October 1, 2025 8:57 PM

views 48

আৰক্ষী দিৱস উপলক্ষে আৰক্ষীত কৰ্মৰত সকলো বিষয়া, জোৱানলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

আজি অসম আৰক্ষী দিৱস। জনসাধাৰণৰ শান্তি, সুৰক্ষা আৰু নিৰাপত্তাৰ হকে নিৰৱচ্ছিন্নভাৱে কাম কৰি যোৱা অসম আৰক্ষীৰ বীৰত্ব আৰু সমৰ্পণৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী দিৱস উপলক্ষে আৰক্ষীত কৰ্মৰত সকলো বিষয়া, জোৱানলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ কয়, যে জনহিত-জনসেৱা মূলমন্ত্ৰৰে সমাজৰ অতন্দ্ৰ প্ৰহৰী হিচাপে দায়বদ্ধতাৰে কাম কৰি যোৱা আৰক্ষীৰ লোকসকল হৈছে সাহস, ত্যাগ আৰু কৰ্তব্যনিষ্ঠাৰ অম্লান প্রতিভূ। মুখ্যমন্ত্রী শর্মাই দেশ তথা জনসাধাৰণৰ সুৰক্...

April 23, 2025 1:27 PM

views 25

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদৰ কেইবাজোপাও পুৰণি গছ উভালি পৰাৰ ফলত ষ্টুডিঅ’ আৰু কাৰ্যালয়ত বিদ্যুৎ যোগান ব্যাহত

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদৰ প্ৰস্থান পথত থকা কেইবাজোপাও পুৰণি গছ যোৱানিশা উভালি পৰাৰ ফলত কেন্দ্ৰৰ ষ্টুডিঅ' আৰু কাৰ্যালয়লৈ বিদ্যুৎ যোগান যোৱা মাজনিশাৰ পৰা ব্যাহত হৈছে। যোৱা দুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে এই গছ কেইজোপাৰ শিপাৰ মাটি উটি যোৱাৰ ফলত এই গছ কেইজোপা উভালি পৰে আৰু কাষৰ বিদ্যুতৰ খুটা আৰু তাঁৰ ক্ষতিগ্ৰস্ত হয়। এই ঘটনাত আন কোনো ক্ষয়-ক্ষতি হোৱা নাই যদিও বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে। আকাশবাণী আৰু অসম ৰাজ্যিক বিদ্যুৎ বিতৰণ কোম্পানীৰ অভিযন্তা কৰ্মচাৰীসকলে ব্যাহত হোৱা বিদ্যুত যোগান পুনৰ ...

January 30, 2025 2:19 PM

views 36

প্রাচ্যতত্ববিদ বিশিষ্ট সাহিত্যিক, অধ্যাপক থানেশ্বৰ শৰ্মা আৰু মহেশ্বৰ হাজৰিকালৈ আজি অসম সাহিত্য সভাৰ সদস্য মহীয়ান সন্মান

প্রাচ্যতত্ববিদ বিশিষ্ট সাহিত্যিক, অধ্যাপক থানেশ্বৰ শৰ্মা আৰু মহেশ্বৰ হাজৰিকালৈ আজি অসম সাহিত্য সভাৰ সদস্য মহীয়ান সন্মান আগবঢ়োৱা হ'ব। একেদৰে গৱেষক, সাহিত্যিক, অধ্যাপক আনন্দ বৰমুদৈ, বিশিষ্ট সাহিত্যিক, অধ্যাপক ইদ্রিছ আলী, বিশিষ্ট ভাষাবিদ, অধ্যাপক ভীমকান্ত বৰুৱা আৰু গৱেষক সাহিত্যিক, অধ্যাপক কৰবী ডেকা হাজৰিকাক সাহিত্যচাৰ্য সন্মানেৰে বিভূষিত কৰা হ'ব। বিশিষ্ট কবি সাহিত্যিক আনিছ উজ জামানক জাতীয় কবি উপাধি প্ৰদান কৰাৰ লগতে সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকাৰ সভাপতিত্বত আজি দিনৰ ১১ বজাত অসম সাহিত...

October 13, 2024 8:18 PM

views 32

প্রসিদ্ধ উদ্যোগপতি ৰতন টাটাৰ দেহাৱসানকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ বাতৰিয়ে বিগত সপ্তাহৰ আকাশবাণীৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰিছে

প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ দেহাৱসান, ২০২২ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান, অসম চৰকাৰৰ নিযুত মইনা আঁচনিৰ অধীনত আর্থিক অনুদান বিতৰণৰ শুভাৰম্ভকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ বাতৰিয়ে বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে। তদুপৰি শাৰদীয় দুর্গা পূজা উদযাপনৰ বিভিন্ন বা-বাতৰি আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ বাতৰিও আঞ্চলিক বাতৰিত গুৰুত্বসহকাৰে প্ৰচাৰ কৰা হয়৷ যোৱা ৯ অক্টোবৰৰ নিশা প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ মুম্বাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈ...

July 18, 2024 7:41 PM

views 48

উত্তৰ প্ৰদেশৰ গোণ্ডা ষ্টেচনৰ সমীপত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত, ২ জন নিহত

উত্তৰ প্ৰদেশৰ গোণ্ডা ষ্টেচনৰ সমীপত আজি ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হয়। ৰে'লৱেৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাৰ ফলত ৰে'লখনৰ ৬টা দবা পথচ্যুত হয়। দুর্ঘটনাত কমেও দুজন যাত্রী নিহত হোৱাৰ লগতে আন ২০ গৰাকী যাত্ৰী আহত হয়। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি লক্ষ্ণৌৰ পৰা যোৱা দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰেল বিভাগৰ জ্যেষ্ঠ বিষয়াই দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ তদাৰক কৰি আছে। দুৰ্ঘটনাৰ ফলত কেইবাখনো ৰে'লৰ সেৱা বাতিল কৰা হৈছে। উল্লেখযোগ্য যে ৰে'ল মন্ত্ৰালয়ে নিহতৰ নিকটাত্মীয়লৈ ১...

May 17, 2024 5:26 PM

views 45

প্রাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়োৰ চিকিৎ‍সাধীন অৱস্থাত দেহাৱসান

সম গণ পৰিষদৰ প্ৰাক্তন সভাপতি, বর্ষীয়ান ৰাজনীতিবিদ, প্রাক্তন শিক্ষা মন্ত্ৰী, ৰঙিয়াৰ তিনিবাৰৰ বিধায়ক থানেশ্বৰ বড়োৰ আজি পুৱা চিকিৎ‍সাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। যোৱা ১৩ মে'ত সংকটজনক অৱস্থাত ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল। প্রাক্তন মন্ত্ৰীগৰাকীৰ উন্নত চিকিৎসাৰ বাবে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সঞ্চালকৰ নেতৃত্বত এদল চ...

May 8, 2024 7:58 PM

views 43

আজি শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি

আজি শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি। এই উপলক্ষে মহাপুৰুষজনাই স্থাপন কৰা বৰপেটা জিলাৰ আদিসত্ৰ পাটবাউসীত ৭ দিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰা হৈছে। কালি বন্তি প্রজ্বলন, থিয়নাম পৰিবেশন আদি কাৰ্যসূচীৰে গোন্ধ যাত্ৰা অনুষ্ঠিত কৰাৰ পাছত আজি মূল তিথি পালন কৰা হয়। আজিৰ কাৰ্যসূচী হিচাপে কৰভাৰ প্ৰদান কৰা হয়। শ্ৰীশ্ৰীদেৱ দামোদৰ সংঘৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলে শোভাযাত্ৰা কৰি গুৰুজনাৰ আদিসত্ৰখনত পৰম্পৰাগত ৰীতি-নীতিৰে কৰভাৰ প্ৰদান কৰে। তদুপৰি প্ৰসংগ, আয়তিৰ নাম আদি কাৰ্যসূচী ৰূপায়ণ...

April 21, 2024 1:09 PM

views 31

২৬ এপ্ৰিল আৰু ৭ মে’ত দুপৰীয়া ১.২০ মিনিট আৰু সন্ধিয়া ৭ .২০ মিনিটত  আকাশবাণী গুৱাহাটীৰ বিশেষ নিৰ্বাচনী অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অর্থাৎ অহা ২৬ এপ্ৰিল আৰু ৭ মে'ৰ দুপৰীয়া ১ বাজি ২০ মিনিট আৰু সন্ধিয়া ৭ বাজি ২০ মিনিটত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব । অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল Air News Guwahati আৰু News on AIR এপতো শুনিবলৈ পোৱা যাব। আনহাতে, নির্বাচনী প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত অহা ২৬ এপ্ৰিল, ৭, ১৩, ২০ আৰু ২৫ মে' তথা ১ জুনৰ নিশা ৯ বাজি ২৫ মিনিটৰ আঞ্চলিক বাতৰি নিশা ৯ বাজি ১০ মিনিটত প্ৰচাৰ কৰা হ'ব।

April 15, 2024 12:58 PM

views 35

আকাশবাণী গুৱাহাটীৰ চলন্তিকা-লোকনির্ণয় ২০২৪ শীর্ষক অনুষ্ঠানত বাক্সা জিলাৰ আয়ুক্ত কৃষ্ণা বৰুৱা

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ কালি নিশাৰ চলন্তিকা-লোকনির্ণয় ২০২৪ শীর্ষক অনুষ্ঠানত বাক্সা জিলাৰ আয়ুক্ত কৃষ্ণা বৰুৱাৰ সৈতে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সন্দৰ্ভত আলোচনা কৰা হয়। বাক্সা জিলাৰ আমাৰ সংবাদদাতাই আঁত ধৰা অনুষ্ঠানটিত জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ দুটা লোকসভা সমষ্টি ক্ৰমে দৰং-ওদালগুৰিত ২৬ এপ্ৰিলত আৰু কোকৰাঝাৰত ৭ মেত নির্বাচন অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে, ৮ লাখৰো অধিক ভোটদাতাই ভোটদান কৰিবলগীয়া জিলাখনত ৯৪৬টা ভোটকেন্দ্র স্থাপন কৰা হৈছে। ইয়াৰে দৰং-ওদালগুৰি সমষ্টি...

April 5, 2024 7:59 PM

views 51

নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ ২৩ সংখ্যক প্ৰতিষ্ঠা পালন

◊ নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। লেফটেনেণ্ট মোহিনী নাথ ফুকনৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলি অর্পনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আয়োজিত হয়। ইয়াৰ পাছতে প্ৰশাসনীক ভৱনৰ চৌহদত পতাকা উত্তোলন কৰা হয়। অনুষ্ঠানত ব্ৰহ্মপুত্ৰ উপত্যকা, সাৰ নিগম লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক বি কে বনিক, বিত্ত বিভাগৰ সঞ্চালক এছ. চি. দাস উপস্থিত থাকে।