January 26, 2025 11:03 AM January 26, 2025 11:03 AM
15
এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন পৰিকল্পনাই প্ৰশাসনলৈ সুস্থিৰতা আনিব, নীতি স্থবিৰতা দূৰ কৰিব, সম্পদৰ বিচ্যুতি ৰোধ কৰিব আৰু বিত্তীয় বোজা লাঘব কৰিবঃ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু
সংসদত উত্থাপিত এখন দেশ, এটা নির্বাচন বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত এই কথা প্রকাশ কৰে। তেওঁ কয়, যে এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন পৰিকল্পনাই প্ৰশাসনলৈ সুস্থিৰতা আনিব, নীতি স্থবিৰতা দূৰ কৰিব, সম্পদৰ বিচ্যুতি ৰোধ কৰিব আৰু বিত্তীয় বোজা লাঘব কৰিব। এনেধৰণৰ ব্যাপক সংস্কাৰৰ বাবে সাহসী দৃষ্টিভংগীৰ প্ৰয়োজন বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। শ্ৰীমতী মুৰ্মুৱে কয়, যে দেশত ১৯৪৭ চনৰে পৰা ভাৰতীয়...