August 13, 2025 1:02 PM
113
অসম গ্ৰন্থমেলা এইবছৰ ৰাজ্যখনৰ মুঠ ৮ টা স্থানত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ
অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাই যৌথভাৱে আয়োজন কৰি অহা অসম গ্ৰন্থমেলা এইবছৰ ৰাজ্যখনৰ মুঠ ৮ টা স্থানত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম প্ৰকাশন পৰিষদৰ কার্যালয় সভাকক্ষত কালি অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাই এই কথা প্ৰকাশ কৰে। সেইমৰ্মে ২২ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ বঙাইগাওঁ, ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ লখিমপুৰ, ৬ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ নলবাৰী, ১৪ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ যোৰহাট, ২৮ নৱেম্বৰৰ পৰা ৭ ডিচেম্বৰল...