ডাউনলোড
মোবাইল এপ

android apple
signal

জগদগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭সংখ্যক তিৰোভাৱ তিথি ৰাজ্যৰ ভিন্ন প্ৰান্তত ধৰ্মীয় কাৰ্যসূচীৰে পালন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৭সংখ্যক তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে গুৰুজনাৰ প্রতি শ্রদ্ধা নিবেদন কৰি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা হৰিনামৰ পৱিত্ৰ ধ্বনিৰে মুখৰ হৈ উঠে।

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত যোৱা ১৯ আগষ্টৰ পৰা আয়োজন কৰা গুৰুজনাৰ কীৰ্তন মহোৎসৱৰ আজি মূল সবাহ অনুষ্ঠিত হ’ব। তিৰোভাৱ তিথি উপলক্ষে বৰপেটাৰ বৃন্দাবন হাটীৰ ভকতবৃন্দই বিয়লি বৰপেটা সত্ৰত কৰভাৰ প্ৰদান কৰিব। এই উপলক্ষে বৃন্দাবন হাটীৰ হাটীয়াৰ ঘৰৰ পৰা ওজাপালি, গায়ন-বায়ন, নাম-কীৰ্তনীয়া দলে সত্ৰীয়া পৰম্পৰা অনুসৰি শোভাযাত্ৰা কৰি তেল, নিমখ, ঔটেঙা, চাউল, কোমোৰা আদি কৰভাৰ প্ৰদান কৰিব।

একেদৰে পাটবাউসী থানতো এই তিথি পালন কৰা হৈছে। গুৰুজনাৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱা সত্ৰতো আজি তিৰোভাৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে নাম- কীর্তন, প্ৰসংগ আদি অনুষ্ঠিত হৈছে।

মাজুলীতো আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি উপলক্ষে সত্ৰ-নামঘৰসমূহ সুন্দৰকৈ সজাই-পৰাই তোলা হৈছে। মাজুলীৰ ৩৩ খন সত্ৰ আৰু প্ৰায় তিনি শতাধিক নামঘৰত গুৰুজনাৰ তিথি উপলক্ষে হৰিনাম, কীৰ্তনৰ অমিয়া ধ্বনিৰে আকাশ-বতাহ মুখৰ হৈ পৰিছে।

গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰতো আজি মহাপুৰুষজনৰ তিৰোভাৱ তিথি উপলক্ষে অগণন ভক্তৰ আগমন ঘটিছে। বৰাক উপত্যকাটো আজি জগদগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাব তিথি উপলক্ষে ভক্তসকলে ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত কৰে। শ্ৰী ভূমি জিলাৰ বৰগোলৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰত আজি এই উপলক্ষে নাম-প্ৰসংগ আৰু অন্যান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো আজি গুৰুজনাৰ তিৰোভাব তিথি পালন কৰা হয়।

গোৱালপাৰাৰ বগুৱানৰ শ্ৰীশ্ৰী হাটী সত্ৰ আৰু শ্ৰীশ্ৰী শ্যামৰায় সত্ৰত গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰা হয়। বজালী জিলাৰ ভৱানীপুৰ সত্ৰতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি উপলক্ষে কীৰ্তন মহোৎসৱ অনুষ্ঠিত হৈছে। কামৰূপ জিলাৰ বকোৰ চমৰীয়া সত্ৰ, শুৱালকুছিৰ শ্ৰী ঈশ্বৰ হাটীসত্ৰৰ লগতে প্ৰতিখন সত্ৰ নামঘৰত আধ্যাত্মিক ৰীতি-নীতিৰে তিৰোভাৱ তিথি পালন কৰা হৈছে। হাতী সত্ৰত সাদিনীয়াকৈ এই তিথি পালন কৰা হৈছে। এই উপলক্ষে ভকত আৰু আয়তীসকলে নাম-প্ৰসঙ্গ পৰিবেশন কৰিছে।

কোচবিহাৰৰ মধুপুৰ সত্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি পালন কৰা হয়। পুৱা সাত বজাত প্ৰসংগ প্ৰণালীৰে কাৰ্যসূচীৰ পাতনি মেলা হয়। ইয়াৰ পাছতে ভাগৱত পাঠ, আয়তীসকলৰ নাম আৰু আবেলি ৪ বজাত থিয় নাম প্ৰদৰ্শন কৰা হয়।

হোজাই জিলাতো আজি মহাপুৰুষজনাৰ তিৰোভাৱ তিথি ভক্তি সহকাৰে পালন কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৰুজনাৰ তিৰোভাব তিথি উপলক্ষে সশ্রদ্ধ প্ৰণিপাত জনাইছে।