ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শোণিতপুৰ জিলাৰ চাহ বাগিছা এলেকাত পানীৰ পৰা উদ্ভৱ হোৱা কলেৰা, ডায়েৰীয়া, জণ্ডিজ আদি ৰোগ প্ৰতিৰোধ কৰাৰ বাবে বৈঠক

♦ শোণিতপুৰ জিলাৰ চাহ বাগিছা এলেকাত পানীৰ পৰা উদ্ভৱ হোৱা কলেৰা, ডায়েৰীয়া, জণ্ডিজ আদি ৰোগ প্ৰতিৰোধ কৰাৰ বাবে কালি এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ চাহ বাগিছাসমূহত এই ৰোগসমূহ প্ৰতিৰোধ কৰিবলৈ শ্ৰমিকসকলক বিশুদ্ধ খোৱাপানী ব্যৱহাৰৰ বাবে সজাগ কৰিবলৈ প্ৰচাৰ চলোৱাৰ সিদ্ধান্ত লোৱা হয়। জিলাখনৰ ৩৬ খন চাহ বাগিছাৰ চিকিৎসা বিষয়া আৰু শ্রমিক কল্যাণ বিষয়াই অংশ লোৱা এই বৈঠকত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে ৰোগসমূহ প্ৰতিৰোধ কৰাৰ উপায় সম্পর্কে আলোচনা কৰে। উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ এখন চাহ বাগিছাত কলেৰা সদৃশ ৰোগৰ প্ৰাদূৰ্ভাৱ হোৱা বুলি লাভ কৰা খবৰৰ ভিত্তিত জিলাখনত এই পদক্ষেপ লোৱা হৈছে।