September 14, 2024 11:11 AM

views 42

আজি নিশা ৮.২ বজাত আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত প্রধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি সন্দৰ্ভত আলোচনা প্ৰচাৰ

■ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত প্রধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ উপ প্ৰৱন্ধক বৈশালী তালুকদাৰ আৰু সহকাৰী প্ৰৱন্ধক বিনয় নাথ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই। আগ্রহী শ্রোতাই অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১- ২৬৬১৮৭৬ অথবা ২৬৬২৩২৫ নম্বৰত ফোন কৰি কথা পাতিব পাৰিব।

September 13, 2024 6:36 PM

views 21

দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ বাংৰীচৰত ৪৪ লাখ টকা ব্যয় সাপেক্ষ জি প্লাচ ওৱান উপ স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ

দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ বাংৰীচৰত আজি ৪৪ লাখ টকা ব্যয় সাপেক্ষ এটা জি প্লাচ ওৱান উপ স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয়। মানকাচৰৰ বিধায়ক আমিনুল ইছলামে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মিনহাস চৌধুৰীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে। অহা ছমাহৰ ভিতৰত নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে সংশ্লিষ্ট পক্ষক নির্দেশ দিছে। ৰাজ্য চৰকাৰে প্ৰতিখন জিলাৰ বিশেষকৈ গাওঁ অঞ্চলত স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন অনাৰ উদ্দেশ্যে গ্ৰহণ কৰা জি প্লাছ ওৱান উপস্বাস্থ্য ক...

September 13, 2024 6:34 PM

views 22

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ অংশকালীন সংবাদদাতাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদনৰ আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.in ত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগতে আবেদন পত্র ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে নিজ হাতে নাইবা ডাকযোগে অহা ৩০ চেপ্তেম্বৰৰ ভিতৰত প্ৰয়োজনীয় নথিপত্রসহ The Head of Office, Akashvani, Guwahati, Chandmari, Guwahati - 781003 এই ঠিকনালৈ আবেদন পত্র...

September 7, 2024 9:16 PM

views 46

পেৰালিম্পিকত শটপুটত ব্ৰঞ্জৰ পদক অৰ্জন কৰা হোকাটো হোটোজে চেমালৈ নাগালেণ্ড চৰকাৰৰ ১.৫ কোটি টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা

নাগালেণ্ড চৰকাৰে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ এফ ফিফটি ছেভেন শিতানৰ শটপুটত ব্ৰঞ্জৰ পদক অৰ্জন কৰা হোকাটো হোটোজে চেমালৈ ডেৰ কোটি টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই সামাজিক মাধ্যম এক্সযোগে কৈছে যে, হোকাটো হোটোজে চেমাই পেৰিছ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰাটো ৰাজ্যৰ বাবে গৌৰৱৰ বিষয়। ৰাজ্য চৰকাৰে অৰ্জুন বঁটাৰ বাবে খেলুৱৈগৰাকীৰ নাম মনোনীত কৰিব বুলি তেওঁ প্ৰকাশ কৰে।

September 6, 2024 9:11 PM

views 24

যোৰহাটত কাইলৈৰ পৰা ল’ৰাৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতা

যোৰহাটত কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া ল'ৰাৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে ভিন ভিন ৰাজ্যৰ পৰা কেইবাটাও দল আহি উপস্থিত হৈছে। যোৰহাট ক্রীড়া সন্থাই সকলো দলকে আদৰণি জনোৱাৰ লগতে প্ৰতিযোগিতাৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ প্ৰতিযোগিতাখন উদ্বোধন কৰিব।

September 6, 2024 8:30 PM

views 27

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ফোন ইন দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত ফোন ইন দৃষ্টিপাত অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলত ৰেলৱেৰ আধুনিকীকৰণ সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোতাই অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ অথবা ২৬৬২৩২৫ নম্বৰত ফোন কৰি শ্ৰী শৰ্মাৰ সৈতে কথা পাতিব পাৰিব।

September 6, 2024 8:24 PM

views 50

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত চুক্তি স্বাক্ষৰ

উত্তৰ পূৰ্বাঞ্চলত মহাকাশ প্রযুক্তিৰ শিক্ষা, দক্ষতা বিকাশ, গৱেষণা আৰু উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীৰ হৈ সঞ্চালক প্ৰফেচাৰ দেবেন্দ্ৰ জালিহাল আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ হৈ উপাধ্যক্ষ সূৰয চেত্ৰীয়ে এই চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিয়ে অসমত উদ্ভাৱন, উৎকৰ্ষ সাধন আৰু মহাকাশ প্রযু...

September 5, 2024 9:05 PM

views 37

জালুকবাৰীৰ মহিলা আৰু শিশু ৰাজ্যিক গৃহত পোছাকৰ ওপৰত অনুষ্ঠিত কৰা বিশেষ দক্ষতা কাৰ্যসূচীৰ আজি সামৰণি

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সহযোগত ভাৰতীয় উদ্যমিতা প্রতিষ্ঠানে জালুকবাৰীৰ মহিলা আৰু শিশু ৰাজ্যিক গৃহত পোছাকৰ ওপৰত অনুষ্ঠিত কৰা বিশেষ দক্ষতা কাৰ্যসূচীৰ আজি সামৰণি পৰে। এই উপলক্ষে শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ ড০ শ্যামল প্ৰসাদ শ‍ইকীয়াৰ সভাপতিত্বত আয়োজিত সভাত পোছাকৰ ওপৰত দক্ষতা বিকাশ কার্যসূচী সফলতাৰে সম্পূৰ্ণ কৰাসকলক প্ৰমাণ-পত্ৰ বিতৰণ কৰা হয়। কাৰ্যসূচীত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ সঞ্চালক ড০ ললিত শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে আয়োগে ভাৰতীয় উদ্যমিতা প্ৰ...

September 5, 2024 6:10 PM

views 31

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণৰ সিদ্ধান্ত অসম মন্ত্রীসভাৰ

অসম মন্ত্রীসভাই ৰাজ্যখনৰ ভূমি, থলুৱা জনগোষ্ঠীসমূহৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ বাবে অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা পৰামৰ্শ অহা বছৰৰ ১৫ এপ্ৰিলৰ ভিতৰত ৰূপায়ণ কৰা হ'ব। ইফালে, কেবিনেটৰ আন এটা সিদ্ধান্ত অনুসৰি কৰ্তব্যৰত অৱস্থাত মৃত্যু অথবা সম্পূৰ্ণৰূপে বিকলাংগ হোৱা ৰা...

September 3, 2024 7:30 PM

views 20

চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত ৪ জন যুৱকক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত আজি মহানগৰ আৰক্ষীয়ে ৪ জন যুৱকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা যুৱককেইজন উজান বজাৰৰ বাবু দাস, দিছপুৰ ছুপাৰ মাৰ্কেটৰ অনভেশ চন্দ্ৰা, ভেটাপাৰাৰ চিন্ময় চক্ৰৱৰ্তী আৰু অবিনাশ মাহতু বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে অভিযুক্তকেইজনৰ হাতীগাঁৱত থকা এটা ফ্লেটত অভিযান চলাই ৪৪ খন চেকবুক, ১২ খন পাছবুক, ৪৯ খন ডেবিট কার্ড, সংযুক্ত আৰৱ গণৰাজ্য আৰু থাইলেণ্ডৰ বিদেশী মুদ্রা, ১৭ খন চিম কাৰ্ডকে ধৰি বহু সা-সামগ্ৰী জব্দ কৰিছে। এই সন্দৰ্ভত আজি আয়োজিত এখন সংবাদমেলত মহানগৰ আৰক্ষী আয়ুক...