May 19, 2024 1:13 PM

views 33

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে  ২২ মে’ৰ ভিতৰত অনলাইন আবেদনৰ আহ্বান

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে পৰীক্ষাৰ্থীসকলে অনলাইনৰ জৰিয়তেহে আবেদন জনাব পাৰিব। এই সন্দৰ্ভত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰা এখন অধিসূচনা অনুসৰি উত্তৰ বহী পুনৰীক্ষণ কৰিবলৈ বিচৰা পৰীক্ষাৰ্থীসকলে অহা ২২ মে'ৰ বিয়লি ৫ বজা পর্যন্ত ahsec.assam.gov.inত অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ বাবে পৰীক্ষাৰ্থীসকলে মাছু লো অনলাইনযোগে আদায় কৰিব লাগিব ।

May 18, 2024 10:13 PM

views 28

একাদশ শ্ৰেণীৰ নামভৰ্তিৰ পৰিপ্ৰেক্ষিতত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ জাননী

◊ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে একাদশ শ্ৰেণীৰ নামভৰ্তি প্ৰক্ৰিয়া চলি থকাৰ পৰিপ্ৰেক্ষিতত এখন গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে। এই অনুসাৰে শিক্ষা সংসদে ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে একাদশ শ্ৰেণীৰ নামভর্তি প্রক্রিয়া নির্দিষ্ট দৰ্পন পোৰ্টেলৰ যোগেৰে সম্পন্ন কৰিবলৈ শিক্ষাৰ্থী আৰু অভিভাৱকসকলক আহ্বান জনাইছে। উল্লেখযোগ্য যে দর্পন পোৰ্টেলত পঞ্জীয়নভুক্ত নোহোৱা কিছু শিক্ষানুষ্ঠানে নিজাববীয়াকৈ অফলাইন প্ৰক্ৰিয়াৰে শিক্ষাৰ্থীৰ নামভৰ্তি কৰি থকাৰ ঘটনা দৃষ্টিগোচৰ হোৱাৰ পাছতে শিক্ষা সংসদে ছাত্র-ছাত্ৰী আৰু অভিভাৱকসক...

May 18, 2024 10:06 PM

views 28

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে অনলাইনৰ জৰিয়তেহে আবেদন কৰিব লাগিব

♦উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে পৰীক্ষাৰ্থীসকলে অনলাইনৰ জৰিয়তেহে আবেদন জনাব পাৰিব। এই সন্দৰ্ভত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰা এখন অধিসূচনা অনুসৰি উত্তৰ বহী পুনৰীক্ষণ কৰিবলৈ বিচৰা পৰীক্ষাৰ্থীসকলে অহা ২২ মে'ৰ বিয়লি ৫ বজা পর্যন্ত ahsec.assam.gov.inত অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ বাবে পৰীক্ষাৰ্থীসকলে মাছুলো অনলাইনযোগে আদায় কৰিব লাগিব।

May 9, 2024 6:46 PM

views 28

শীৰ্ষস্থান অবিহনে অসম উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। এইবাৰ শীৰ্ষস্থান অবিহনে এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। ফলাফল অনুসৰি কলা শাখাত ৮৯.১৮ শতাংশ, বিজ্ঞান শাখাত ৮৯.৮৮ শতাংশ, বাণিজ্য শাখাত ৮৭.৮০ শতাংশ আৰু বৃত্তিমুখী শাখাত ৮৫.৭৮ শতাংশ পৰিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰা মতে এইবেলি পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ২,৭৩,৯০৮ গৰাকী পৰিক্ষাৰ্থীৰ মাজৰ পৰা ২,৪২,৭৯৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ফলাফল অনুসৰি কলা শাখ...

May 9, 2024 1:12 PM

views 28

চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। সেই অনুসৰি কলা শাখাত ৮৮.২-৪ শতাংশ, বিজ্ঞান শাখাত ৯০.২-৯ শতাংশ, বাণিজ্য শাখাত ৮৮.২-৮ শতাংশ আৰু বৃত্তিমুখী শাখাত ৮৫ দশমিক ৭-৮ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।   শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰা মতে এইবেলি পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ২ লাখ ৭৩ হাজাৰ ৯০৮ গৰাকী পৰীক্ষাৰ্থীৰ মাজৰ পৰা ২ লাখ ৪২ হাজাৰ ৭৯৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ফলাফল অনুসৰি কলা শাখাত মুঠ ৪১ হাজাৰ ১৩৩ গৰাকী, বিজ...

May 11, 2024 6:46 PM

views 35

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ১০ মে’ৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ চিন্তা-চৰ্চা চলাইছে

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ১০ মে’ৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ চিন্তা-চৰ্চা চলাইছে। শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোঁহাই বৰুৱাই সংবাদ মেলযোগে কয় যে ফলাফল ঘোষণাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া চলাই থকা হৈছে। আজি ফলাফল ঘোষণা কৰা হ'ব বুলি ওলোৱা জাননীখনক তেওঁ সম্পূৰ্ণ ভুৱা বুলি স্পষ্ট কৰিছে। ফলাফলক লৈ দুষ্টচক্ৰই চলোৱা অপপ্ৰচাৰত তেওঁ গৰিহণা দিয়ে। আনহাতে, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত স্থান থাকিব নে নাই, সেই সিদ্ধান্ত পৰীক্ষা সমিতিয়ে ল'ব বুলি অধ্যক্ষগৰাকীয়ে প্ৰ...

May 3, 2024 11:46 AM

views 28

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ ক্ষেত্ৰত কেতবোৰ সালসলনি

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ ক্ষেত্ৰত কেতবোৰ সালসলনি ঘটাইছে। শিক্ষা সংসদৰ সচিবে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে অহা ১৫ মে পর্যন্ত অনলাইন আবেদন দাখিল কৰিব পাৰিব। সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ দ্বাৰা ১৬ৰ পৰা ১৮ মে'ৰ ভিতৰত বাছনি তালিকা আৰু অপেক্ষাৰত ছাত্ৰ-ছাত্ৰীৰ তালিকা প্ৰকাশ কৰা হ'ব। আনহাতে, ২০ মে'ৰ পুৱা ৯ বজাত প্ৰভিজনেল বাছনি তালিকা আৰু অপেক্ষাৰত তালিকা প্ৰকাশ কৰা হ'ব। ২০ৰ পৰা ২৬ মে'ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলে নামভর্তি...

April 3, 2024 12:59 PM

views 74

২০ এপ্ৰিলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’বঃ মুখ্যমন্ত্ৰী

অহা ২০ এপ্ৰিলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। বিহুৰ আনন্দৰ মাজতে শিক্ষাৰ্থীয়ে ফলাফল লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। সৰুপথাৰত কালি অনুষ্ঠিত নির্বাচনী সভাত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল মে' মাহত ঘোষণা কৰা হয়। কিন্তু এইবাৰ পূৰ্বতকৈ আগতে এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। উল্লেখযোগ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা ফেব্ৰুৱ...