January 21, 2026 12:50 PM | sontosh trophy

printer

আজিৰে পৰা ৭৯ সংখ্যক সন্তোষ টুফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডৰ খেলসমূহ অনুষ্ঠিত

৭৯ সংখ্যক সন্তোষ টুফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডৰ খেলসমূহ আজিৰেপৰা অসমত অনুষ্ঠিত হৈছে। চিলাপথাৰত আজি প্রতিযোগিতাৰ আৰম্ভণি অনুষ্ঠান দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। এইবাৰ সপ্তমবাৰৰ বাবে চিলাপথাৰৰ ৰাজীব গান্ধী ক্রীড়া প্রকল্পত এই প্রতিযোগিতা অনুষ্ঠিত হৈছে। অসম ফুটবল সন্থাৰ আমন্ত্রণ মর্মে দেশৰ শীৰ্ষ পৰ্যায়ৰ ফুটবল প্রতিযোগিতাখনৰ ১৫ খন গুৰুত্বপূৰ্ণ খেল চিলাপথাৰ ৰাজীব গান্ধী ক্রীড়া প্রকল্পত অনুষ্ঠিত হব। দিনৰ ১ বজাত অসম আৰু তামিলনাডুৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হব। প্রতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ লগতে শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেণ্ড উপস্থিত থকাৰ কথা।

উল্লেখযোগ্য যে এই প্রতিযোগিতাত দেশৰ ১২টা দলে অংশগ্রহণ কৰিছে। ছটা ছটাকৈ দুটা গোটত ভাগ কৰা, পশ্চিমবংগ, অসম, নাগালেণ্ড, ৰাজস্থান, উত্তৰাখণ্ড আৰু তামিলনাডুক গ্রুপ-এত আৰু ৰেলৱেছ, ছার্ভিচেছ, কেৰালা, পঞ্জাব, মেঘালয় আৰু ওড়িশাক গ্রুপ-বিত ৰখা হৈছে। ফিফা প্লাছ মঞ্চৰ জৰিয়তে প্রতিযোগিতাৰ সকলো খেল পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হব। নকআউট পৰ্যায়ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা শীর্ষ চাৰিটা দল অহা ২ আৰু ৩ ফেব্ৰুৱাৰীত পৰস্পৰৰ বিৰুদ্ধে অবতীর্ণ হব। ৫ ফেব্ৰুৱাৰীত ছেমি ফাইনেল খেল দুখন আৰু ৮ ফেব্ৰুৱাৰীত ফাইনেল খেলখন অনুষ্ঠিত হব।