাৰণ ঘোষণা তথা শিশু আৰু মহিলা শাখাৰ লগতে হিন্দী, নেপালী, কাৰ্বি, বড়ো, চাহ জনগোষ্ঠীৰ অনুষ্ঠান আৰু পাশ্চাত্য সংগীত শাখাত অংশকালীন ঘোষক-ঘোষিকাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। ২০ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰৰ স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। প্ৰাৰ্থী গুৱাহাটী পৌৰ এলেকাৰ বাসিন্দা হ'ব লাগিব। আগ্রহীসকলে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR GUWAHATI-ৰ পৰা আবেদন প্ৰ-পত্ৰ ডাউনল'ড কৰি অথবা আকাশবাণী গুৱাহাটীৰ সমন্বয় শাখাৰ পৰা আবেদন প...

September 28, 2024 5:56 PM

views 17

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সংবাদদাতাৰ বাবে আবেদনৰ আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.in ত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগতে আবেদন পত্র ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে নিজ হাতে নাইবা ডাকযোগে অহা ৩০ ছেপ্তেম্বৰৰ ভিতৰত প্ৰয়োজনীয় নথিপত্রসহ The Head of Office, Akashvani, Guwahati, Chandmari, Guwahati-781003 এই ঠিকনালৈ আবেদ...

September 23, 2024 12:29 PM

views 21

খানাপাৰাত ৫ দিনীয়াকৈ আৱাসিক ফেকাল্টি উন্নয়ন কাৰ্যসূচীৰ আয়োজন

পঞ্চায়তীৰাজ মন্ত্ৰালয়ে আজি গুৱাহাটীৰ খানাপাৰাত ৫ দিনীয়াকৈ আৱাসিক ফেকাল্টি উন্নয়ন কাৰ্যসূচীৰ আয়োজন কৰিছে। পঞ্চায়তীৰাজ আৰু মীন, পশুপালন আদি বিভাগৰ ৰাজ্যমন্ত্ৰী প্ৰফেচাৰ এছ পি সিং বাঘেলে এই অনুষ্ঠান উদ্বোধন কৰিব।

September 14, 2024 3:20 PM

views 13

গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানা উন্নয়নৰ বাবে ৩৬২ কোটি টকা ব্যয় কৰা হ’ব

গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানা উন্নয়নৰ বাবে ৩৬২ কোটি টকা ব্যয় কৰা হ'ব। এই ধনৰাশি চিৰিয়াখানা কৰ্তৃপক্ষই দুটা কিষ্টিত লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধ্যক্ষতাত কালি অনুষ্ঠিত কেবিনেট বৈঠকে এই বিষয়ত অনুমোদন জনায়। কেবিনেটে লগতে গুৱাহাটী মহানগৰৰ ডাউন-টাউনৰ উৰণ সেতুৰ বাবে ১১১কোটি টকাৰ অনুমোদন দিছে। সিদ্ধান্ত অনুসৰি কোকৰাঝাৰত ১০৭ কোটি টকা ব্যয়ৰে ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব। ৰাজ্যচৰকাৰে ১৯ ছেপ্তেম্বৰৰ পৰা দুখন আঁচনি আৰম্ভ কৰিব। ইয়াৰে প্ৰথমখনৰ জৰিয়তে ১২ লাখ ৬০ হাজাৰ লোকক অৰুণোদয় আঁচনিত ...

September 14, 2024 11:15 AM

views 25

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সংবাদদাতা পদৰ বাবে ভিন্ন জিলাৰ পৰা আবেদন বিচৰা হৈছে

■ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.in ত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগতে আবেদন পত্র ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে নিজ হাতে নাইবা ডাকযোগে অহা ৩০ চেপ্তেম্বৰৰ ভিতৰত প্ৰয়োজনীয় নথিপত্রসহ The Head of Office, Akashvani, Guwahati, Chandmari, Guwahati - 781003 এই ঠিকনালৈ ...