April 26, 2024 11:23 AM

views 47

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

ৰাজ্যত হ'বলগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বাকী ৪টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। বাক্সা জিলাৰ বাৰেংগাবাৰীত কালি কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কোকৰাঝাৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কাইলৈ বাৰেংগাবাৰী লাচিত এম ই স্কুলৰ খেল পথাৰত হ'বলগীয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জনসভাৰ প্রস্তুতিৰো বুজ লয়। ইপিনে, কোকৰাঝাৰ সমষ্টিৰ বাবে অহা ৭ মে'ত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে প্ৰশাসনে সকলো প...

April 22, 2024 8:16 PM

views 33

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪৭ গৰাকী প্রার্থীৰ প্রতিদ্বন্দ্বিতা নিশ্চিত

ৰাজ্যখনৰ ৪টা সমষ্টিৰ বাবে হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰাতো নিশ্চিত হৈছে। আজি এই পৰ্যায়ৰ বাবে মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিনা কোকৰাঝাৰৰ ৩ গৰাকী আৰু ধুবুৰীৰ দুগৰাকী প্রার্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে। আনফালে কোকৰাঝাৰ সমষ্টিত ১২ গৰাকী, ধুবুৰী সমষ্টিত ১৩ গৰাকী, বৰপেটা সমষ্টিত ১৪ গৰাকী আৰু গুৱাহাটী সমষ্টিত ৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা কৰে ৷ উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ত অহা ২৬ এপ্রিলত আউটাৰ মণিপুৰৰ উপৰি দেশৰ ৮৮টা সংসদীয় সমষ্টিৰ বাবে হ'বল...

April 12, 2024 4:27 PM

views 48

৭ মে’ত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অধিসূচনা জাৰি

নির্বাচন আয়োগে অহা ৭ মে'ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি অধিসূচনা জাৰি কৰিছে। এই পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৪টা লোকসভা সমষ্টিত নির্বাচন অনুষ্ঠিত হ'ব। তৃতীয় পৰ্যায়ত অসমৰ লগতে পশ্চিমবংগৰ ৪ খনকৈ, গুজৰাটৰ ২৬, কৰ্ণাটকৰ ১৪, মহাৰাষ্ট্ৰৰ ১১, উত্তৰ প্ৰদেশৰ ১০, মধ্যপ্ৰদেশৰ ৮, ছত্তিশগড়ৰ ৭, বিহাৰৰ ৫, গোৱা আৰু দাদ্ৰা আৰু নগৰহাৱেলি তথা দমন আৰু ডিউৰ দুখনকৈ আৰু জম্মু-কাশ্মীৰত এখন আসনৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। মধ্যপ্ৰদেশৰ বেতুল সমষ্টিৰ স্থগিত...