পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা চৈয়দা হামিদৰ বাংলাদেশী নাগৰিক সন্দৰ্ভত বিতর্কিত মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা চৈয়দা হামিদে কালি গুৱাহাটীত এখন নাগৰিক সভাত অংশ লৈ বাংলাদেশী নাগৰিক সন্দৰ্ভত আগবঢ়োৱা বিতর্কিত মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন দল-সংগঠনে আজি এই মন্তব্যৰ বিৰোধিতা কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্রতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে নিজৰ স্থিতি স্পষ্ট কৰি কয়, যে অসম অনুপ্ৰৱেশকাৰীৰ আশ্ৰয়স্থল নহয়। কোনো কাৰণতে তেওঁলোকক বৈধতা প্ৰদান কৰা নহ’ব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে চৈয়দা হামিদৰ দৰে ব্যক্তিসকলে এই অনুপ্ৰৱেশকাৰীসকলক বৈধতা প্ৰদানৰ অপচেষ্টা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যাগৰাকীয়ে অসমত বাংলাদেশী থাকিলেও কাৰো অধিকাৰ খৰ্ব কৰা নাই বুলি মন্তব্য কৰিছে। এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী অতুল বৰাই বাংলাদেশৰ পৰা হোৱা অবাধ প্ৰব্ৰজন ৰোধ আৰু অবৈধ বিদেশী বহিষ্কাৰৰ দাবীৰে অসম আন্দোলন হৈছিল। এই আন্দোলনত ৮৬০ গৰাকী ছহিদ হৈছিল। শ্ৰী বৰাই এই মন্তব্যৰ বাবে চৈয়দা হামিদক অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ দাবী জনায়। ইপিনে, এই মন্তব্যক লৈ ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র কিশোৰ উপাধ্যায়ে আজি দলৰ কাৰ্যালয়ত এখন সংবাদমেলত প্রতিক্রিয়া ব্যক্ত কৰে। চৈয়দা হামিদৰ এই মন্তব্যই বিগত ৭০ বছৰে ৰাজ্যত কংগ্ৰেছৰ শাসন কালত অবৈধ দখল চলাৰ প্ৰমাণ দিলে বুলিও তেওঁ মন্তব্য কৰে। বিৰোধী দল কংগ্ৰেছে নেত্ৰীগৰাকীৰ এই মন্তব্যৰ বিৰোধিতা কৰিছে। বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই সংবাদমেলত এই বিষয়ে প্রকাশ কৰি এনে ধৰণৰ মন্তব্য কৰা উচিত নহয় বুলি উল্লেখ কৰে। তেওঁ বিজেপি নেতৃত্বাধীন চৰকাৰকো সমালোচনা কৰে। সাংসদ গৌৰৱ গগৈয়েও ৰাজ্যখনত বাংলাদেশী নাগৰিকক স্থান দিয়াৰ বিৰোধিতা কৰে। অৱশ্যে এই ক্ষেত্ৰত চৰকাৰে স্পষ্টভাৱে তথ্য দিয়া উচিত বুলি তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।