August 25, 2025 8:05 PM

views 104

জগদগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭সংখ্যক তিৰোভাৱ তিথি ৰাজ্যৰ ভিন্ন প্ৰান্তত ধৰ্মীয় কাৰ্যসূচীৰে পালন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৭সংখ্যক তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে গুৰুজনাৰ প্রতি শ্রদ্ধা নিবেদন কৰি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা হৰিনামৰ পৱিত্ৰ ধ্বনিৰে মুখৰ হৈ উঠে। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত যোৱা ১৯ আগষ্টৰ পৰা আয়োজন কৰা গুৰুজনাৰ কীৰ্তন মহোৎসৱৰ আজি মূল সবাহ অনুষ্ঠিত হ'ব। তিৰোভাৱ তিথি উপলক্ষে বৰপেটাৰ বৃন্দাবন হাটীৰ ভকতবৃন্দই বিয়লি বৰপেটা সত্ৰত কৰভাৰ প্ৰদান কৰিব। এই উপলক্ষে ব...