ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 27, 2025 8:06 PM | sonaram sangma

printer

সোনাৰাম আৰ চাংমাৰ ১০৯ সংখ্যক স্মৃতি দিৱস গোৱালপাৰা জিলাৰ বাক্ৰাপুৰত পালন

গাৰোসকলৰ প্ৰথমগৰাকী ৰাজনৈতিক নেতা, স্বাধীনতা সংগ্ৰামী সোনাৰাম আৰ চাংমাৰ ১০৯ সংখ্যক স্মৃতি দিৱস আজি গোৱালপাৰা জিলাৰ বাক্ৰাপুৰত পালন কৰা হয়। সোনাৰাম আৰ চাংমা মেম’ৰিয়েল ট্ৰাষ্ট ছ’চাইটীৰ উদ্যোগত আৰু গাৰো ছাত্ৰ সন্থাৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত এই অনুষ্ঠানত বিধানসভাৰ উপাধ্যক্ষ ড০ নোমল মমিন আৰু ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। তেওঁলোকে স্বাধীনতা সংগ্ৰামীগৰাকীৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি অৰ্পণৰ লগতে তেওঁৰ কৃতি আৰু আদৰ্শৰ স্মৃতিচাৰণ কৰে। ডা০ পেগুৱে সোনাৰাম আৰ চাংমাৰ স্মৃতিত জনজাতি কল্যাণ বিভাগৰ পুঁজিৰে ১ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।