November 27, 2025 1:08 PM

views 42

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়াৰ সময়সীমা বৃদ্ধি

● উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সূচী ঘোষণা হোৱাৰ পাছতে পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় পৰিষদে কালিৰে পৰা ৪ ডিচেম্বৰলৈ অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়াৰ পুনৰ মুকলি ৰখাৰ কথা ঘোষণা কৰিছে। একাংশ শিক্ষানুষ্ঠানৰ অনুৰোধমৰ্মে অসম ৰাজ্যিক বিদ্যালয় পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত পৰিষদে ঘোষণা কৰা অনুসৰি বৰ্ধিত সময়ছোৱাত প্ৰ-পত্ৰ পূৰণ কৰা ছাত্ৰ-ছাত্ৰীসকল দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ হিচাপে গণ্য কৰা হ'ব। ৪ ডিচেম্বৰৰ পূৰ্বে ৰাজ্যক সকল...

April 9, 2025 8:00 PM

views 33

কাইলৈ এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰাৰ সম্ভাৱনা

অসম ৰাজ্যিক বিদ্যালয় পৰিষদৰ অন্তৰ্গত এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ কাইলৈ ঘোষণা কৰাৰ সম্ভাৱনা আছে। যোৱা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত এই পৰীক্ষাৰ ফলাফল অভিলেখ সময়ৰ ভিতৰত এইবাৰ ঘোষণা কৰাৰ দিহা কৰা হৈছে। আমাৰ বিশেষ সংবাদদাতাই জনোৱা মতে পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা সন্দৰ্ভত পৰিষদৰ তৰফৰ পৰা চৰকাৰীভাৱে এতিয়াও একো জনোৱা হোৱা নাই যদিও কাইলৈ পুৱাৰ ভাগত এই সম্পৰ্কীয় চৰকাৰী অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে।

April 4, 2025 6:36 PM

views 46

উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ বাতিলৰ সিদ্ধান্ত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষকসকল নির্বাচনী কাম- কাজত ব্যস্ত থকাৰ উপৰি ২০ মে’ পর্যন্ত নিৰ্বাচনী প্ৰক্ৰিয়া চলিবলগীয়া বিষয়টো বিবেচনা কৰি বিদ্যালয় শিক্ষা পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে জাৰি কৰা নিৰ্দেষনা অনুসৰি প্ৰথমবৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। কোনো শিক্ষ...

April 1, 2025 11:16 AM

views 35

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিলঃ নতুনকৈ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ মুখ্যমন্ত্রীৰ আহ্বান

● উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিল হোৱা তিনিটা বিষয়ৰ পৰীক্ষা নতুনকৈ অনুষ্ঠিত নকৰাৰ কথা বিবেচনা কৰিবলৈ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ আৰু শিক্ষা বিভাগক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে কালি সামাজিক মাধ্যমযোগে এই পৰামৰ্শ আগবঢ়ায়। তেওঁ কয়, যে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে চূড়ান্ত পৰীক্ষা আৰু অন্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ সময় আহি পৰিছে। পঞ্চায়ত নিৰ্বাচনৰ পাছত একাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিলে পৰীক্ষাৰ্থীসকলৰ উদ্বেগ বৃদ্ধ...

February 12, 2025 4:35 PM

views 98

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যত কাইলৈৰ পৰা হ’বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এইবাৰ মুঠ ৩ লাখ ৬ হাজাৰ ৮৪১ গৰাকী পৰিক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। ৰাজ্যৰ মুঠ ৮৫৬টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে দুখনকৈ গুৰুত্বপূৰ্ণ সমিত...

February 12, 2025 11:01 AM

views 59

কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

ৰাজ্যত কাইলৈৰ পৰা হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এইবাৰ মুঠ ৩ লাখ ৬,৮৪১ গৰাকী পৰিক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। ৰাজ্যৰ মুঠ ৮৫৬টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে দুখনকৈ গুৰুত্বপূৰ্ণ সমিতি গঠন ...

December 22, 2024 11:40 AM

views 36

ফেব্ৰুৱাৰী-মাৰ্চ মাহত উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব'ৰ্ডে অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। অহা ২৬ ডিচেম্বৰৰ পৰা ১৩ জানুৱাৰী পৰ্যন্ত পৰীক্ষাৰ বাবে অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিব পৰা যাব। প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে আবেদনৰ লগত ২৫০ টকাকৈ মাচুল দিব লাগিব। শিক্ষা ব'র্ডে লগতে প্ৰতিখন শিক্ষানুষ্ঠানৰ মুৰববীক তেওঁলোকৰ পৰীক্ষাৰ্থীসকলক এই বিষয়ে অৱগত কৰিবলৈ আহ্বান জনাইছে।

October 31, 2024 11:44 AM

views 35

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া  ৮ নৱেম্বৰৰ পৰা আৰম্ভ

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পৰিক্ষাৰ্থীসকলৰ বাবে অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া অহা ৮ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া ৩০ নৱেম্বৰত অন্ত পৰিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অহা বছৰৰ ফেব্ৰুৱাৰী-মার্চ মাহত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। সেই অনুসৰি প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে এই সংক্রান্তত সংশ্লিষ্ট প'ৰ্টেলৰ বিষয়ে নিৰ্দিষ্ট সময়ত পৰীক্ষাৰ্থীসকলক অৱগত কৰা হ'ব বুলি পৰিষদে এটা নিৰ্দেশনাযোগে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে প্ৰ-পত্ৰ পূৰণৰ বা...

June 1, 2024 1:36 PM

views 20

উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ নামভৰ্তিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ আজিৰ পৰা পুনৰ দর্পন পোৰ্টেল মুকলি

উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ নামভৰ্তিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজিৰ পৰা পুনৰ দর্পন পোৰ্টেল মুকলি কৰিছে। অহা ৯ জুনলৈ পোৰ্টেলটো মুকলি থাকিব আৰু শিক্ষাৰ্থীসকলে যাৱতীয় তথ্যৰ বাবে www.ahsec.assam.gov.in বা darpan.ahseconline.in ৱেৱছাইট চাব পাৰিব। লগতে শিক্ষা সংসদে সকলো শিক্ষানুষ্ঠানক ১২ জুনৰ ভিতৰত নামভৰ্তি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে।

May 20, 2024 12:37 PM

views 40

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধিসূচনা জাৰি

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে পৰীক্ষাৰ্থীসকলে অনলাইনৰ জৰিয়তেহে আবেদন জনাব পাৰিব। এই সন্দৰ্ভত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰা এখন অধিসূচনা অনুসৰি উত্তৰ বহী পুনৰীক্ষণ কৰিবলৈ বিচৰা পৰীক্ষাৰ্থীসকলে অহা ২২ মে'ৰ বিয়লি ৫ বজা পর্যন্ত ahsec.assam.gov.inত অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ বাবে পৰীক্ষাৰ্থীসকলে মাছুলো অনলাইনযোগে আদায় কৰিব লাগিব ।