September 24, 2025 9:11 PM | Zubeen Garg

printer

ৰাজ্যত শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত সংগঠন বা সংস্থাৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা

অসম চৰকাৰে ব্যৱসায়ী আৰু নিজকে সাংস্কৃতিক কৰ্মী বুলি দাবী কৰা শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত যিকোনো সংগঠন বা সংস্থাই ৰাজ্যখনৰ ভিতৰত কোনোধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি ৰাজ্য চৰকাৰে সেই ব্যক্তিজনৰ সৈতে জড়িত কোনো অনুষ্ঠানক প্রত্যক্ষ বা পৰোক্ষভাৱে কোনোধৰণৰ আৰ্থিক অনুদান, বিজ্ঞাপন, বা পৃষ্ঠপোষকতা প্ৰদান নকৰে। লগতে ৰাজ্য চৰকাৰে তেওঁক কোনোধৰণৰ বিত্তীয় সাহায্য বা পৃষ্ঠপোষকতা প্ৰদান নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ক্ষন্তেক সময়ৰ আগতে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ছিংগাপুৰত আয়োজিত নৰ্থ-ইষ্ট ফেষ্টিভেললৈ আমন্ত্ৰণ কৰি লৈ যোৱা আৰু ছিংগাপুৰৰ সাগৰত পানীত বুৰি জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত পৰৱৰ্তী কালত কেতবোৰ স্ব-বিৰোধী মন্তব্য কৰাৰ পৰিপ্ৰেক্ষিতত শ্যামকানু মহন্তৰ বিৰুদ্ধে সমগ্ৰ অসমতে তীব্র ক্ষোভৰ সৃষ্টি হৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।