September 25, 2025 8:03 PM

views 50

বৰপেটাত সংঘটিত পথ দুৰ্ঘটনাত ৩জন লোক থিতাতে নিহত

■ বৰপেটা জিলাৰ হাউলী থানাৰ অন্তৰ্গত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কদমগুৰিত আজি দুপৰীয়া সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত আৰু এজন লোক আহত হয়। ইপিনে বজালী জিলাৰ পাঠশালাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত পথ দুৰ্ঘটনাত চুলিয়াপাৰাৰ সিদ্ধেশ্বৰ শৰ্মা নামৰ লোকজনৰ মৃত্যু হয়। ৰান্ধনী হিচাপে জীৱিকা নিৰ্বাহ কৰা শৰ্মাই নিজৰ কাম সমাপ্ত কৰি ঘৰলৈ আহি থকা অৱস্থাত এখন বাহনে তেওঁক মহতিয়াই লৈ যায়। ততাতৈয়াকৈ তেওঁক পাঠশালা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদি চিকিৎসকে মৃত ঘোষণা কৰে ৷

September 8, 2025 3:52 PM

views 28

কলিয়াবৰৰ সৰুভগীয়াত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ২৯ গৰাকী যাত্ৰী আহত

■ কলিয়াবৰৰ সৰুভগীয়াত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটি পথ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ২৯ গৰাকী যাত্ৰী আহত হয়। যোৰহাটৰ পৰা ধুবুৰী অভিমুখী এখন নৈশ বাছৰ সৈতে ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িওৱা এখন ট্রাকত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় লোকে বাছখনৰ পৰা শিশু আৰু মহিলা যাত্ৰীসকলক বাছৰ খিৰিকী ভাগি উদ্ধাৰ কৰে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা বাছৰ চালককে ধৰি আন ১১ জন যাত্ৰীক উন্নত চিকিৎসাৰ বাবে তেজপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

August 4, 2025 6:38 PM

views 35

ডিব্ৰুগড়ৰ খোৱাং চাৰিআলিৰ নৱনিৰ্মিত উৰণ সেতুৰ ওপৰত সংঘটিত পথ দুৰ্ঘটনাত দুজন লোক নিহত

ডিব্ৰুগড় জিলাৰ খোৱাং চাৰিআলিৰ নৱনিৰ্মিত উৰণ সেতুৰ ওপৰত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন লোক নিহত হয়। নিহত লোকদুজন খোৱাং চাহ বাগিচাৰ গাড়ীচালক প্ৰণৱ দাস আৰু মণিপথাৰ নিবাসী ৰাহুল পাটৰ বুলি চিনাক্ত কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে বলবমলৈ যাবৰ বাবে নৱনিৰ্মিত উৰণ সেতুৰ কাষত ৰখাই থোৱা দুখন বাহনক গুৱাহাটীৰ পৰা যোৱা এখন নৈশ বাছে খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত আন ছজন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে দুর্ঘটনা ...

July 28, 2025 5:18 PM

views 37

পঞ্জাৱৰ লুধিয়ানা আৰু জলন্ধৰ জিলাত সংঘটিত দুটা পৃথক দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু

পঞ্জাৱৰ লুধিয়ানা আৰু জলন্ধৰ জিলাত যোৱা নিশা সংঘটিত দুটা পৃথক দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু হয়। অৱশ্যে ১৯ জন লোকক নিৰাপদে উদ্ধাৰ কৰা হয়। প্রথমটো ঘটনাত মনকোৱাল গাঁৱৰ পৰা ২৯ জন তীর্থযাত্রী কঢ়িয়াই অনা এখন বাহন লুধিয়ানাৰ ছিৰহিন্দ খালত বাগৰি পৰাৰ ফলত দুটি শিশু আৰু তিনিগৰাকী মহিলাসহ ৬ জন লোকৰ মৃত্যু হয়।বাহনখনত থকা ১৯জনক উদ্ধাৰ কৰা হৈছে যদিও ৪জন লোকৰ সন্ধান পোৱা হোৱা নাই। লুধিয়ানাৰ উপ আয়ুক্ত হিমাংশু জৈনে এই কথা প্ৰকাশ কৰি সন্ধানহীন সকলৰ উদ্ধাৰৰ বাবে অভিযান চলি আছে বুলি উল্লেখ কৰে। আন এটা ঘটনাত জলন...

June 19, 2025 5:05 PM

views 52

পুনেৰ জেজুৰি-মৰগাঁও পথত সংঘটিত দুৰ্ঘটনাত ৮ জন লোক নিহত, প্রধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

মহাৰাষ্ট্ৰৰ পুনেৰ জেজুৰি-মৰগাঁও পথত সংঘটিত দুৰ্ঘটনাত ৮ জন লোক নিহত হোৱা ঘটনাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। একেদৰে দুৰ্ঘটনাত আহত সকলৰ বাবে ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰা হৈছে। শ্রীমোদীয়ে আহত সকলৰ আশু আৰোগ্য কামনা কৰিছে। উল্লেখযোগ্য যে পুনেত কালি সন্ধিয়া সংঘটিত এই পথ দুৰ্ঘটনাত ৮ জন লোক থিতাতে নিহত হোৱাৰ লগতে ৫ জন গুৰুতৰভাৱে আহত হৈছিল। এখন তীব্রবেগী ...

April 3, 2025 8:19 PM

views 28

শিলচৰৰ বামনগৰ বাইপাছত সংঘটিত এটা দুৰ্ঘটনাত দুজন ব্যক্তি নিহত, ৪ জন লোক গুৰুতৰভাৱে আহত

শিলচৰৰ বামনগৰ বাইপাছত আজি বিয়লি সংঘটিত এটা দুৰ্ঘটনাত দুজন ব্যক্তি নিহত হোৱাৰ লগতে চাৰিজন লোক গুৰুতৰভাৱে আহত হৈছে। ৰামনগৰৰ আই এছ বি টিৰ সমীপত মাটিভর্তি এখন ডাম্পাৰ আৰু যাত্রীবাহী অটোবিক্সাৰ মুখামুখি সংঘৰ্ষৰ ফলত হোৱা এই দুৰ্ঘটনাত আফছানা বেগম নামৰ এগৰাকী মহিলা আৰু তেওঁৰ ৭ বছৰীয়া পুত্ৰৰ থিতাতে মৃত্যু হয়। প্রত্যক্ষদর্শীয়ে জনোৱা মতে অটোরিক্সাখনৰ চালক আৰু আন তিনিজন যাত্ৰীৰ অৱস্থা গুৰুতৰ আৰু তেওঁলোকক উপযুক্ত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ভৰ্তি কৰা হৈছে। ডাম্পাৰখনৰ চালক বৰ্তমান ...

March 11, 2025 6:05 PM

views 33

জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ গংগোটত সংঘটিত পথ দুৰ্ঘটনাত ৩ জন লোকৰ থিতাতে মৃত্যু

জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ গংগোটত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত তিনি জন লোকৰ থিতাতে মৃত্যু হোৱাৰ উপৰি আন ১০ জন লোক আহত হয়। মাহুৰ টেহছিলৰ পিছল বাটেৰে যাত্ৰী কঢ়িয়াই নিয়া গাড়ীখন দ’ খাৱৈত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আহত লোকসকলক অঞ্চলটোৰ স্বেচ্ছাসেৱক আৰু আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে গুৰুতৰভাৱে আহত আন ৪ জন লোকক জম্মু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷

February 14, 2025 8:10 PM

views 25

কুম্ভমেলালৈ গৈ পথ দুৰ্ঘটনাত গুৱাহাটীৰ তেতেলীয়াৰ আনন্দ জ্যোতি মহন্ত নামৰ এজন লোকৰ মৃত্যু

প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভমেলালৈ গৈ এটা পথ দুৰ্ঘটনাত পতিত হৈ গুৱাহাটীৰ তেতেলীয়াৰ আনন্দ জ্যোতি মহন্ত নামৰ এজন লোকৰ মৃত্যু হৈছে। ১১ ফেব্ৰুৱাৰীৰ দিনা পৰিয়ালৰ অন্যান্য সদস্যৰ এটা ৭ জনীয়া দল তেতেলিয়াৰ পৰা এখন বাহনেৰে প্ৰয়াগৰাজ অভিমুখে ৰাওনা হৈছিল। দলটো কুম্ভমেলাত স্থআন কৰি উভতি অহাৰ পিছত আজি পুৱা প্ৰায় ৬ বজাত ঝাৰখণ্ডৰ গয়াত বাহনখন দুৰ্ঘটনাত পতিত হয়। বাহনখনে ট্ৰাকৰ পিছফালে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত চালকৰ আসনত থকা আনন্দ জ্যোতি মহন্ত থিতাতে মৃত্যু হয়। বাহনখনৰ আন ৬ জন লোকো কম বেছি পৰিমাণে আঘ...

February 14, 2025 6:30 PM

views 38

জালুকবাৰীৰ গোটানগৰত সংঘটিত পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যুৰ লগতে ৩ গৰাকী ছাত্রী গুৰুতৰভাৱে আহত

গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ গোটানগৰত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে তিনিগৰাকী ছাত্রী গুৰুতৰভাৱে আহত হয়। পুৱাৰ ভাগত এখন বাছে এখন স্কুটীক মহটীয়াই নিয়াৰ ফলত প্ৰফুল্ল দাস নামৰ লোকজন থিতাতে নিহত হয়। সম্প্রতি ছাত্রী তিনিগৰাকী বিপদমুক্ত বুলি জানিব পৰা গৈছে। ইপিনে বৰপেটা জিলাৰ হাউলীৰ সমীপৰ কালঝাৰত সংঘটিত আন এটা পথ দুৰ্ঘটনাত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ থিতাতে নিহত হয়। মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত এখন চাৰিচকীয়া বাহনে ছাত্ৰজনক খুন্দিয়াই পলায়ন কৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জা...

December 24, 2024 1:26 PM

views 37

চলিত বছৰত ৰাজ্যত পথ দুর্ঘটনা ৭২.৫৬ শতাংশ বৃদ্ধি

চলিত বছৰত ৰাজ্যত পথ দুর্ঘটনা ৭২.৫৬ শতাংশ বৃদ্ধি পাইছে। অৱশ্যে দুৰ্ঘটনাত মৃত্যুৰ হাৰ যোৱা বছৰৰ তুলনাত এই বছৰ ১৪.২৮ শতাংশ হ্রাস পাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আৰক্ষী, পথ পৰিবহনকে ধৰি কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে হোৱা বৈঠকৰ পাছত মুখ্যমন্ত্রীয়ে এই বিষয়ে প্ৰকাশ কৰি কয়, যে যোৱাবছৰ ৰাজ্যখনত ৬,৬৯৮টা দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে এইবাৰ ৰাজ্যখনত সংঘটিত দুৰ্ঘটনাৰ সংখ্যা ১১,৫৫৮ লৈ বৃদ্ধি পাইছে। ড০ শৰ্মাই কয়, যে সমাগত উৎসৱৰ সময়ছোৱাৰ উপৰি অন্য সময়তো ৰাজ্যখনক পথ দুৰ্ঘটনাৰ পৰা মুক্ত ...