December 30, 2024 8:38 PM

views 22

পুৰোহিতসকলক জলপানি ঘোষণা কৰা সন্দৰ্ভত অৰবিন্দ কেজৰিৱালক প্রশ্ন উত্থাপন বিজেপিৰ

বিজেপিয়ে আজি আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক মন্দিৰ আৰু গুৰুদ্ধাৰৰ পুৰোহিতসকলক মাহিলী ১৮ হাজাৰকৈ জলপানি ঘোষণা কৰা সন্দৰ্ভত প্রশ্ন উত্থাপন কৰে। বিজেপি নেতা প্ৰেম শুক্লাই আজি সংবাদ মাধ্যমৰ আগত আপে ইয়াৰ পূৰ্বে পুৰোহিতসকলক কিয় এনে সুবিধা প্ৰদান কৰা নাছিল বুলি প্ৰশ্ন কৰে। আপে বিগত ১০ বছৰে মৌলানাসকলক এনেধৰণৰ সুবিধা প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰি নেতাগৰাকীয়ে অৰবিন্দ কেজৰিৱালে সমাগত নিৰ্বাচনত পৰাজিত হোৱাৰ ভয়তেই জনসাধাৰণক এনে ধৰণৰ প্রতিশ্রুতি দিছে বুলি সমালোচনা কৰে। উল্লেখযোগ...

December 26, 2024 8:36 PM

views 26

বিজেপিৰ সৈতে গোপন বুজাবুজি কৰা বুলি কংগ্ৰেছক অভিযোগ আম আদমী পার্টীৰ

অহা বছৰৰ আগভাগত হ'বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহৰ মাজত বোকা ছটিওৱাৰ খেল আৰম্ভ হৈছে। দিল্লীৰ শাসনাধিস্থিত আম আদমী পার্টীয়ে কংগ্ৰেছ দলে তেওঁলোকৰ দলক পৰাজিত কৰাৰ বাবে বিজেপিৰ সৈতে গোপন বুজাবুজি কৰিছে বুলি অভিযোগ কৰিছে। আজি নতুন দিল্লীত আয়োজিত এখন সংবাদ মেলত আম আদমী পাৰ্টীৰ লোকসভাৰ সাংসদ সঞ্জয় সিঙে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অজয় মাকেনে আম আদমী পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দেশদ্রোহী বুলি অভিহিত কৰা কেতবোৰ মন্তব্যৰ বিৰোধিতা কৰি এই প্ৰতিঅ...

November 28, 2024 6:56 PM

views 25

বিলাসীপাৰাত ‘আপ’ৰ জনসভাত মনোজ ধানোৱাৰঃ আদানিৰ স্বাৰ্থ ৰক্ষাৰ বাবে স্মাৰ্ট মিটাৰ সংস্থাপনৰ অভিযোগ

আজি আম আদমী পাৰ্টিৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত বিলাসীপাৰাৰ গোপীগাওঁ তৃতীয় খণ্ড বেলতলীত আয়োজিত জনসভাত আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ উপস্থিত থাকে৷ অনুষ্ঠানত মনোজ ধানোৱাৰে কয় ‘অসম চৰকাৰে স্মাৰ্ট মিটাৰৰ জৰিয়তে জনসাধাৰণৰ ওপৰত লুণ্ঠন চলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবেই গুজৰাটী ব্যৱসায়ী গৌতম আদানিৰ প্ৰতিষ্ঠানৰ লাভৰ স্বাৰ্থত স্মাৰ্ট মিটাৰৰ জৰিয়তে আমাৰ ওপৰত মাধমাৰ সোধাইছে। যি সময়ত দিল্লীৰ আম আদমী পাৰ্টিৰ চৰকাৰে ২০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ যোগান আঁচনি প্ৰৱৰ্তন কৰ...

November 10, 2024 6:42 PM

views 33

বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত আম আদমী পাৰ্টীয়ে গেৰাণ্টি কার্ড মুকলিৰে নিৰ্বাচনী প্ৰচাৰ

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ ২৪ ঘণ্টা বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ হৈ ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।  বিহালীত আম আদমী পাৰ্টীয়ে সমষ্টিটোৰ প্ৰাৰ্থী অনন্ত গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে আজি গেৰাণ্টি কার্ড মুকলি কৰে। সমষ্টিটোৰ বৰগাঙত অনুষ্ঠিত সংবাদমেলত দলৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ-পূবৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে পাঁচদফীয়া গেৰাণ্টি কার্ড মুকলি কৰে। এই কাৰ্ডত সমষ্টিটো...

October 26, 2024 7:50 PM

views 33

বিহালী আৰু চামগুৰি সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্রকাশ ‘আপ’ৰ

আম আদমী পার্টিয়ে বিহালী আৰু চামগুৰি সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্রকাশ কৰিছে। তালিকাত প্ৰকাশ কৰা অনুসৰি দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অসমত নির্বাচনী প্ৰচাৰ চলাব। প্রাক্তন উপ-মুখ্যমন্ত্রী মনীষ ছিছ’দিয়া, দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশীৰ লগতে পঞ্জাবৰ ভগৱন্ত মানেও অসমত প্ৰচাৰ চলাবলৈ আহিব। ইয়াৰোপৰি প্ৰাক্তন ক্ৰিকেটাৰ তথা আপৰ ৰাজ্যসভাৰ সাংসদ হৰভজন সিং, সঞ্জয় সিং, দিল্লী চৰকাৰৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ লগতে ২৮ গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই অসম...

September 7, 2024 9:11 PM

views 16

হাৰিয়ানাত মিত্ৰতাৰ বিষয় লৈ কংগ্ৰেছ আৰু আম আদমী পাৰ্টীক সমালোচনা বিজেপিৰ

বিজেপিয়ে হাৰিয়ানাত মিত্ৰতাৰ বিষয় লৈ কংগ্ৰেছ আৰু আম আদমী পাৰ্টীক সমালোচনা কৰি কৈছে যে, বিৰোধী মিত্ৰজোটটোৰ কোনো নিৰ্দিষ্ট পৰিকল্পনা নাই। হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ মাজত মিত্রতা স্থাপন হ'ব পাৰে বুলি চলা জল্পনা-কল্পনাৰ মাজতে বিজেপিৰ মুখপাত্র শ্বেহজাদ পুণেৱালাই আজি নতুন দিল্লীত কয় যে, পাঞ্জাৱত আম আদমী পাৰ্টী আৰু কংগ্ৰেছ পৰস্পৰৰ বিৰোধী। পূৰ্বতে দিল্লীত মিত্রতা স্থাপন কৰা কংগ্ৰেছ আৰু আম আদমী পাটীৰ মাজত দেখা দিয়া অনিশ্চয়তাই দল দুটাৰ হতাশাকে প্রতিফলিত কৰিছে বুলি ম...

August 31, 2024 5:35 PM

views 28

আপৰ নেতৃত্বাধীন দিল্লী চৰকাৰক বৰ্খাস্তৰ দাবী উত্থাপনেৰে ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ বিজেপিৰ বিধায়কৰ দলৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক বিজেপিৰ এটা বিধায়কৰ দলে সাক্ষাৎ কৰি আম আদমী পাৰ্টী নেতৃত্বাধীন দিল্লী চৰকাৰক বৰ্খাস্ত কৰাৰ বাবে দাবী উত্থাপন কৰে। দিল্লী বিধানসভাৰ বিৰোধী নেতা বিজেন্দ্ৰ গুপ্তাৰ নেতৃত্বত যোৱা দলটোৱে ৰাষ্ট্ৰপতি গৰাকীক এই সন্দৰ্ভত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰৰ কেতবোৰ কামকাজক প্রতিফলিত কৰি তেওঁলোকে এই স্মাৰকপত্ৰ প্ৰদান কৰে। বিজেপিয়ে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় সা-সুবিধা প্ৰদানত ৰাজ্য চৰকাৰখন ব...

July 2, 2024 7:02 PM

views 28

দিল্লী চৰকাৰে প্ৰণালীবদ্ধভাৱে দিল্লী মহিলা আয়োগ ভংগ কৰাৰ অভিযোগ উত্থাপন আপৰ সাংসদ স্বাতী মালিৱালৰ

আম আদমী পাৰ্টীৰ সাংসদ স্বাতী মালিৱালে দিল্লী চৰকাৰে প্ৰণালীবদ্ধভাৱে দিল্লী মহিলা আয়োগ ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ লিখা এখন পত্ৰত শ্ৰীমতী মালিৱালে কয় যে তেওঁ আয়োগৰ নেতৃত্ব দিয়া সময়ছোৱাত নিৰ্মিত ব্যৱস্থাসমূহ চৰকাৰে ধ্বংস কৰিছে। তেওঁ আয়োগৰ কৰ্মচাৰীৰ অনাদায় দৰমহা, বাজেট কর্তন, কৰ্মচাৰীৰ অপসাৰণ আৰু নেতৃত্বৰ পদ খালী হোৱাৰ অভিযোগ কৰিছে। তেওঁ মহিলা হেল্পলাইন নম্বৰ প্ৰত্যাহাৰ কৰা ঘটনাটোতো উদ্বেগ প্রকাশ কৰিছে। শ্ৰীমতী মালিৱালে এই গোটেই বিষয়টোত মুখ্যমন্ত্ৰ...

June 7, 2024 7:12 PM

views 26

দিল্লী বিধানসভা নির্বাচনত অকলেই প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত আম আদমী পাৰ্টীৰ

আম আদমী পাৰ্টীয়ে দিল্লী বিধানসভাৰ আসন্ন নির্বাচনত অকলেই প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত অনুষ্ঠিত দলৰ বিধায়কসকলৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কালি দিল্লীৰ মন্ত্ৰী গোপাল ৰায়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, আই এন ডি আই মিত্রজোঁট অকল লোকসভা নিৰ্বাচনৰ বাবে গঠন কৰা হৈছিল। তেওঁ কয় যে, আম আদমী পার্টিয়ে লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে একেলগে অৱতীৰ্ণ হৈছিল কিন্তু দলটোৱে দিল্লী বিধানসভা নিৰ্বাচনত দলটোৰ সৈতে মিত্ৰতা নকৰে।

May 22, 2024 9:58 AM

views 27

বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্রকাশ আম আদমী পাৰ্টীৰ

বিৰোধীৰ বিৰুদ্ধে ক'লা ধন বৈধকৰণ প্ৰতিৰোধী আইনক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগত কালি আম আদমী পাৰ্টীয়ে বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত আপৰ জ্যেষ্ঠ নেত্রী আতিশীয়ে কয় যে দিল্লীত সংঘটিত হোৱা সুৰা কেলেংকাৰিৰ অভিযোগ বিজেপিৰ আম আদমী পাৰ্টী ভংগ কৰাৰ এটা ষড়যন্ত্র। দিল্লী উচ্চ ন্যায়ালয়ে আপৰ জ্যেষ্ঠ নেতা মনীষ ছিছ'দিয়াৰ জামিন আবেদন নাকচ কৰাত অসন্তুষ্টি প্ৰকাশ কৰি অভিযোগ কৰে য়ে বিজেপি চৰকাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক ব্যৱহাৰ কৰি ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰিছে। এই...