ডাউনলোড
মোবাইল এপ

android apple
signal

August 9, 2025 11:04 PM | SPORTS

printer

৫১ সংখ্যৰ জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্রীড়া প্রতিযোগিতাত ১০টা পদকেৰে অসমৰ সপ্তম স্থান

অসমে ৫১ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় জল ক্রীড়া প্রতিযোগিতাত ১০ টা পদকেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সপ্তম স্থান লাভ কৰিছে। এই প্রতিযোগিতাত অসমৰ তীৰ্থাংক পেগুৱে ল’ৰাৰ গ্ৰুপ ৱানৰ ২০০ মিটাৰ বাটাৰফ্লাইত আৰু প্ৰয়াস গগৈয়ে ল’ৰাৰ গ্ৰুপ টুৰ ৫০ মিটাৰ FREE STYLE শিতানত সোণৰ পদক লাভ কৰিছে। জ্ঞানদীপ বৰগোহাঁয়ে ল’ৰাৰ গ্ৰুপ টুৰ ১০০ আৰু ২০০ মিটাৰ BACK STROKE-ত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। একেদৰে প্ৰয়াস গগৈয়ে ল’ৰাৰ গ্ৰুপ টুৰ ১০০ মিটাৰ FREE STYLE ত ৰূপৰ আৰু একেই শিতানৰ ২০০ আৰু ৪০০ মিটাৰ FREE STYLE ত ব্ৰঞ্জৰ পদক লাভ কৰে। জ্ঞানদীপ, আহ্লাদ, সূৰ্য আৰু প্ৰয়াসে 4 x 100 মিটাৰ মেডলি ৰীলেত ৰূপৰ আৰু 4 x 100 মিটাৰ FREE STYLE ৰীলেত ব্ৰঞ্জৰ পদক হস্তগত কৰে ।

অধিক পঢ়ক

সকলো চাওক