August 27, 2025 8:06 PM

views 14

সোনাৰাম আৰ চাংমাৰ ১০৯ সংখ্যক স্মৃতি দিৱস গোৱালপাৰা জিলাৰ বাক্ৰাপুৰত পালন

গাৰোসকলৰ প্ৰথমগৰাকী ৰাজনৈতিক নেতা, স্বাধীনতা সংগ্ৰামী সোনাৰাম আৰ চাংমাৰ ১০৯ সংখ্যক স্মৃতি দিৱস আজি গোৱালপাৰা জিলাৰ বাক্ৰাপুৰত পালন কৰা হয়। সোনাৰাম আৰ চাংমা মেম’ৰিয়েল ট্ৰাষ্ট ছ'চাইটীৰ উদ্যোগত আৰু গাৰো ছাত্ৰ সন্থাৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত এই অনুষ্ঠানত বিধানসভাৰ উপাধ্যক্ষ ড০ নোমল মমিন আৰু ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। তেওঁলোকে স্বাধীনতা সংগ্ৰামীগৰাকীৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি অৰ্পণৰ লগতে তেওঁৰ কৃতি আৰু আদৰ্শৰ স্মৃতিচাৰণ কৰে। ডা০ পেগুৱে সোনাৰাম আৰ চাংমা...