July 20, 2025 1:05 PM

views 12

সোণাপুৰত দুদিনীয়াকৈ অনুষ্ঠিত বিজেপিৰ চিন্তন বৈঠকত দল আৰু চৰকাৰে একত্ৰিত হৈ কাম কৰাৰ সন্দৰ্ভত আলোচনা

আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে সোণাপুৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিজেপিৰ চিন্তন বৈঠকত কালি বিজেপিৰ দল আৰু চৰকাৰে কিদৰে একত্ৰিত হৈ কাম কৰিব সেই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষে তৃণমূল পর্যায়ত দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব দি প্ৰতিজন যোগ্য লোকে যাতে চৰকাৰী সুবিধা লাভ কৰে সেই ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। দলৰ প্ৰতিজন নেতাকে এতিয়াৰে পৰা ২৪ ঘণ্টাই দলৰ কাম কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে দলৰ ক্ষতি নোহোৱাকৈ বিৰোধ...

July 19, 2025 10:10 PM

views 15

সোণাপুৰত দুদিনীয়া কাৰ্যসূচীৰে বিজেপিৰ চিন্তন বৈঠক

আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে সোণাপুৰত আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে বিজেপিৰ চিন্তন বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত ২০২৬ চনৰ নিৰ্বাচনত দলে কিদৰে আগবাঢ়িব সেই বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ দায়িত্বত থকা দলৰ নেতা হৰিশ দ্বিবেদী প্ৰমুখ্যে ভালেসংখ্যক শীর্ষ নেতা উপস্থিত থাকে।