April 23, 2024 11:48 AM

views 28

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ২৬ এপ্ৰিল আৰু ৭ মে’ৰ দুপৰীয়া ১.২০ বজা আৰু সন্ধিয়া ৭.২০ বজাত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অর্থাৎ অহা ২৬ এপ্ৰিল আৰু ৭ মে’ৰ দুপৰীয়া ১ বাজি ২০ মিনিট আৰু সন্ধিয়া ৭ বাজি ২০ মিনিটত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল Air News Guwahati আৰু News on AIR এপতো শুনিবলৈ পোৱা যাব। আনহাতে, নির্বাচনী প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত অহা ২৬ এপ্রিল, ৭, ১৩, ২০ আৰু ২৫ মে' তথা ১ জুনৰ নিশা ৯ বাজি ২৫ মিনিটৰ আঞ্চলিক বাতৰি নিশা ৯ বাজি ১০ মিনিটত প্ৰচাৰ কৰা হ'ব।

April 22, 2024 11:19 AM

views 23

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ২৬ এপ্ৰিল আৰু ৭ মে’ৰ দুপৰীয়া ১.২০ বজা আৰু সন্ধিয়া ৭.২০ বজাত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অর্থাৎ অহা ২৬ এপ্ৰিল আৰু ৭ মেৰ দুপৰীয়া ১ বাজি ২০ মিনিট আৰু সন্ধিয়া ৭ বাজি ২০ মিনিটত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল Air News Guwahati আৰু News on AIR এপতো শুনিবলৈ পোৱা যাব। আনহাতে, নির্বাচনী প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত অহা ২৬ এপ্রিল, ৭, ১৩, ২০ আৰু ২৫ মে' তথা ১ জুনৰ নিশা ৯ বাজি ২৫ মিনিটৰ আঞ্চলিক বাতৰি নিশা ৯ বাজি ১০ মিনিটত প্ৰচাৰ কৰা হ'ব।

April 19, 2024 5:46 PM

views 27

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা ৮.০২ বজাৰ দৃষ্টিপাত লোকনির্ণয় ২০২৪ শীর্ষক অনুষ্ঠানত লোকসভা নির্বাচন সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত লোকনির্ণয় ২০২৪ শীর্ষক অনুষ্ঠানত লোকসভা নির্বাচন সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব সাংবাদিক গৌতম শৰ্মা আৰু জিতেন্দ্ৰ কুমাৰ চৌধুৰী। অনুষ্ঠানৰ আঁত ধৰিব মানস প্রতীম শৰ্মাই।