September 20, 2024 6:31 PM September 20, 2024 6:31 PM

views 7

মহাৰাষ্ট্ৰৰ জালনাত সংঘটিত পথ দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু, ১০ আহত

মহাৰাষ্ট্ৰৰ জালনা জিলাত আজি সংঘটিত এটি পথ দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০ লোক গুৰুতৰভাৱে আহত হয়। আহত লোক কেইজনৰ ভিতৰত তিনিজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে৷ ৰাজ্যখনৰ চাহাপুৰ অঞ্চলৰ সমীপৰ জালনা-ৱাডিগোড়ি পথত আজি পুৱা এখন ট্রাকে গেৱৰাই অঞ্চলৰ পৰা জালনা অভিমুখে গৈ থকা এখন বাছত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আহতসকলক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

August 24, 2024 11:48 AM August 24, 2024 11:48 AM

views 12

নেপালৰ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মহাৰাষ্ট্ৰৰ ২৪ লোকৰ মৃতদেহ নিজ গাঁৱলৈ ৰাওনা

নেপালৰ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ ২৪ গৰাকী লোকৰ মৃতদেহ আজি নিজ গাঁৱলৈ অনা হ'ব। মৃতদেহসমূহ প্রথম উত্তৰ প্ৰদেশৰ গোৰখপুৰলৈ অনা হ'ব। তাৰপৰা ভাৰতীয় বায়ুসেনাৰ বিমানেৰে মৃতদেহসমূহ মহাৰাষ্ট্ৰৰ নাচিকলৈ নিয়া হ'ব আৰু নিজ নিজ পৰিয়ালক ছমজাই দিয়া হ'ব। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দেই কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু অন্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মৃতদেহসমূহ মহাৰাষ্ট্ৰলৈ ঘূৰাই অনাৰ বিষয় লৈ আলোচনা কৰিছিল। আলোচনা কালত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সিন্দেক এই ক্ষেত্ৰত পূৰ্ণ...

June 28, 2024 2:58 PM June 28, 2024 2:58 PM

views 6

কৰ্ণাটকৰ হাৱেৰি জিলাত যাত্রীবাহী ট্রেভেলৰে ৰাস্তাৰ কাষত ৰখাই থোৱা ট্রাকত খুন্দা মৰাৰ ফলত ১৩ গৰাকী যাত্ৰীৰ মৃত্যু

কৰ্ণাটকৰ হাৱেৰি জিলাৰ গুন্দনাহাল্লীত এখন যাত্রীবাহী ট্রেভেলৰে ৰাস্তাৰ কাষত ৰখাই থোৱা এখন ট্রাকত খুন্দা মৰাৰ ফলত ১৩গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন চাৰিগৰাকী আহত হয়। নিহতসকলৰ ভিতৰত দুটি শিশুকে ধৰি ৮ গৰাকী মহিলা আছে। পোণে-বেংগালুৰু ৰাষ্ট্ৰীয় ঘাই পথত আজি নিচেই পুৱা এই দুৰ্ঘটনা সংঘটিত হয়। নিহত লোকসকলক শিৱামগা জিলাৰ বুলি জানিব পৰা গৈছে। যাত্ৰীসকলে এটা মন্দিৰ দৰ্শন কৰি ঘূৰি অহাৰ সময়ত এই দুর্ঘটনা সংঘটিত হয়। আহত ৪গৰাকী লোকক হাৱেৰি জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

May 4, 2024 6:10 PM May 4, 2024 6:10 PM

views 9

উত্তৰাখণ্ডত শোকাবহ পথ দুৰ্ঘটনাত ৫ লোকৰ মৃত্যু

উত্তৰাখণ্ডত আজি নিচেই পুৱাতে হোৱা এটা শোকাবহ পথ দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে এগৰাকী যুৱতী গুৰুতৰভাৱে আহত হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মুছৌৰি-ডেৰাদুন পথৰ ঝাৰিপানীত এখন গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা কাষৰ খাবৈত পৰি যায়। আৰক্ষী আৰু এছ ডি আৰ এফে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য সম্পন্ন কৰে।

April 3, 2024 7:09 PM April 3, 2024 7:09 PM

views 14

মহাৰাষ্ট্ৰৰ ছত্ৰপতি ছম্ভাজীনগৰত অগ্নিকাণ্ডত একে পৰিয়ালৰ ৭ জন লোকৰ মৃত্যু

◊ মহাৰাষ্ট্ৰৰ ছত্ৰপতি ছম্ভাজীনগৰ এলেকাত আজি পুৱতি নিশা সংঘটিত এটা অগ্নিকাণ্ডত একেটা পৰিয়ালৰ ৭ জন লোকে প্ৰাণ হেৰুৱায়। পুৱতি নিশা প্ৰায় ৩ বজাত এটা তিনিমহলীয়া ভৱনত সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ মাজত পৰিয়ালটোৰ তিনিগৰাকী মহিলা আৰু দুটি শিশুও আছিল। ঘটনাটোৰ পাছত মৃতদেহকেইটা চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয়। এই অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত আৰক্ষীয়ে সম্প্রতি অনুসন্ধান চলাই আছে।

March 29, 2024 9:59 PM March 29, 2024 9:59 PM

views 7

জম্মু-কাশ্মীৰৰ ৰামবান জিলাত যাত্ৰীবাহী বাহন দুৰ্ঘটনাগ্ৰস্ত, ১০জন লোক নিহত

জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেটৰী চেচমাৰ সমীপত এখন যাত্রীবাহী বাহন পথৰ পৰা এটা দ খাৱৈত বাগৰি পৰাৰ ফলত কমেও ১০ জন লোকে প্ৰাণ হেৰুৱাইছে। আমাৰ সংবাদদাতাই জনাইছে যে, কালি মাজনিশা বহিঃৰাগত শ্রমিকক কঢ়িয়াই নিয়া এখন বাহন এটা এহেজাৰ ফুট গভীৰ খাৱৈত বাগৰি পৰাৰ ফলত এই অঘটনটো ঘটে। বর্তমানলৈকে খাৱৈটোৰ পৰা ১০টা শৱদেহ উদ্ধাৰ কৰা হৈছে।