ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 12, 2025 8:15 PM | Sri Bhumi

printer

সামগ্রিক প্রগতি মূল্যায়নকাৰী কাৰ্ড প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন পি এম শ্রী কেন্দ্ৰীয় বিদ্যালয়ৰ

শ্রীভূমি জিলাৰ পি এম শ্রী কেন্দ্ৰীয় বিদ্যালয়ে, বিদ্যালয়খনৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সামগ্রিক প্রগতি মূল্যায়নকাৰী কাৰ্ড প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰিছে। বিদ্যালয়খনৰ অধ্যক্ষ মহেন্দ্ৰ সিঙে তেওঁৰ দলটোৰ সহায়ত অভিলেখ সময়ত এই কাম সম্পন্ন কৰে। উল্লেখযোগ্য যে কেন্দ্রীয় মাধ্যমিক শিক্ষা বোর্ড অর্থাৎ চি ডি এছ ইয়ে বিগত বৰ্ষত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই কাৰ্ড প্ৰস্তুত কৰাৰ ব্যৱস্থা আৰম্ভ কৰিছিল। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি কেন্দ্ৰীয় বিদ্যালয় সংগঠনে তৃতীয়ৰ পৰা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ২০২৪-২৫ বিদ্যায়তনিক বৰ্ষত এই কাৰ্ড প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই কার্ড প্রস্তুত কৰাৰ বাবে এতিয়ালৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্হি প্ৰস্তুত নোহোৱা সত্বেও জিলাখনৰ পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়খনে নিজাববীয়াকৈ আৰ্হি প্ৰস্তুত কৰি ছাত্ৰ-ছাত্ৰীক এই কাৰ্ড প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ লগতে শাৰিৰীক আৰু মানসিক সুস্থতা, দক্ষতা বিকাশ তথা পাঠ্যক্রম বহির্ভুত কার্যসূচীসমূহত তেওঁলোকৰ অংশগ্রহণকে ধৰি সকলো দিশ সামৰি এই কাৰ্ডসমূহ যুগুত কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।