December 27, 2025 6:29 PM

views 12

গোৱালপৰীয়া লোকগীতৰ যশস্বী শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ ২৩ সংখ্যক মৃত্যু বার্ষিকী আজি বিস্তৃত কাৰ্যসূচীৰে পালন

গোৱালপৰীয়া লোকগীতৰ যশস্বী শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ ২৩ সংখ্যক মৃত্যু বার্ষিকী আজি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনক চহকী কৰা পদ্মশ্ৰী সন্মানেৰে বিভূষিত শিল্পীগৰাকীৰ সোঁৱৰণত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটীৰ চানমাৰিৰ ছহিদ উদ্যানত বিশেষ শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত ছাত্ৰ সংগঠনটোৱে প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত শ্রদ্ধাঞ্জলি তৰ্পণ কৰাৰ লগতে লোক সংস্কৃতিৰ একনিষ্ঠ সাধক তিনিচুকীয়াৰ কাকপথাৰৰ ৰত্নেশ্বৰ মৰাণক চলিত বৰ্ষৰ প্ৰতিমা ...

December 6, 2025 8:29 PM

views 22

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজ্যজুৰি পৰিবেশ আৰু জলবায়ু সজাগতা সপ্তাহ পালন

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজ্যজুৰি পৰিবেশ আৰু জলবায়ু সজাগতা সপ্তাহ পালন কৰা হৈছে। এই উপলক্ষে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আজি বশিষ্ঠ নদীৰ সুৰক্ষাৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে। লগতে বশিষ্ট মন্দিৰৰ চৌহদত ছাত্ৰ সংগঠনটোৱে ছাফাই কাৰ্যসূচী ৰূপায়ণ কৰে । পাছত ছাত্ৰ সন্থাৰ নেতৃবৃন্দই বশিষ্ঠ নদীৰ পাৰত অবৈধ দখলসমূহ বেদখলমুক্ত কৰি বিজ্ঞানসন্মতভাৱে নৈখনৰ সংৰক্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

November 20, 2025 8:55 PM

views 27

শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্র সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ’ব

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ সন্দৰ্ভত পৰহিলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্র সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ বাবে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। সেইদিনা সন্ধিয়া ৬ বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত এই আলোচনা অনুষ্ঠিত হ'ব...

September 16, 2025 7:49 PM

views 25

অসমৰ পৰা অনুপ্ৰৱেশকাৰী আৰু মৌলবাদীক শীঘ্ৰেই উৎখাত কৰাকে ধৰি ভিন্ন দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

অসমৰ পৰা অনুপ্ৰৱেশকাৰী আৰু মৌলবাদীক শীঘ্ৰেই উৎখাত কৰাকে ধৰি কেইবাটাও দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সমীপত সংগঠনটোৰ সদস্য আৰু সমৰ্থকসকলে এই কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁলোকে নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা অসমৰ বাহিৰত ৰখা, অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়ত ৰূপায়ণ কৰাকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে। মৰিগাঁও জিলা ছাত্ৰ সন্থায়ো আজি মৰিগাঁও চহৰত অনুৰূপ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী স...

June 24, 2025 12:44 PM

views 28

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্যৰ দেহাৱসান

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্যৰ কালি নিশা গুৱাহাটীত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৫ বছৰ। অসম আন্দোলনৰ নেত্ৰী বীণা ভট্টাচাৰ্যৰ শেষকৃত্য আজি নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ'ব। তেওঁৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে।

June 3, 2025 8:10 PM

views 62

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিশেষ অভিনন্দন আছুৰ

সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্রকল্পত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মেধাৱী ছাত্ৰ- ছাত্ৰীসকলৰ উপৰি সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ভাস্বত শ‍ইকীয়া আৰু ধৃতিৰাজ মিশ্ৰকো সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য ড০...

May 24, 2025 6:24 PM

views 21

কুকুৰমাৰাত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত বাল্য বিবাহ, শিশু শ্ৰমিক আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচী

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কুকুৰমাৰাত আজি সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত বাল্য বিবাহ, শিশু শ্ৰমিক আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। কুকুৰমাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত আয়োজিত সজাগতামূলক কার্যসূচী অনুসৰি পদযাত্ৰা কৰা হয়। এই পদযাত্ৰা কাৰ্যসূচীত জিলা আছু বিষয়ববীয়াৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

May 24, 2025 12:12 PM

views 23

শংকৰজ্যোতি বৰুৱাক হাতকেৰেয়া লগাই আদালতত হাজিৰ কৰোৱা বিষয় সন্দৰ্ভত মানৱ অধিকাৰ আয়োগৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

মানৱ অধিকাৰ আয়োগে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে হাতকেৰেয়া লগাই আদালতত হাজিৰ কৰোৱা বিষয়টো সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। ডিব্ৰুগড় জিলা আয়ুক্তক সবিশেষ নথি-পত্রসহ শীঘ্ৰে এই তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। আনহাতে নির্দেশনাটোত ডিব্ৰুগড় আৰক্ষী অধীক্ষকক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্তৰ শেহতীয়া তথ্য মানৱ অধিকাৰ আয়োগক জমা দিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ দুলিয়াজানৰ এটা তেলডিপোত দুটা পক্...

May 19, 2025 8:45 PM

views 40

আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক দুলীয়াজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। যোৱানিশা দুলীয়াজানৰ এটা তেলডিপোত দুটা ফৈদৰ মাজত হোৱা হতাহতিৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। তেল ডিপোটোৰ কৰ্মচাৰীক শাৰীৰিক প্ৰহাৰ কৰা বুলি প্ৰতিষ্ঠানটোৰ একাংশ কৰ্মচাৰীয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত তেওঁক আটক কৰা হৈছিল। দুলীয়াজান আৰক্ষীয়ে আজি ভাৰতীয় ন্যায় সংহিতাৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত ৰুজু হোৱা গোচৰৰ ভিত্তিত প্রাক্তন ছাত্ৰ নেতাজনক গ্ৰেপ্তাৰ কৰে।

April 23, 2025 7:51 PM

views 31

নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ বুজজিৰ চুক্তিত স্বাক্ষৰ

অসমৰ জনজাতি আৰু বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সাংস্কৃতিক আৰু ভাষিক সংৰক্ষণৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে সদৌ অসম ছাত্ৰ সন্থাই আজি নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সৈতে এখন বুজজিৰ চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ আপুৰুগীয়া পুথি আৰু লিখিত সাহিত্যসমূহৰ ডিজিটেল ৰূপান্তৰ আৰু সংৰক্ষণৰ বাবে ব্যৱস্থা লোৱা হ'ব। আজি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য আৰু অসম জাতীয় বিদ্যালয়ৰ শৈক্ষিক আৰু সামাজিক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী ডাঃ নাৰায়ণ শৰ্মাৰ উপস্থিতিত এই...