প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত উত্তৰ ছিকিমৰ ছাতেনত আবদ্ধ হৈ থকা ২৮ জন লোকৰ লগতে ২০ গৰাকী সেনা জোৱানক কালি হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হয়। কালি চলোৱা দুটা উদ্ধাৰ অভিযানত প্ৰথমতে শিশু, পর্যটন টেক্সি ড্রাইভাৰ, চৰকাৰী বিষয়াকে ধৰি ২৮জন লোকক প্ৰথমটো খেপত উদ্ধাৰ কৰাৰ পাছত দ্বিতীয়বাৰত সেনা জোৱান ২০গৰাকীক উদ্ধাৰ কৰি পাকিয়ং গ্রীনফিল্ড বিমানবন্দৰলৈ অনা হয়। MI-17 হেলিকপ্টাৰখনেৰে অঞ্চলটোত থকা সেনা জোৱানসকললৈ অত্যাৱশ্যকীয় সামগ্ৰীসমূহ লৈ যোৱা হয়। ছিকিম চৰকাৰে ভূমিস্খলনৰ ফলত বিভিন্ন অঞ্চলত আবদ্ধ হৈ থকা লোকসকলক নিৰাপদভাৱে স্থানান্তৰ কৰাৰ লগতে সাহায্য সামগ্ৰী যোগানৰ বাবে এই হেলিকপ্টাৰ সেৱাৰ ব্যৱস্থা কৰিছে। ভূমিস্খলন হোৱা অঞ্চলসমূহত এতিয়াও পথ যোগাযোগ ব্যাহত হৈ থকাৰ পৰিপ্ৰেক্ষিতত এই ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছে। উল্লেখযোগ্য যে অঞ্চলটোত হোৱা প্ৰবল বৰষুণৰ ফলত বিভিন্ন অঞ্চলত ভূমিস্খলন হোৱাৰ লগতে পথ আৰু দূৰসংযোগ ব্যৱস্থা এতিয়াও ব্যাহত হৈ আছে।
Site Admin | June 9, 2025 1:32 PM | 28 civilians and 20 Army men airlifted from landslide-hit areas of Sikkim
প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত উত্তৰ ছিকিমৰ ছাতেনত আবদ্ধ ২৮জন লোকৰ লগতে ২০গৰাকী সেনা জোৱানক উদ্ধাৰ
