October 31, 2025 7:36 PM

views 31

শ্রীভূমিত কৃষ্ণেন্দু পালৰ সভাপতিত্বত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত

শ্রীভূমি জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত আজি মন্ত্রী কৃষ্ণেন্দু পালৰ সভাপতিত্বত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনত বর্তমান চলি থকা বিভিন্ন উন্নয়নমূলক কামৰ পৰ্যালোচনা কৰা হয়। লগতে পঞ্চায়তীৰাজ প্রতিষ্ঠানসমূহক শক্তিশালীকৰণ আৰু অধঃস্তৰৰ বিভিন্ন চৰকাৰী কল্যানমূলক পৰিযোজনাসমূহৰ অধীনত কাৰ্যকৰীকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত শ্রীভূমিৰ জিলা আয়ুক্ত প্রদীপ কুমাৰ দ্বিবেদী, শ্রীভূমি জিলা পৰিষদৰ উপ সভানেত্রী সাধিৰায় কুৰী, জিলা পৰিষদৰ সদস্য, শ্রীভূমি জিলাৰ বিভিন্ন ব্লকৰ বিডিঅ' আৰু বিভিন্ন ব...

April 12, 2025 1:28 PM

views 18

শ্রীভূমি জিলাৰ ৩০ শতাংশতকৈ কম নম্বৰ পোৱা ৪২খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি

শ্রীভূমি জিলাৰ বিদ্যালয় পৰিদৰ্শকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩০ শতাংশতকৈ কম নম্বৰ পোৱা ৪২খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪৭ দশমিক ৯-৬ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শ্ৰীভূমি জিলা তালিকাৰ শেষত আছে। বিদ্যালয় পৰিদৰ্শকে এই সমগ্র বিষয়টো অতি চিন্তাজনক বুলি উল্লেখ কৰি এই বিদ্যালয়সমূহত প্ৰদান কৰা শিক্ষাৰ গুণগত মান সন্দৰ্ভতো প্রশ্ন উত্থাপন কৰে।

February 12, 2025 8:15 PM

views 38

সামগ্রিক প্রগতি মূল্যায়নকাৰী কাৰ্ড প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন পি এম শ্রী কেন্দ্ৰীয় বিদ্যালয়ৰ

শ্রীভূমি জিলাৰ পি এম শ্রী কেন্দ্ৰীয় বিদ্যালয়ে, বিদ্যালয়খনৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সামগ্রিক প্রগতি মূল্যায়নকাৰী কাৰ্ড প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰিছে। বিদ্যালয়খনৰ অধ্যক্ষ মহেন্দ্ৰ সিঙে তেওঁৰ দলটোৰ সহায়ত অভিলেখ সময়ত এই কাম সম্পন্ন কৰে। উল্লেখযোগ্য যে কেন্দ্রীয় মাধ্যমিক শিক্ষা বোর্ড অর্থাৎ চি ডি এছ ইয়ে বিগত বৰ্ষত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই কাৰ্ড প্ৰস্তুত কৰাৰ ব্যৱস্থা আৰম্ভ কৰিছিল। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি কেন্দ্ৰীয় বিদ্যালয় ...