শিলচৰৰ অসম বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে টেডেক্স অসম বিশ্ববিদ্যালয়-২০২৫

শিলচৰৰ অসম বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে আজি টেডেক্স অসম বিশ্ববিদ্যালয়, ২০২৫ অনুষ্ঠিত হয়। ৰেছিলিয়েণ্ট ইক’জ ফ্রম দা ইষ্ট অর্থাৎ ‘পূবৰ দৃঢ় প্রতিধ্বনি’ শীর্ষক অনুষ্ঠানটোৱে পূৰ্বাঞ্চলৰ সংস্কৃতি, সংগ্রাম, বীৰত্ব, সৃষ্টিশীলতা আৰু জ্ঞান উদযাপনৰ অনন্য মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰে। আজি টেডেক্স প্ৰেৰণাদায়ক ভাষণ আৰু চিন্তাশীল আলোচনাৰ জৰিয়তে পূব ভাৰতৰ বৈচিত্ৰ্যময় অভিজ্ঞতা, দৃষ্টিভংগী আৰু উদ্ভাৱনী মনোভাৱ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত মুখ্য বক্তা হিচাপে ড০ বিজেন্দ্র চৌহান, সাংস্কৃতিক কর্মী অর্ঘদীপ বৰুৱা, পদ্মশ্ৰী সন্মানেৰে সন্মানিত কাছাৰ কেন্সাৰ হাস্পতালৰ সঞ্চালক ৰমন মেগ্‌ছেছে বঁটাপ্ৰাপক ডাঃ ৰবি কান্নান, লেফটেণ্টে কর্নেল কে শচীন সিং, বেংকিং বিশেষজ্ঞ সাগৰ তেজৱানী, ৰাজনৈতিক পৰামৰ্শদাতা কনিস্ক আগৰৱাল, অভিযন্তা সুমিত দে, গৱেষক, অধ্যাপক ড° প্রগতি সিং, স্বাস্থ্য উদ্যোগী নীলিমা ৰয় চৌধুৰী আদি ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। আয়োজক সমিতিৰ অধ্যক্ষ সীমা পালে সংবাদ মাধ্যমৰ আগত কয়, যে আন্তঃৰাষ্ট্ৰীয় মঞ্চ টেডেক্সৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে কেৱল নিজৰ দেশতে নহয়, বিশ্বৰ বিভিন্ন স্থানতো স্থান লাভ কৰিবলৈ সমৰ্থ হ’ব। বিশিষ্ট চিকিৎসক ডাঃ ৰবি কান্নানে কয়, যে এনে মঞ্চই মানুহক ভাল কাম কৰিবলৈ অনুপ্ৰাণিত কৰে, সমাজত ইতিবাচক প্ৰভাৱ পেলায় আৰু বিশ্ববিদ্যালয়খনৰ এয়া অসাধাৰণ পদক্ষেপ বুলি তেওঁ ভাবে।