June 9, 2025 1:32 PM
8
প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত উত্তৰ ছিকিমৰ ছাতেনত আবদ্ধ ২৮জন লোকৰ লগতে ২০গৰাকী সেনা জোৱানক উদ্ধাৰ
প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত উত্তৰ ছিকিমৰ ছাতেনত আবদ্ধ হৈ থকা ২৮ জন লোকৰ লগতে ২০ গৰাকী সেনা জোৱানক কালি হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হয়। কালি চলোৱা দুটা উদ্ধাৰ অভিযানত প্ৰথমতে শিশু, পর্যটন টেক্সি ড্রাইভাৰ, চৰকাৰী বিষয়াকে ধৰি ২৮জন লোকক প্ৰথমটো খেপত উদ্ধাৰ কৰাৰ পাছত দ্বিতীয়বাৰত সেনা জোৱান ২০গৰাকীক উদ্ধাৰ কৰি পাকিয়ং গ্রীনফিল্ড বিমানবন্দৰলৈ অনা হয়। MI-17 হেলিকপ্টাৰখনেৰে অঞ্চলটোত থকা সেনা জোৱানসকললৈ অত্যাৱশ্যকীয় সামগ্ৰীসমূহ লৈ যোৱা হয়। ছিকিম চৰকাৰে ভূমিস্খলনৰ ফলত বিভিন্ন অঞ্চলত আবদ্ধ হৈ থকা লোকস...