December 29, 2025 6:12 PM December 29, 2025 6:12 PM

views 2

ইষ্টমাচ অব তেহৱান টেপেকৰ আন্তঃমহাসাগৰীয় কৰিড’ৰত যাত্ৰীবাহী ৰে’লগাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ১৩গৰাকী লোকৰ মৃত্যু

● মেক্সিকোৰ ছেলিনা ক্রুজ কোৱাটজাকোৱালকোচ পথৰ ইষ্টমাচ অব তেহৱান টেপেকৰ আন্তঃমহাসাগৰীয় কৰিড'ৰত এখন যাত্ৰীবাহী ৰেলগাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ১৩গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৯৮গৰাকী আহত হয়। ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে ৰেলগাড়ীখনত ২৫০গৰাকী যাত্ৰী আছিল। মেক্সিকোৰ নৌসেনা বিভাগে উদ্ধাৰ অভিযানৰ বাবে ৩৬০গৰাকী জোৱান, এম্বুলেন্স, ড্রোণকে ধৰি সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি ক্লৌডিয়া শ্বেইনবমে সংশ্লিষ্ট বিষয়াসকলক আহত লোকসকলক প্রয়োজন সাপেক্ষে চিকিৎসা সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দ...

December 26, 2025 6:42 PM December 26, 2025 6:42 PM

views 4

অন্ধ্ৰ প্ৰদেশত আজি পুৱা দুটা পৃথক পথ দুৰ্ঘটনাত ৭জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ৫ জন লোক আহত

অন্ধ্ৰ প্ৰদেশত আজি নিচেই পুৱা দুটা পৃথক পথ দুৰ্ঘটনাত ৭জন লোকে প্ৰাণ হেৰুৱায় আৰু ৫ জন লোক আহত হয়। গুন্টুৰ জিলাত এখন ব্যক্তিগত বাছে এখন চাৰিচকীয়া বাহনত পিছফালৰ পৰা খুন্দিওৱাৰ ফলত তিনিজন লোক নিহত হয় আৰু তিনিজন লোক আহত হয়। ৰাজ্যখনৰ নানদয়াল জিলাত এটা পথ দুৰ্ঘটনাত চাৰিজন লোকে প্ৰাণ হেৰুৱায়। এখন দ্রুতবেগী বাহনে পথ বিভাজকত খুন্দিয়াই বিপৰীত দিশৰ পৰা আহি থকা এখন বাছৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলত দুর্ঘটনাটো ঘটে।

December 26, 2025 6:40 PM December 26, 2025 6:40 PM

views 3

কৰ্ণাটকৰ চিত্ৰদুৰ্গত এখন ব্যক্তিগত বাছ আৰু মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ পাছত অগ্নিদগ্ধ হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৭ লৈ বৃদ্ধি

কৰ্ণাটকৰ চিত্ৰদুৰ্গত এখন ব্যক্তিগত বাছ আৰু মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ পাছত অগ্নিদগ্ধ হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৭ লৈ বৃদ্ধি পাইছে। দুর্ঘটনাগ্রস্ত বাছখনৰ চালকজনে আজি পুৱা প্ৰাণ হেৰুৱায়। কালি দুর্ঘটনাটোত ছজন লোক জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাইছিল আৰু ২১ জন লোক আহত হৈছিল। বাছখনৰ পৰা পাঁচটা আৰু ট্ৰাকখনৰ পৰা এটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল। কৰ্তৃপক্ষই কৈছে যে মৃতদেহৰ ডি এন এ পৰীক্ষাৰ ফলাফলৰ পাছত নিহতসকলৰ পৰিয়ালক মৃতদেহ হস্তান্তৰ কৰা হয়। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমায়াই এই দুৰ্ঘটনা...

December 18, 2025 12:09 PM December 18, 2025 12:09 PM

views 13

বিগত ৫ বছৰত অসমত পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে

অসমত যোৱা ৫ বছৰত পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। এই সময়ছোৱাত ৰাজ্যখনত ১৫ হাজাৰ ৩০৬ জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। ৰাজ্যসভাত কালি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে এই তথ্য প্ৰকাশ কৰিছে। কংগ্ৰেছ সাংসদ দিগ্বিজয় সিং আৰু ৰঞ্জিত ৰঞ্জনে উত্থাপন কৰা এটা প্রশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত তুলনামূলকভাৱে পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ হ্ৰাস পাইছে। কিন্তু লক্ষণীয়ভাৱে বিগত ৫ বছৰত অসমত পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ ২৭.৪৬ শতাংশ বৃদ্ধি পাইছে। সদনত দাখিল কৰা তথ্যমতে ২...

December 11, 2025 7:40 PM December 11, 2025 7:40 PM

views 10

অৰুণাচল প্ৰদেশৰ আনজাওত পথ দুৰ্ঘটনাত অসমৰ ১৪ জন শ্রমিক, কেইবাজনৰ মৃত্যু

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত হোৱা এটা পথ দুৰ্ঘটনাত অসমৰ ১৪ জন শ্রমিককে ধৰি কেইবাজনো লোকৰ মৃত্যু হয়। সংবাদ মাধ্যমসমূহে আজি ইটানগৰত প্ৰকাশ কৰা মতে পাহাৰীয়া অঞ্চলৰ পৰা শ্রমিক কঢ়িয়াই অনা এখন ডাম্পাৰ ৰাজ্যখনৰ হায়ুলিয়াং-ছাল্লাগাম পথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰাৰম্ভিক তথ্য অনুসৰি বাহনখনত অসমৰ কমেও ২১ গৰাকী শ্রমিক আছিল। ঘটনাৰ পাছতেই স্থানীয় প্রশাসন আৰু এন ডি আব এফে শ্রমিকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে। উদ্ধাৰকাৰী দলে অসম আৰক্ষীৰ সৈতে এই অভিযানত সহায়ৰ বাব...

October 2, 2025 1:16 PM October 2, 2025 1:16 PM

views 18

যোৰহাটত হোৱা দুৰ্ঘটনাত এজন আৰক্ষী বিষয়াৰ থিতাতে মৃত্যু

যোৰহাট জিলাৰ টীয়ক ভগামুখত আজি পুৱতি আৰক্ষীৰ এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা মৰাৰ ফলত হোৱা দুৰ্ঘটনাত এজন আৰক্ষী বিষয়া থিতাতে মৃত্যু হয়। দুর্ঘটনাত মৃত্যু হোৱা আৰক্ষী বিষয়াজন ভগামুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ মালাকাৰ বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত একেখন আৰক্ষী চকীৰে ৫ গৰাকী আৰক্ষীসহ উপ-পৰিদৰ্শক মৰমী নাথ গুৰুতৰভাৱে আহত হয়। আহত আটাইকেইজন আৰক্ষীকে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ডিব্ৰুগড় জিলাৰ চাবুৱা থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথত কালি ...

September 25, 2025 8:03 PM September 25, 2025 8:03 PM

views 26

বৰপেটাত সংঘটিত পথ দুৰ্ঘটনাত ৩জন লোক থিতাতে নিহত

■ বৰপেটা জিলাৰ হাউলী থানাৰ অন্তৰ্গত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কদমগুৰিত আজি দুপৰীয়া সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত আৰু এজন লোক আহত হয়। ইপিনে বজালী জিলাৰ পাঠশালাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত পথ দুৰ্ঘটনাত চুলিয়াপাৰাৰ সিদ্ধেশ্বৰ শৰ্মা নামৰ লোকজনৰ মৃত্যু হয়। ৰান্ধনী হিচাপে জীৱিকা নিৰ্বাহ কৰা শৰ্মাই নিজৰ কাম সমাপ্ত কৰি ঘৰলৈ আহি থকা অৱস্থাত এখন বাহনে তেওঁক মহতিয়াই লৈ যায়। ততাতৈয়াকৈ তেওঁক পাঠশালা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদি চিকিৎসকে মৃত ঘোষণা কৰে ৷

September 8, 2025 3:52 PM September 8, 2025 3:52 PM

views 11

কলিয়াবৰৰ সৰুভগীয়াত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ২৯ গৰাকী যাত্ৰী আহত

■ কলিয়াবৰৰ সৰুভগীয়াত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটি পথ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ২৯ গৰাকী যাত্ৰী আহত হয়। যোৰহাটৰ পৰা ধুবুৰী অভিমুখী এখন নৈশ বাছৰ সৈতে ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িওৱা এখন ট্রাকত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় লোকে বাছখনৰ পৰা শিশু আৰু মহিলা যাত্ৰীসকলক বাছৰ খিৰিকী ভাগি উদ্ধাৰ কৰে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা বাছৰ চালককে ধৰি আন ১১ জন যাত্ৰীক উন্নত চিকিৎসাৰ বাবে তেজপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

August 4, 2025 6:38 PM August 4, 2025 6:38 PM

views 14

ডিব্ৰুগড়ৰ খোৱাং চাৰিআলিৰ নৱনিৰ্মিত উৰণ সেতুৰ ওপৰত সংঘটিত পথ দুৰ্ঘটনাত দুজন লোক নিহত

ডিব্ৰুগড় জিলাৰ খোৱাং চাৰিআলিৰ নৱনিৰ্মিত উৰণ সেতুৰ ওপৰত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন লোক নিহত হয়। নিহত লোকদুজন খোৱাং চাহ বাগিচাৰ গাড়ীচালক প্ৰণৱ দাস আৰু মণিপথাৰ নিবাসী ৰাহুল পাটৰ বুলি চিনাক্ত কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে বলবমলৈ যাবৰ বাবে নৱনিৰ্মিত উৰণ সেতুৰ কাষত ৰখাই থোৱা দুখন বাহনক গুৱাহাটীৰ পৰা যোৱা এখন নৈশ বাছে খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত আন ছজন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে দুর্ঘটনা ...

July 28, 2025 5:18 PM July 28, 2025 5:18 PM

views 18

পঞ্জাৱৰ লুধিয়ানা আৰু জলন্ধৰ জিলাত সংঘটিত দুটা পৃথক দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু

পঞ্জাৱৰ লুধিয়ানা আৰু জলন্ধৰ জিলাত যোৱা নিশা সংঘটিত দুটা পৃথক দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু হয়। অৱশ্যে ১৯ জন লোকক নিৰাপদে উদ্ধাৰ কৰা হয়। প্রথমটো ঘটনাত মনকোৱাল গাঁৱৰ পৰা ২৯ জন তীর্থযাত্রী কঢ়িয়াই অনা এখন বাহন লুধিয়ানাৰ ছিৰহিন্দ খালত বাগৰি পৰাৰ ফলত দুটি শিশু আৰু তিনিগৰাকী মহিলাসহ ৬ জন লোকৰ মৃত্যু হয়।বাহনখনত থকা ১৯জনক উদ্ধাৰ কৰা হৈছে যদিও ৪জন লোকৰ সন্ধান পোৱা হোৱা নাই। লুধিয়ানাৰ উপ আয়ুক্ত হিমাংশু জৈনে এই কথা প্ৰকাশ কৰি সন্ধানহীন সকলৰ উদ্ধাৰৰ বাবে অভিযান চলি আছে বুলি উল্লেখ কৰে। আন এটা ঘটনাত জলন...