November 23, 2024 11:01 AM

views 27

ভৱানীপুৰত সংঘটিত পথ দুৰ্ঘটনাত ৪জন লোকৰ মৃত্যু

বৰপেটা জিলাৰ ভৱানীপুৰত আজি পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত চাৰিজন লোক মৃত্যুমুখত পৰে। এই দুর্ঘটনাত এটি শিশুকে ধৰি আন তিনিজন লোক আহত হয়। আকাশবাণীৰ বৰপেটাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে নলবাৰীৰ পৰা ৰাসৰ কাৰ্যসূচী উপভোগ কৰি বৰপেটাৰ যতিগাঁৱলৈ উভতি অহা এই লোককেইজনক কঢ়িয়াই অনা গাড়ীখনে পুৱতি নিশা ভৱানীপুৰৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্রাকত পাছফালৰ পৰা খুন্দা মাৰে। এই দুৰ্ঘটনাত তেওঁলোকৰ গাড়ীখনৰ সন্মুখখন ভাগি যোৱাৰ লগতে চাৰিজন লোকে থিতাতে প্ৰাণ হেৰুৱায়। দুৰ্ঘটনাটোত আহত লোককেইজনক আৰক্ষী...

November 7, 2024 8:31 PM

views 25

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত এখন বাহন পথৰ পৰা এটা দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৪ জন লোকৰ মৃত্যু

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত আজি এখন বাহন পথৰ পৰা এটা দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৪ জন লোকে প্ৰাণ হেৰুৱায় আৰু ৪ জন আহত হয়। নিহতসকলৰ ভিতৰত এটি কিশোৰো আছে। আমাৰ সংবাদদাতাই জনাইছে যে দুৰ্ঘটনাৰ ফলত ৩ জনে থিতাতে প্ৰাণ হেৰুৱাই আৰু এজনৰ চিকিৎসালয়ত মৃত্যু ঘটে।

November 4, 2024 5:56 PM

views 30

উত্তৰাখণ্ডৰ আলমোৰা জিলাত যাত্রীবাহী বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৩৬ জন লোকৰ মৃত্যু

উত্তৰাখণ্ডৰ আলমোৰা জিলাত আজি পুৱা এখন যাত্রীবাহী বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৩৬ জন লোকৰ প্রাণহানি হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হৈছে। সংবাদ মাধ্যমৰ তথ্য অনুসৰি গাউলিখাল পৰা ৰামনগৰ অভিমুখে গৈ থকা বাছখন আলমোৰাৰ কুপি গাঁৱৰ সমীপত দুৰ্ঘটনাত পতিত হয়। প্রায় ৫১ জন যাত্রী থকা বাছখন ২০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰাৰ ফলত হতাহতৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে। আৰক্ষী আৰু এছ ডি আৰ এফৰ জোৱানসকলে ইতিমধ্যে দূর্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীয়ে এই দু...

October 4, 2024 2:45 PM

views 32

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত ট্রাক আৰু ট্রেক্টৰ ট্ৰলীৰ মাজত সংঘটিত পথ দুৰ্ঘটনাত ১০ জন লোক নিহত হোৱাৰ লগতে ৩ জন লোক আহত

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত আজি পুৱতিনিশা ট্রাক আৰু ট্রেক্টৰ ট্ৰলীৰ মাজত সংঘটিত পথ দুৰ্ঘটনাত ১০ জন লোক নিহত হোৱাৰ লগতে ৩ জন লোক আহত হয়। আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁলোকক উচিত চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিয়ে। ইপিনে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্রকাশ কৰিছে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰি ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্রশাসনে ভুক্তভোগীক সকলো ধৰণৰ ...

September 20, 2024 6:31 PM

views 23

মহাৰাষ্ট্ৰৰ জালনাত সংঘটিত পথ দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু, ১০ আহত

মহাৰাষ্ট্ৰৰ জালনা জিলাত আজি সংঘটিত এটি পথ দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০ লোক গুৰুতৰভাৱে আহত হয়। আহত লোক কেইজনৰ ভিতৰত তিনিজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে৷ ৰাজ্যখনৰ চাহাপুৰ অঞ্চলৰ সমীপৰ জালনা-ৱাডিগোড়ি পথত আজি পুৱা এখন ট্রাকে গেৱৰাই অঞ্চলৰ পৰা জালনা অভিমুখে গৈ থকা এখন বাছত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আহতসকলক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

August 24, 2024 11:48 AM

views 23

নেপালৰ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মহাৰাষ্ট্ৰৰ ২৪ লোকৰ মৃতদেহ নিজ গাঁৱলৈ ৰাওনা

নেপালৰ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ ২৪ গৰাকী লোকৰ মৃতদেহ আজি নিজ গাঁৱলৈ অনা হ'ব। মৃতদেহসমূহ প্রথম উত্তৰ প্ৰদেশৰ গোৰখপুৰলৈ অনা হ'ব। তাৰপৰা ভাৰতীয় বায়ুসেনাৰ বিমানেৰে মৃতদেহসমূহ মহাৰাষ্ট্ৰৰ নাচিকলৈ নিয়া হ'ব আৰু নিজ নিজ পৰিয়ালক ছমজাই দিয়া হ'ব। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দেই কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু অন্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মৃতদেহসমূহ মহাৰাষ্ট্ৰলৈ ঘূৰাই অনাৰ বিষয় লৈ আলোচনা কৰিছিল। আলোচনা কালত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সিন্দেক এই ক্ষেত্ৰত পূৰ্ণ...

June 28, 2024 2:58 PM

views 22

কৰ্ণাটকৰ হাৱেৰি জিলাত যাত্রীবাহী ট্রেভেলৰে ৰাস্তাৰ কাষত ৰখাই থোৱা ট্রাকত খুন্দা মৰাৰ ফলত ১৩ গৰাকী যাত্ৰীৰ মৃত্যু

কৰ্ণাটকৰ হাৱেৰি জিলাৰ গুন্দনাহাল্লীত এখন যাত্রীবাহী ট্রেভেলৰে ৰাস্তাৰ কাষত ৰখাই থোৱা এখন ট্রাকত খুন্দা মৰাৰ ফলত ১৩গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন চাৰিগৰাকী আহত হয়। নিহতসকলৰ ভিতৰত দুটি শিশুকে ধৰি ৮ গৰাকী মহিলা আছে। পোণে-বেংগালুৰু ৰাষ্ট্ৰীয় ঘাই পথত আজি নিচেই পুৱা এই দুৰ্ঘটনা সংঘটিত হয়। নিহত লোকসকলক শিৱামগা জিলাৰ বুলি জানিব পৰা গৈছে। যাত্ৰীসকলে এটা মন্দিৰ দৰ্শন কৰি ঘূৰি অহাৰ সময়ত এই দুর্ঘটনা সংঘটিত হয়। আহত ৪গৰাকী লোকক হাৱেৰি জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

May 4, 2024 6:10 PM

views 26

উত্তৰাখণ্ডত শোকাবহ পথ দুৰ্ঘটনাত ৫ লোকৰ মৃত্যু

উত্তৰাখণ্ডত আজি নিচেই পুৱাতে হোৱা এটা শোকাবহ পথ দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে এগৰাকী যুৱতী গুৰুতৰভাৱে আহত হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মুছৌৰি-ডেৰাদুন পথৰ ঝাৰিপানীত এখন গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা কাষৰ খাবৈত পৰি যায়। আৰক্ষী আৰু এছ ডি আৰ এফে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য সম্পন্ন কৰে।

April 3, 2024 7:09 PM

views 33

মহাৰাষ্ট্ৰৰ ছত্ৰপতি ছম্ভাজীনগৰত অগ্নিকাণ্ডত একে পৰিয়ালৰ ৭ জন লোকৰ মৃত্যু

◊ মহাৰাষ্ট্ৰৰ ছত্ৰপতি ছম্ভাজীনগৰ এলেকাত আজি পুৱতি নিশা সংঘটিত এটা অগ্নিকাণ্ডত একেটা পৰিয়ালৰ ৭ জন লোকে প্ৰাণ হেৰুৱায়। পুৱতি নিশা প্ৰায় ৩ বজাত এটা তিনিমহলীয়া ভৱনত সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ মাজত পৰিয়ালটোৰ তিনিগৰাকী মহিলা আৰু দুটি শিশুও আছিল। ঘটনাটোৰ পাছত মৃতদেহকেইটা চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয়। এই অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত আৰক্ষীয়ে সম্প্রতি অনুসন্ধান চলাই আছে।

March 29, 2024 9:59 PM

views 20

জম্মু-কাশ্মীৰৰ ৰামবান জিলাত যাত্ৰীবাহী বাহন দুৰ্ঘটনাগ্ৰস্ত, ১০জন লোক নিহত

জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেটৰী চেচমাৰ সমীপত এখন যাত্রীবাহী বাহন পথৰ পৰা এটা দ খাৱৈত বাগৰি পৰাৰ ফলত কমেও ১০ জন লোকে প্ৰাণ হেৰুৱাইছে। আমাৰ সংবাদদাতাই জনাইছে যে, কালি মাজনিশা বহিঃৰাগত শ্রমিকক কঢ়িয়াই নিয়া এখন বাহন এটা এহেজাৰ ফুট গভীৰ খাৱৈত বাগৰি পৰাৰ ফলত এই অঘটনটো ঘটে। বর্তমানলৈকে খাৱৈটোৰ পৰা ১০টা শৱদেহ উদ্ধাৰ কৰা হৈছে।