November 12, 2024 2:29 PM

views 17

গুৱাহাটীত পানীৰ উৎসৰ ব্যৱস্থাপনা সম্পৰ্কীয় দুদিনীয়া কৰ্মশালা মুকলি কেন্দ্রীয় মন্ত্রী চি আৰ পাৰ্টিলৰ

কেন্দ্রীয় জলশক্তি মন্ত্রী চি আৰ পাৰ্টিলে আজি গুৱাহাটীত ব্ৰহ্মপুত্র বোর্ডে আয়োজন কৰা পানীৰ উৎসৰ ব্যৱস্থাপনা সম্পৰ্কীয় দুদিনীয়া কৰ্মশালা মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বান নিয়ন্ত্ৰণ আৰু নদী ব্যৱস্থাপনা সম্পৰ্কত নীতি আৰু কৌশলসমূহ উন্নত কৰি তোলা বিষয়ক লৈ আলোচনা কৰে। এই বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে।

November 12, 2024 9:07 AM

views 20

ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতা সম্পন্ন পর্যালোচনা সমিতিৰ ত্ৰয়োদশ বৈঠক আজি অনুষ্ঠিত হ’ব

  ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতা সম্পন্ন পর্যালোচনা সমিতিৰ ত্ৰয়োদশ বৈঠক গুৱাহাটীত কেন্দ্ৰীয় জলশক্তি মন্ত্রী চি আৰ পাৰ্টিলৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বান নিয়ন্ত্ৰণ আৰু নদী ব্যৱস্থাপনা সম্পৰ্কত নীতি আৰু কৌশলসমূহ উন্নত কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। এই বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰিব।

November 7, 2024 7:52 PM

views 25

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শনিবাৰৰ পৰা দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শনিবাৰৰ পৰা দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ১৯৯৮ চনৰ ৯ নৱেম্বৰত কলাক্ষেত্র আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। পৰহিলৈৰ পুৱা কলাক্ষেত্ৰৰ কীৰ্তনঘৰত নাম-প্ৰসংগ আৰু আয়তীসকলৰ দিহানামেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। দিনৰ ভাগত বৰ্ণালী শীৰ্ষক অসমৰ বাবে বহণীয়া লোকনৃত্যৰ অনুষ্ঠান আৰু সন্ধিয়া অসমৰ নাট্য তথা চলচ্চিত্ৰ জগতৰ অন্যতম পুৰোধা সদ্যপ্রয়াত কুলদা কুমাৰ ভট্টাচাৰ্যৰ স্মৃতিত শ্রদ্ধাঞ্জলি অনুষ্ঠান আৰু নাট্যানুষ্ঠান পৰিৱেশ...

November 6, 2024 1:32 PM

views 34

ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে পূজাৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লাচিত ঘাটলৈ বাহন চলাচলত নিষেধাজ্ঞা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই যট পূজা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বাৰ্তাত এই শুভক্ষণত ছঠি মাইয়া আৰু সূৰ্যদেৱে নিজৰ আশীষেৰে সকলোৰে জীৱন ধন্য কৰিব বুলি আশা প্রকাশ কৰিছে। তেওঁ লগতে সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধিৰ কামনা কৰিছে। সমাগত ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে পূজাৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লাচিত ঘাটলৈ বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। টিআৰপি ৰোডত বাণিজ্যিক বাহন পার্কিঙতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।...

November 6, 2024 12:50 PM

views 21

অসম-মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা বিবাদৰ সমাধান সূত্ৰৰে গুৱাহাটীত কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনৰ উচ্চস্তৰীয় বৈঠক

কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে অসম আৰু মেঘালয়ৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদৰ সমাধান সূত্ৰ বিচাৰি আজি গুৱাহাটীত এখন উচ্চস্তৰীয় বৈঠকত অংশ লয়। বৈঠকত দুয়োখন ৰাজ্যৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে গৃহসচিবগৰাকীয়ে কালি অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। কইনাধৰাত অনুষ্ঠিত বৈঠকখনত শ্ৰী মোহনে মুখ্য সচিব ৰবি কোটা আৰু অন্য শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত আলফা, আদিবাসী, কাৰ্বি আৰু ডিমা নেচনেল লিবাৰেছন আৰ্মীৰ সৈতে জড়িত চুক্তিৰ পৰ্যালোচনা চলায়। গৃহ সচিবগৰাকীয়ে লগ...

November 6, 2024 10:19 AM

views 29

নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংক সংযোগী নির্মীয়মান উৰণ সেতুৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

■ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱানিশা নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংক সংযোগী নির্মীয়মান উৰণ সেতুখনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। লোকনিৰ্মাণ বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ সৈতে গুৱাহাটী ক্লাবত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উৰণসেতুখন সমাপ্ত পৰিবলগীয়া অংশটোৰ বুজ লয়। সাংবাদিকেৰে হোৱা কথা-বতৰাত তেওঁ কয় যে উৰণ সেতুখন পূৰ্বৰ তুলনাত এতিয়া কিছু সৰু কৰাৰ সিদ্ধান্ত লোৱা হৈছে। পূৰ্বতে লোৱা সিদ্ধান্ত অনুসৰি নুনমাটি দিশৰ পৰা আহিলে উৰণসেতুখন ৰিজাৰ্ভ বেংকত শেষ হ'লহেঁতেন, কিন্তু এতিয়া ৰবীন্দ্ৰ ভৱনৰ সন্মু...

November 4, 2024 6:55 PM

views 37

ভাষা গৌৰৱ সপ্তাহৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ বিশেষ কাৰ্যসূচী

ৰাজ্য চৰকাৰে হাতত লোৱা ভাষা গৌৰৱ সপ্তাহৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননীগোপাল মহন্তই ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীৰ উদ্বোধন কৰে। উদ্বোধনী ভাষণত চৰ্যাপদৰ পৰা নৱ্য ভাৰতীয় আৰ্য ভাষালৈ অসমীয়া ভাষাৰ দীঘলীয়া পৰিক্ৰমা সন্দৰ্ভত তেওঁ বিৱৰণ দাঙি ধৰে। ভাষণ প্ৰসংগত তেওঁ অসমীয়া ভাষাৰ চৰ্চা, গৱেষণা ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়াই থৈ যোৱা ভাষাবিদ পণ্ডিতসকলক স্মৰণ কৰে। অনুষ্ঠানত অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ ক...

November 2, 2024 7:18 PM

views 31

ৰাজ্যৰ বিভিন্ন ঠাইত শৰৎ পূর্ণিমা উপলক্ষে ৰাসৰ আয়োজন

ৰাজ্যৰ বিভিন্ন ঠাইত শৰৎ পূর্ণিমা উপলক্ষে ৰাসৰ আয়োজন কৰা হৈছে। মাজুলীৰ বিভিন্ন সত্ৰ আৰু নামঘৰসমূহত ভক্তিপ্ৰাণ বৈষ্ণৱ সমাজে শ্ৰীকৃষ্ণৰ শিশুলীলা আৰু ৰাসলীলাৰ আখৰা অব্যাহত ৰাখিছে। জিলাখনত সৰ্বমুঠ ৬৫ খন ৰাস প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। ইফালে, নুমলীগড়ৰ পাৰ্শ্বৱৰ্তী তেলগৰমত তিনিদিনীয়া কাৰ্যসূচীৰে ৰাসলীলাৰ আয়োজন কৰা হৈছে । প্রথমদিনা শিশু শিল্পীৰ দ্বাৰা অভিনীত যুৱৰাজ কংস, দ্বিতীয় দিনা মহিলা শিল্পীৰ দ্বাৰা মহাৰাজ কংস আৰু অন্তিমদিনা কংস বধ ৰাস নাটৰ প্ৰদৰ্শন কৰা হ'ব। ইফালে, নামনি অসমতো পলাশবাৰী, মির্জা, ...

November 2, 2024 6:28 PM

views 16

লক্ষ্যধৰ চৌধুৰীৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন ঠাইত কিতাপৰ দিন উদযাপন

বিশিষ্ট সাহিত্যিক, ৰাজনীতিবিদ, অভিনেতা, নাট্যকাৰ তথা পৰিচালক প্ৰয়াত লক্ষ্যধৰ চৌধুৰীৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন ঠাইত কিতাপৰ দিন উদযাপন কৰা হৈছে। গুৱাহাটীৰ উজানবজাৰত থকা কুমাৰ ভাস্কৰ নাট্য মন্দিৰত সন্ধিয়া ৬ বজাত আয়োজিত অনুষ্ঠানত সাংবাদিক নিত্য বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত লক্ষ্যধৰ চৌধুৰী ৰচিত ‘মোৰ অভিনেতা জীৱনৰ কাহিনী আৰু ভগৱান শ্ৰীকৃষ্ণ’ গ্ৰন্থখন উন্মোচন কৰাৰ লগতে অনুৰাধা দাস ৰচিত জীৱনৰ বাটে ঘাটে শীৰ্ষক গ্ৰন্থখনো উন্মোচন কৰা হয়।

October 26, 2024 8:19 PM

views 41

কাইলৈ খানাপাৰাত কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজৰ একবিংশ দ্বিবার্ষিক সমাৱৰ্তন অনুষ্ঠিত হ’ব

কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজৰ একবিংশ দ্বিবার্ষিক সমাৱৰ্তন কাইলৈ গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব। অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তদুপৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কাইলৈ কইনাধ...