March 13, 2025 8:23 PM

views 12

ধেমাজিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেট সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সংবাদমেল

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেট সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। ভাৰতীয় জনতা পাৰ্টীৰ ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এইবাৰৰ বাজেটখনক এখন নতুন তথা বিকশিত অসম সৃষ্টি কৰিব পৰা বাজেট বুলি মন্তব্য কৰে। বাজেটখনে ৰাজ্যৰ কৃষি খণ্ড আৰু ঔদ্যোগিক খণ্ডৰ বিকাশৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ বিকাশতো অৰিহণা যোগাব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এক লাখ ৫৫ হাজাৰ ৪২৮ কোটি ৭৫ লাখ টকাৰ এই বাজেটে পৰৱৰ্তী বছৰটোৰ বাবে ৰাজ্যৰ আন্তঃগাঁথনিগ...