January 22, 2026 12:27 PM
8
দুলীয়াজান ৰে’ল ষ্টেচনৰ সমীপত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ উত্তপ্ত পৰিস্থিতি
দুলীয়াজান ৰে'ল ষ্টেচনৰ সমীপত কালি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে ডিব্ৰুগড়ৰ পৰা দুলীয়াজান অভিমুখে গৈ থকা এখন টেংকাৰে বিপৰীত দিশৰ পৰা অহা এখন মটৰ চাইকেলক খুন্দা মৰাৰ ফলত মটৰ চাইকেল আৰোহীজনৰ থিতাতে মৃত্যু হয়। ঘটনাৰ পাছতে টেংকাৰখনৰ চালকজনে পলায়ন কৰে। ইয়াৰ পাছতে স্থানীয় লোকে পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। দুলীয়াজান আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।