আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে সোণাপুৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিজেপিৰ চিন্তন বৈঠকত কালি বিজেপিৰ দল আৰু চৰকাৰে কিদৰে একত্ৰিত হৈ কাম কৰিব সেই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষে তৃণমূল পর্যায়ত দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব দি প্ৰতিজন যোগ্য লোকে যাতে চৰকাৰী সুবিধা লাভ কৰে সেই ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। দলৰ প্ৰতিজন নেতাকে এতিয়াৰে পৰা ২৪ ঘণ্টাই দলৰ কাম কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে দলৰ ক্ষতি নোহোৱাকৈ বিৰোধী সমালোচনা কৰিবলৈ পৰামৰ্শ দিয়ে। আনহাতে বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই অহা অক্টোবৰ মাহৰ পৰাই ৰাজ্যত নির্বাচনী বতাহ বলিব বুলি উল্লেখ কৰি কয়, যে চৰকাৰখনে গ্ৰহণ কৰা বহুতো আঁচনি অক্টোবৰৰ পৰা ৰূপায়ণ কৰা হ’ব। সেইদৰে অক্টোবৰত বৃহৎ নিযুক্তি সমাৰোহো অনুষ্ঠিত হ’ব। অৰুণোদয় আঁচনিয়ে নহয়, চাহ বাগিচাৰ শ্ৰমিকৰ পৰা আৰম্ভ কৰি সত্ৰৰ উদাসীন ভকতলৈকে সকলোকে চৰকাৰী ধন দিয়াৰ ব্যৱস্থা কৰা হৈছে। একেদৰে গাঁওপ্ৰধানৰ পৰা আৰম্ভ কৰি মধ্যাহ্ন ভোজনৰ মাননী বৃদ্ধি কৰা হৈছে। বৈঠকত মুখ্যমন্ত্ৰীৰ লগতে ড° হিমন্ত বিশ্ব শৰ্মা, হৰিশ দ্বিবেদী প্ৰমুখ্যে ভালেসংখ্যক শীর্ষ নেতা উপস্থিত থাকে। আজি এই বৈঠকৰ সামৰণি পৰিব।
Site Admin | July 20, 2025 1:05 PM | sonapur bjp meeting
সোণাপুৰত দুদিনীয়াকৈ অনুষ্ঠিত বিজেপিৰ চিন্তন বৈঠকত দল আৰু চৰকাৰে একত্ৰিত হৈ কাম কৰাৰ সন্দৰ্ভত আলোচনা