December 19, 2024 5:47 PM

views 18

কংগ্ৰেছৰ ৰাজভৱন চলো অভিযানৰ সময়ত কৰ্তব্যৰত সাংবাদিক আইন-শৃংখলা ৰক্ষাকাৰী আৰক্ষীৰ হাতত আহত ঘটনাৰ প্ৰতিবাদত ক’লা বেজ পৰিধানেৰে সাংবাদিকৰ প্ৰতিবাদ

কংগ্ৰেছ দলে কালি গুৱাহাটীৰ ৰাজভৱন চলো অভিযানৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা কৰ্তব্যৰত সাংবাদিক আইন-শৃংখলা ৰক্ষাকাৰী আৰক্ষীৰ হাতত আহত হোৱা ঘটনাৰ প্ৰতিবাদত আজি ৰাজ্যখনৰ সাংবাদিকসকলে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবত আজি দুপৰীয়া ইয়াৰ প্ৰতিবাদৰ বাবে এখন সভা অনুষ্ঠিত হয়। এই কার্যসূচীত গুৱাহাটীৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ শতাধিক সংবাদকর্মীয়ে অংশগ্রহণ কৰে। সংবাদকর্মীসকলে এই ঘটনাক গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নকৰিবলৈ আৰু সাংবাদিকসকলৰ সুৰক্ষা নিশ্চিত কৰ...

December 13, 2024 6:30 PM

views 22

হৃদৰোগজনিত ৰোগত বিশিষ্ট কবি, সু-লেখিকা মীৰা ঠাকুৰৰ দেহাৱসান

বিশিষ্ট কবি, সু-লেখিকা মীৰা ঠাকুৰে যোৱা নিশা হৃদৰোগজনিত ৰোগত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ। তেজপুৰত জন্মগ্ৰহণ কৰা মীৰা ঠাকুৰে যোৰহাটৰ দেৱী চৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ কিছুদিন ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাও কৰিছিল। তেজত ফুলত ওঁঠত, বন বকুলৰ সুঁহুৰী, নিছিগা সুঁতাৰ ধাৰ— হৈছে তেওঁৰ উল্লেখযোগ্য কাব্য সংকলন। অসম চৰকাৰৰ সাহিত্যিক পেন্সনেৰে সন্মানিত মীৰা ঠাকুৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ...

December 11, 2024 12:41 PM

views 19

মঙলবাৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ স্থিতিস্থাপক ভৱিষ্যতৰ বাবে পৰৱৰ্তী প্ৰজন্মক সৱলীকৰণ শীৰ্ষক কৰ্মশালাৰ আয়োজন

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত কালিৰেপৰা দুদিনীয়াকৈ স্থিতিস্থাপক ভৱিষ্যতৰ বাবে পৰৱৰ্তী প্ৰজন্মক সৱলীকৰণ শীৰ্ষক কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত অগ্নি নির্বাপন, ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ব্যৱস্থাপনা আৰু উদ্ধাৰ অভিযানত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিব পৰাকৈ যুৱ প্ৰজন্মক সাজু কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। যিকোনো দুৰ্যোগকালীন পৰিস্থিতিত ক্ষতি হ্ৰাস কৰি উদ্ধাৰ অভিযানৰ সময়ত তাৎক্ষণিকভাৱে ল'বলগীয়া ব্যৱস্থা আৰু প্ৰাথমিক চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰিক জ্ঞ...

December 10, 2024 9:17 PM

views 19

শিলপুখুৰীস্থিত বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত লোক জাগৰণ মঞ্চৰ অসম শাখাৰ প্ৰতিবাদ

বাংলাদেশৰ সংখ্যালঘু হিন্দু আৰু অন্যান্য ধৰ্মীয় লোকৰ ওপৰত অব্যাহত থকা উৎপীড়ন সোনকালে বন্ধ কৰাৰ দাবী উত্থাপন কৰি আজি গুৱাহাটীৰ শিলপুখুৰীস্থিত বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত লোক জাগৰণ মঞ্চৰ অসম শাখাই প্ৰতিবাদ সাব্যস্ত কৰে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰখনৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছলৈ বুলি দিয়া এখন স্মাৰক পত্ৰ মঞ্চৰ কৰ্মকৰ্তাসকলে সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনৰ হাতত অৰ্পণ কৰে। স্মাৰক পত্ৰখনত বাংলাদেশত হিন্দু আৰু আন ধৰ্মীয় সংখ্যালঘু সকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰা...

December 7, 2024 7:57 PM

views 16

সোণাপুৰৰ আমগ্ৰীভেলীত আজিৰে পৰা দুদিনীয়াকৈ কমলা উৎসৱ অনুষ্ঠিত

গুৱাহাটী মহানগৰীৰ সমীপৰ সোণাপুৰৰ আমগ্ৰীভেলীত আজিৰে পৰা দুদিনীয়াকৈ কমলা উৎসৱ অনুষ্ঠিত হৈছে। সোণাপুৰৰ ৰসাল আৰু সুমিষ্ট কমলাক বিশ্বমুখী কৰাৰ প্ৰচেষ্টাৰে অসম-মেঘালয় সীমান্তৱৰ্তী দন্দুৰাইত আজিৰে পৰা এই উৎসৱৰ আয়োজন কৰা হৈছে। পাহাৰীয়া অঞ্চলটোৰ বিস্তীর্ণ এলেকাত কৰা কমলা খেতি প্ৰত্যক্ষ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক অঞ্চলটোত উপস্থিত হৈছে। অসম মেঘালয় সীমান্তৱৰ্তী বৃহত্তৰ আমন্ত্ৰী অঞ্চলৰ বান্দৰগোগ, মাগুৰচিলা, দন্দুৰাই, মাৰকাং, কলংপুৰ, কাচমলাকে ধৰি কেইবাখনো গাওঁ প্ৰচুৰ পৰিমাণে এই সময়ছোৱাত কমলা উৎপ...

December 6, 2024 10:32 AM

views 17

২০২৪-২৫ বৰ্ষৰ সাহিত্য বঁটা আৰু পেঞ্চন প্ৰাপকৰ তালিকা প্রকাশ

  ৰাজ্য চৰকাৰে ২০২৪-২৫ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু পেঞ্চন প্ৰাপকৰ তালিকা প্রকাশ কৰিছে। কাইলৈ প্ৰয়াত সাহিত্যিক হোমেন বৰগোহাঞিৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত ৩১ গৰাকী ব্যক্তিক এই সন্মান জনোৱা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুও উপস্থিত থাকিব।

November 29, 2024 8:37 PM

views 16

৩ ডিচেম্বৰৰ পৰা গুৱাহাটী মাষ্টাৰ্ছ আন্তর্জাতিক বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত হ’ব

সৰুসজাই ক্রীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত অহা ৩ ডিচেম্বৰৰ পৰা গুৱাহাটী মাষ্টাৰ্ছ আন্তর্জাতিক বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাখনত ভাৰতৰ লগতে ২৩ খন দেশৰ মুঠ ৪৬১ গৰাকী শ্বাটলাৰে অংশগ্ৰহণ কৰিব। ভাৰতীয় বেডমিণ্টন ফেডাৰেচনৰ সহযোগত অসম বেডমিণ্টন সন্থাই ক্রমাগত দ্বিতীয়বাৰৰ বাবে এই প্রতিযোগিতা আয়োজনৰ সুযোগ লাভ কৰিছে।

November 29, 2024 8:35 PM

views 18

কোচ বিহাৰ ট্ৰফীৰ দ্বিতীয় দিনাৰ সামৰণিত কেৰালাৰ বিৰুদ্ধে অসমে দ্বিতীয় ইনিংছত এটা উইকেট হেৰুৱাই ৩৩ ৰান সংগ্ৰহ

কেৰালাৰ বিৰুদ্ধে বৰপেটাত অনুষ্ঠিত কোচ বিহাৰ ট্ৰফী চাৰি দিনীয়া ক্রিকেট খেলখনৰ আজি দ্বিতীয় দিনাৰ সামৰণিত অসমে দ্বিতীয় ইনিংছত এটা উইকেট হেৰুৱাই ৩৩ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে কেৰালাৰ প্ৰথম ইনিংছ ১৮১ ৰানত সামৰণি পৰে। উল্লেখযোগ্য যে অসমে কালি প্রথম ইনিংছত ২৩৩ ৰান কৰে। ফলত অসমে সামগ্ৰিকভাৱে ৮৫ ৰানৰ অগ্ৰগতি লাভ কৰিছে।

November 29, 2024 6:10 PM

views 20

উপ-নির্বাচনত জয়ী হোৱা ৫ গৰাকী বিধায়কৰ বিধানসভাৰ নতুন ভৱনত আয়োজিত বিশেষ কাৰ্যসূচীত শপত গ্ৰহণ

ৰাজ্যত অলপতে অনুষ্ঠিত বিধানসভাৰ উপ-নির্বাচনত জয়ী হোৱা পাঁচগৰাকী বিধায়কে আজি বিধানসভাৰ নতুন ভৱনত আয়োজিত বিশেষ কাৰ্যসূচীত শপত গ্ৰহণ কৰে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বঙাইগাঁৱৰ দিপ্তীময়ী চৌধুৰী, বিহালীৰ দিগন্ত ঘাটোৱাল, ধলাইৰ নিহাৰৰঞ্জন দাস, ছিদলীৰ নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু চামগুৰি সমষ্টিৰ পৰা জয়ী হোৱা দিল্লুৰঞ্জন শৰ্মাক শপত বাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে।

November 20, 2024 8:37 PM

views 14

গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত খোৱাপানীৰ সমস্যা

গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত খোৱাপানীৰ সমস্যাই জনসাধাৰণক জুৰুলা কৰিছে। গুৱাহাটী জল ব'ৰ্ডে নতুন অঞ্চলত পানী সংযোগ দিয়া আৰু পানীৰ পাইপলাইন শক্তিশালী কৰিবলৈ যোৱা ১৫ নৱেম্বৰৰ পৰা দুদিনৰ বাবে পানী যোগান বন্ধ কৰিব বুলি ঘোষণা কৰিছিল যদিও এই কাম এতিয়াও সম্পূৰ্ণ নোহোৱাত মহানগৰীৰ বিস্তীর্ণ অঞ্চলত পাইপযোগে পানী যোগান আজিও বন্ধ হৈ আছে। মহানগৰীত পানী যোগান ধৰা লিচুবাগান, অমিয়নগৰ আৰু ৰামছা পাহাৰৰ জলাশয়ৰ পৰা পানী যোগান সম্পূর্ণভাৱে বন্ধ হৈ আছে। মহানগৰীৰ আন দুটা পানী যোগানকাৰী সংস্থা গুৱাহাটী পৌৰ নিগম আ...