May 5, 2024 8:57 PM
18
অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা
ৰাজ্যখনত তৃতীয় পৰ্যায়ত পৰহিলৈ হবলগীয়া নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ ভিতৰত ছগৰাকী মহিলা প্ৰাৰ্থী আছে। আনহাতে, এইটো পৰ্যায়ত ৯,৫১৬ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ ভিতৰত ৪১ লাখৰো অধিক পুৰুষ, ৪০ লাখৰো অধিক মহিলা আৰু ১১১ গৰাকী তৃতীয় লিংগৰ ভোটদাতা। সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা অনুসৰি অসমত প্রায় ২ কোটি ৪৩ লাখ ভোটদাতাই এইবাৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিছে। ইয়াৰ ভিতৰত ১ কোটি ২১ ...