আজি ভাৰত আৰু জিম্বাৱৱেৰ মাজত পাঁচখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল

● ভাৰত আৰু জিম্বাৱৱেৰ মাজৰ পাঁচখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৪ বজাত আৰম্ভ হ’ব। শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটো বৰ্তমান শৃংখলাত ২-১ ফলাফলেৰে আগবাঢ়ি আছে। শৃংখলাৰ প্ৰথমখন খেলত ভাৰত জিম্বাৱ ৱেৰ হাতত ১৩ ৰানত পৰাজয়ৰ সন্মুখীন হোৱাৰ বিপৰীতে পৰৱৰ্তী দুয়োখন খেলত জয়লাভ কৰি শৃংখলাত অগ্রগতি লাভ কৰিবলৈ সমৰ্থ হৈছে। দ্বিতীয়খন খেলত ভাৰতে ঘৰুৱা দল জিম্বাৱ ৱেক ১০০ ৰানত পৰাস্ত কৰাৰ বিপৰীতে তৃতীয়খন খেলত ২৩ ৰানত বিজয় জয়লাভ কৰিছে। শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল কাইলে একেখন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।