ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দক্ষিণ-পশ্চিম মৌচুমী বায়ু আজি কেৰালাত প্ৰৱেশৰ সম্ভাৱনা

দক্ষিণ-পশ্চিম মৌচুমী বায়ুৱে আজি কেৰালাত খুন্দা মৰাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি এইবাৰ স্বাভাৱিক সময়, অর্থাৎ ১ জুনতকৈ দুদিন পূর্বেই মৌচুমী বায়ুৰ প্ৰৱেশ ঘটিব। বিভাগে জনোৱা অনুসৰি আজি মৌচুমী বায়ুৰ প্ৰভাৱ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ কিছু অংশতো পৰিব পাৰে । আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা-বতৰাত বিভাগৰ সঞ্চালক প্ৰধান মুত্যুঞ্জয় মহাপাত্রই কালি এই বিষয়ে জানিবলৈ দিয়ে। বিভাগে কেৰালা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু মাহেত শুকুৰবাৰৰ পৰা মঙলবাৰ পৰ্যন্ত প্ৰৱল বৃষ্টিপাতৰ আগজাননী প্রকাশ কৰিছে। জুনৰ প্ৰথম দুটা দিনত তামিলনাডু আৰু দক্ষিণ কৰ্ণাটকৰ কিছু অঞ্চলতো বৰষুণৰ আগলি বতৰা জাৰি কৰা হৈছে। বিভাগে এই সময়ছোৱাত বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু পশ্চিম বংগৰ অঞ্চলবিশেষতো বৰষুণৰ আগজাননী দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।