January 22, 2026 7:53 PM | sontosh trophy

printer

৭৯ সংখ্যক সন্তোষ টুফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত আজি পাঞ্জাৱৰ বিৰুদ্ধে কেৰালাৰ আৰু ওড়িশাৰ বিৰুদ্ধে মেঘালয়ৰ জয়লাভ

৭৯ সংখ্যক সন্তোষ ট্রফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত আজি চিলাপথাৰত অনুষ্ঠিত দুখন খেলৰ এখনত কেৰালা দলে পাঞ্জাৱক ৩-১ গ’লৰ ব্যৱধানত আৰু আনখনত মেঘালয়ে ওড়িশাক ১-০ গ’লত পৰাস্ত কৰে। পাঞ্জাৱ আৰু কেৰালাৰ মাজৰ খেলখনত কেৰালাই প্ৰথমার্ধৰ পৰাই আধিপত্য বিস্তাৰ কৰে আৰু যতীন্দৰ সিং ৰাণাই হেডেৰে দিয়া গ’লৰ সহায়ত ১ গ’লৰ অগ্রগতি লাভ কৰে। দ্বিতীয়ার্ধত যোৱা বাৰৰ ৰাণাৰ্ছ আপ কেৰালা দলে নিজৰ চন্দ ঘূৰাই পায় আৰু খেলৰ ৫৫ মিনিটত মনোজ এমৰ গ’লেৰে সমতা স্থাপন কৰে। পাছত মহম্মদ আজছলে ৫৮ আৰু ৬২ মিনিটত দুটা গ’ল দি কেৰালাৰ বিজয় নিশ্চিত কৰে। মেঘালয় আৰু ওড়িশাৰ মাজৰ খেলখনত বেবিচান্দে ২৩ মিনিটত দিয়া একমাত্র গ’লেৰে মেঘালয়ে ওড়িশাক পৰাভূত কৰি ৩ পইন্ট অর্জন কৰে।

ইপিনে, ঢকুৱাখনাত ৰেলৱে আৰু চাৰ্ভিছেছ দলৰ মাজত অনুষ্ঠিত প্রতিযোগিতাৰ খেলখন ১-১ গ’লত অমীমাংসিত হয়। প্রতিযোগিতাত কাইলৈ ঢকুৱাখনাত হ’বলগীয়া এখন খেলত ঘৰুৱা দল অসম নাগালেণ্ডৰ বিৰুদ্ধে অৱতীর্ণ হ’ব। খেলখন পুৱা ৯ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।