February 8, 2025 1:17 PM

views 34

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰু উপাধ্যক্ষক সাক্ষাৎ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ

সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত আলোচনা কৰাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে কালি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰু উপাধ্যক্ষক সাক্ষাৎ কৰে। এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ মুঠ ৪ লাখ ২৯ হাজাৰ ৪৪৮ গৰাকী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা, বিজ্ঞান আৰু বাণিজ্য এই তিনিওটা শাখাত সৰ্বমুঠ ৩ লাখ ছহেজাৰ ৮৪১ গৰাকী শিক্ষার্থী অৱতীৰ্ণ হ'ব। এই দুয়োটা পৰীক্ষা নিয়াৰিকৈ পৰিচালনা কৰিবলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ ...

January 31, 2025 10:56 AM

views 46

বিশিষ্ট লোক সংস্কৃতিৰ সাধক নাগাৰা নামৰ শিল্পী বিজয় মেধিলৈ ২০২৫ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা

● নলবাৰী জিলাৰ বিশিষ্ট লোক সংস্কৃতিৰ সাধক নাগাৰা নামৰ শিল্পী বিজয় মেধিলৈ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই ২০২৫ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। নলবাৰী জিলা প্রেক্ষগৃহত অহা ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগা অনুষ্ঠানত শিল্পীগৰাকীলৈ এই বঁটা প্ৰদান কৰা হ'ব বুলি জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াই এখন সংবাদমেলযোগে জানিবলৈ দিছে।

January 29, 2025 12:57 PM

views 29

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ কালি সামৰণি

শিৱসাগৰ জিলাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ কালি সামৰণি পৰে। অন্তিম দিনৰ কাৰ্যসূচীত তলাতল ঘৰৰ বাকৰিৰ পৰা এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। লোক সংস্কৃতিৰ সাধক তথা শিক্ষাবিদ ড° অনিল শ‍ইকীয়াই উদ্বোধন কৰা অসমৰ বাৰেৰহনীয়া সংস্কৃতিক প্ৰতিফলিত কৰা এই শোভাযাত্ৰাত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাকে ধৰি বিভিন্ন জিলাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাত অসমৰ উপৰি মণিপুৰ, নাগালেণ্ড আৰু উত্তৰ-পূবৰ অন্যান্য ৰাজ্যসমূহৰ সংস্কৃতিকো উপস্থাপ...

January 28, 2025 8:29 PM

views 21

শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ আজি অন্তিম দিন

শিৱসাগৰ জিলাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ আজি অন্তিম দিনা তলাতল ঘৰৰ বাকৰিৰ পৰা এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক প্ৰতিফলিত কৰা এই শোভাযাত্ৰা লোক সংস্কৃতিৰ সাধক তথা শিক্ষাবিদ ড° অনিল শ‍ইকীয়াই উদ্বোধন কৰে। পুৱাৰ ভাগত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্য, সভাপতি উৎপল শৰ্মাকে ধৰি ছাত্ৰ সন্থাৰ সদস্যসকলে পথৰুঘাটৰ কৃষক বিদ্ৰোহত প্ৰাণ আহুতি কৃষক ছহিদসকলক সুঁৱৰি ছহিদ বেদীত বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানত সন্থাৰ সাধাৰণ সভা উপলক্ষে প্রক...

November 20, 2024 8:28 PM

views 24

অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী

সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যখনত অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী পালন কৰে। ছাত্ৰ সন্থাৰ সদস্যসকলে মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিভিন্ন জিলাৰ সদৰত প্রতিবাদী শোভাযাত্রা উলিয়ায় আৰু মূল্যবৃদ্ধি ৰোধ কৰিবলৈ কাৰ্যকৰী ব্যৱস্থা ল'বলৈ চৰকাৰ ওচৰত দাবী জনায়।

September 12, 2024 7:52 PM

views 25

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদ ত্যাগ শংকৰ জ্যোতি বৰুৱাৰ

ছাত্র নেতা শংকৰ জ্যোতি বৰুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদ ত্যাগ কৰিছে। সামাজিক মাধ্যমযোগে ছাত্র নেতাগৰাকীয়ে প্ৰকাশ কৰা মতে শেহতীয়াভাৱে উত্থাপিত এটা বিতৰ্কৰ সত্য সত্যতা ন্যায়ালয়ত প্ৰমাণ হ'ব যদিও ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে তেওঁ স্বইচ্ছাই অব্যাহতি গ্ৰহণ কৰে ।

September 11, 2024 8:15 PM

views 41

আছুৰ প্ৰথমগৰাকী মুখ্য সাংগঠনিক সম্পাদক ইনামুল হকৰ বিয়োগত সৰ্বানন্দ সোণোৱাল গভীৰ শোক প্রকাশ

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰথমগৰাকী মুখ্য সাংগঠনিক সম্পাদক আছুৰ প্ৰাক্তন সীমান্ত সমন্বয়ক তথা দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ সভাপতি ইনামুল হকৰ বিয়োগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্রকাশ কৰিছে। হকৰ বিয়োগ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে। উল্লেখযোগ্য যে আজি পুৱা চিকিৎসাধীন অৱস্থাত ইনামুল হকৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৮ বছৰ। প...