April 5, 2024 7:55 PM

views 38

কাইলৈ নিশা ৮.২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত লোকনির্ণয়-২০২৪’ শীৰ্ষক অনুষ্ঠান

♦ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত লোকনির্ণয়-২০২৪ শীৰ্ষক অনুষ্ঠান প্ৰচাৰ হ'ব। এই অনুষ্ঠানত সাংবাদিক সুস্মিতা গোস্বামী আৰু মমতা মিশ্ৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই।

April 5, 2024 6:33 PM

views 44

আজি নিশা ৮.৩০ বজাত আকাশবাণী গুৱাহাটীৰ ‘চলন্তিকা-লোকনির্ণয়, ২০২৪’ শীৰ্ষক অনুষ্ঠান

♦ আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮.৩০ বজাত ‘চলন্তিকা-লোকনির্ণয়, ২০২৪' শীৰ্ষক অনুষ্ঠানত তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পলৰ সৈতে হোৱা এটা কথোপকথন প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব তিনিচুকীয়াৰ সংবাদদাতা মনোৰঞ্জন মৰাণে। অনুষ্ঠানত সমাগত লোকসভা নিৰ্বাচনৰ প্রস্তুতি সন্দৰ্ভত জিলা আয়ুক্তগৰাকীৰ সৈতে বাৰ্তালাপ কৰা হ'ব।

April 4, 2024 1:02 PM

views 83

ৰাজ্যত স্পৰ্শকাতৰ হিচাপে বিবেচিত ভোটকেন্দ্ৰসমূহত ৱেৱকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছেঃ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেল

◊ ৰাজ্যত সমাগত লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নির্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগ্রহণ প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰিবলৈ আয়োগে নিৰাপত্তা আৰু অন্যান্য দিশসমূহো সুক্ষ্মভাৱে তদাৰক কৰি আছে। নিৰ্বাচনত স্পৰ্শকাতৰ হিচাপে বিবেচিত হবলগীয়া ভোটকেন্দ্ৰসমূহত ৱেৱকাষ্টিঙৰ ব্যৱস্থা কৰাৰ লগতে কেন্দ্ৰৰ ভিতৰে বাহিৰে চি এ পি এফ অর্থাৎ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নিয়োগ কৰা হ’ব। তদুপৰি ই ভি এ...

April 3, 2024 7:06 PM

views 19

আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত লোকনির্ণয়-২০২৪ অনুষ্ঠানত ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সৈতে সাক্ষাৎকাৰ

♦ আকাশবাণী গুৱাহাটী কেন্দ্রই আজি নিশা ৭.২০ মিনিটত দৃষ্টিপাত লোকনির্ণয় ২০২৪ অনুষ্ঠানত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সৈতে সাক্ষাৎকাৰ প্ৰচাৰ কৰিব। এই অনুষ্ঠানটো ৰাজ্যখনৰ আকাশবাণীৰ আটাইকেইটা কেন্দ্রই একে সময়তে প্ৰচাৰ কৰিব৷

April 3, 2024 12:27 PM

views 31

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ শ্ল’গান আৰু জিংগ্‌ল প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা

♦ সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটদাতাসকলক উৎসাহিত কৰাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আয়োজন কৰা শ্ল'গান আৰু জিংগ্‌ল প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। এই ফলাফল অনুসৰি কটন বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ হৃষীকেশ বড়োৱে প্ৰথম পুৰস্কাৰ লাভ কৰিছে। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰী সুকন্যা শর্মাই। Read More News : মা...

March 29, 2024 8:06 PM

views 50

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ শ্লোগান আৰু জিংগল প্রতিযোগিতা

সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটদাতাসকলক উৎসাহিত কৰাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে শ্লোগান আৰু জিংগল প্রতিযোগিতাৰ আয়োজন কৰিছে। ভোটদাতাৰ সজাগতা বিষয়ক এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে ভোটৰ অধিকাৰ লাভ কৰা যুৱ ভোটদাতাসকলেহে অংশ ল'ব পাৰিব। শ্লোগান বা জিংগ্‌লসমূহ ৪০ ছেকেণ্ডৰ ভিতৰত হোৱাকৈ অসমীয়া ভাষাত বাণীবন্ধ কৰি ৩১ মাৰ্চৰ ভিতৰত 96196-86659 নাইবা 97166-80969 নম্বৰলৈ হোৱাট্‌ছএপযোগে প্ৰেৰণ কৰিব লাগ...